Logo
image

১৪খন কেন্সাৰ হাস্পতালে অসমৰ ছবি সলাই দিব পাৰে

অৰ্থনৈতিক, নিয়োগ, মেডিকেল টুৰিজিমক লৈ প্ৰত্যাশা

আমাৰ অসম,৩০ এপ্ৰিলঃ টাটা ন্যাসৰ সহযোগত অসম চৰকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰা ৭ খন কেন্সাৰ হাস্পতাল আৰু আধাৰশিলা স্থাপন কৰা আন ৭ খন কেন্সাৰ হাস্পতালে অসমৰ আৰ্থ-সামাজিক আৰু স্বাস্থ্যখণ্ডৰ ছবি সম্পূৰ্ণৰূপে সলনি কৰি পেলাব৷  অহা কেইবছৰমানৰ ভিতৰত কেৱল ৰাজ্য বা দেশৰে নহয়,সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ কৰ্কট ৰোগ নিৰাময়ৰ ‘হাব’ বা মূল কেন্দ্ৰ হৈ পৰিব অসম৷ এতিয়া যিদৰে হাড়ৰ চিকিৎসাৰ বাবে পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতৰ ৰোগীয়ে পাটনালৈ ঢাপলি মেলে আৰু চকুৰ চিকিৎসাৰ বাবে নেপাললৈ ঢাপলি মেলে,ঠিক তেনেদৰে অহা কেইবছৰমানৰ ভিতৰত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে দেশ আৰু বিদেশৰ পৰা অসমলৈ আগমন ঘটিব বৃহৎসংখ্যক ৰোগীৰ৷ একেলগে টাটা ন্যাস আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত স্থাপন হ’বলগীয়া আৰু হোৱা এই ১৪ খন কেন্সাৰ হাস্পতালৰ উপৰি ২০২৪ চনৰ ভিতৰত অসমত মুঠতে ১৮ খন কেন্সাৰ হাস্পতাল সম্পূৰ্ণ হৈ উঠিব৷ তাৰে তিনিখন চলিত বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু গুৱাহাটীত সম্পূৰ্ণ দেশীয়ভাৱে নিৰ্মিত হ’ব আন এখন স্বয়ংসম্পূৰ্ণ কেন্সাৰ হাস্পতাল৷ এসময়ত অসমক দেশৰ কেন্সাৰ ৰোগৰ ৰাজধানী বুলি অভিহিত কৰা হৈছিল৷ সন্দেহ নাই,সেই অভিধা অসমৰ বাবে নিন্দাসূচক আৰু নেতিবাচক৷ পিছে টাটা ন্যাস আৰু অসম চৰকাৰৰ যৌথ উদ্যোগে সেই অভিশপ্ত বিশেষণক এতিয়া ১৪ খনকৈ কেন্সাৰ চিকিৎসালয় স্থাপনেৰে সম্পূৰ্ণৰূপে সলনি কৰি দিবলৈ আগবাঢ়িছে৷ এই কেন্সাৰ চিকিৎসালয়ৰ জৰিয়তে কেৱল স্বাস্থ্যখণ্ডতে নহয়,অৰ্থনৈতিক ক্ষেত্ৰ– বিশেষকৈ পৰিবহণ, যোগাযোগ,নিবনুৱাৰ সংস্থাপন,ব্যৱসায়িক ক্ষেত্ৰ সকলো দিশে অসম উপকৃত হ’ব৷ সেয়ে ২০২৪ চনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হ’বলগীয়া ১৮ খন কেন্সাৰ চিকিৎসালয় অসমৰ বাবে হৈ পৰিব অভিশাপৰ পৰা জন্ম হোৱা আশীৰ্বাদ৷ উল্লেখ্য,বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টাটা ন্যাসৰ এমিৰেটাছ সদস্য ৰতন টাটাৰ উপস্থিতিত ডিব্ৰুগড়ত মুঠতে সাতখন কেন্সাৰ হাস্পতাল উদ্বোধন কৰে আৰু আন সাতখন কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে৷ তেওঁ ডিব্ৰুগড়,বৰপেটা,তেজপুৰ,যোৰহাট, দৰং,কোকৰাঝাৰ আৰু লখিমপুৰত নিৰ্মাণ সম্পূৰ্ণ হোৱা সাতখন কেন্সাৰ হাস্পতাল উদ্বোধন কৰে৷ আনহাতে গোৱালপাৰা, শিৱসাগৰ,ধুবুৰী,নগাঁও,গোলাঘাট,তিনিচুকীয়া আৰু নলবাৰীত নিৰ্মাণ কৰিবলগীয়া আন সাতখন কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে৷ এটা সময় আছিল,যেতিয়া ছয়-সাত বছৰত এখন হাস্পতাল নিৰ্মাণ সম্পূৰ্ণ কৰাটো ডাঙৰ কৃতিত্বৰ বিষয় আছিল৷ কিন্তু এতিয়া পাঁচ বছৰৰ ভিতৰত ৰাজ্যত সাতখনকৈ কেন্সাৰ হাস্পতালৰ নিৰ্মাণ সম্পূৰ্ণ হ’ল আৰু বৃহস্পতিবাৰে উদ্বোধনৰ পাছত শুকুৰবাৰৰ পৰা আটাইকেইখন হাস্পতালত চিকিৎসা সেৱাও আৰম্ভ হ’ল৷ এই ১৪খন কেন্সাৰ হাস্পতাল নিৰ্মাণৰ বাবে ৪০০০ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে আৰু তাৰে সিংহভাগ ধন তথা চিকিৎসা আৰু কাৰিকৰী সাহায্য প্ৰদান কৰিছে টাটা ন্যাসে৷ এই হাস্পতালসমূহত কেমোথেৰাপি,ৰব’টিক ছাৰ্জাৰী,ব’ন মেৰু সংস্থাপন,এডভান্সড্‌ ইমেজিং, নিউক্লিয়াৰ মেডিচিন আৰু ষ্টেম চেল গৱেষণা সম্পন্ন হ’ব৷ ২০১৬ চনত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টাটা ন্যাসৰ সৈতে কেইবালানিও আলোচনাৰ অন্তত অসমত ১৪ খনকৈ কেন্সাৰ হাস্পতাল স্থাপনৰ বাবে টাটা ন্যাসৰ পৰা সন্মতি আদায় কৰিছিল৷ তাৰ বাবে অসমত ২০১৭ চনত গঠন কৰা হৈছিল অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন৷ এতিয়া এই দুই ন্যাসৰ জৰিয়তে সম্ভৱ হৈছে ১৪ খন কেন্সাৰ হাস্পতাল৷

অসমত বছৰি ৫০,০০০ জন কেন্সাৰ ৰোগী ধৰা পৰে৷ ইয়াৰে বহুসংখ্যক ৰোগীয়ে চিকিৎসাৰ বাবে ঢাপলি মেলে ভেলোৰ, মুম্বাই,দিল্লী,হায়দৰাবাদ আদি চহৰলৈ৷ আৰ্থিকভাৱে যি সবল নহয়,তেওঁলোকৰ অনেকেই বিনা চিকিৎসাই মৃত্যুক সাৱটি লয়৷ একাংশই গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট আৰু গুৱাহাটীৰ উত্তৰ-পূব কেন্সাৰ প্ৰতিষ্ঠানত চিকিৎসা গ্ৰহণ কৰে৷  এতিয়াৰ পৰা অসমৰ ৰোগীয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ ঢাপলি মেলিব নালাগে৷ কিয়নো অসমত স্থাপন হোৱা এই কেন্সাৰ চিকিৎসালয় কেইখনৰ চিকিৎসা সেৱা প্ৰায় সকলো ৰোগীৰ বাবে বহনক্ষম হ’ব৷ তদুপৰি মুম্বাইৰ টাটা কেন্সাৰ ইনষ্টিটিউটৰ দৰে অত্যাধুনিক হ’ব আৰু বিশেষজ্ঞ চিকিৎসক তথা কাৰিকৰী দিশৰ বিশেষজ্ঞও থাকিব৷ সেয়ে অসমৰ এই কেন্সাৰ হাস্পতাল কেইখন উন্নত মানৰ চিকিৎসা কেন্দ্ৰ হৈ উঠিব বুলি আশা কৰা হৈছে৷ 

১৪ খন কেন্সাৰ হাস্পতালে সন্দেহাতীতভাৱে সলনি কৰি দিব অসমৰ স্বাস্থ্যখণ্ডৰ ৰূপৰেখা৷ একেলগে এই হাস্পতাল কেইখনৰ জৰিয়তে অসমৰ আৰ্থিক অৱস্থাৰো উন্নতি ঘটিব৷ কিয়নো দেশৰ আৰু বিদেশৰ বিভিন্ন স্থানৰ পৰা কেন্সাৰ ৰোগীৰ অসমলৈ আগমন ঘটিব৷ তেওঁলোকে অসমৰ এই হাস্পতালত বিনিয়োগ কৰিব ধন৷ সেৱাৰ লগতে অসমে ৰোগীৰ পৰা লাভ কৰা ধন ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰত এক বিনিয়োগ হ’ব৷ সামগ্ৰিকভাৱে এনে ব্যৱস্থাক ‘মেডিকেল ট্যুৰিজম’ আখ্যা দিব পাৰি৷ কম ব্যয়ত চিকিৎসা হোৱা বহু স্থানলৈ  ৰোগীৰ আগমন ঘটে৷ চিকিৎসা সেৱাও ভাল আৰু সেয়া বহনক্ষম– তেনে স্থানলৈ ৰোগীৰ আগমন ঘটা কাৰ্যক মেডিকেল ট্যুৰিজম বুলি কোৱা হয়৷ অসমৰ এই ১৪ খন আৰু সামগ্ৰিকভাৱে ১৮ খন কেন্সাৰ হাস্পতালে অসমত নিশ্চিতভাৱে মেডিকেল ট্যুৰিজমৰ পৰিৱেশ ৰচনা কৰিব৷ ইয়াৰ ফলত ৰাজ্যখন পৰিবহণৰ দিশত,যোগাযোগৰ দিশত লাভান্বিত হ’ব৷ হাস্পতাল কেইখনক কেন্দ্ৰ কৰি গঢ়ি উঠিব বিভিন্ন ধৰণৰ ব্যৱসায়৷ গেষ্ট হাউছ,ল’জ ইত্যাদি চৌপাশে নিৰ্মিত হ’ব আৰু তাৰ পৰা আয় কৰিব সেই ব্যৱসায়ৰ সৈতে জড়িত লোকে৷ তদুপৰি এই ১৮ খন কেন্সাৰ হাস্পতালত অসংখ্য লোকে নিযুক্তি পাব৷ চিকিৎসকৰ উপৰি কাৰিকৰী বিশেষজ্ঞ,নাৰ্ছ,স্বাস্থ্যকৰ্মী,তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বৃহৎ সংখ্যাত নিযুক্তি দিয়া হ’ব এই কেন্সাৰ হাস্পতালসমূহত৷ যদিহে আশা কৰাৰ দৰে দক্ষিণ-পূব এছিয়াৰ অধিকাংশ দেশৰ পৰা অসমলৈ কৰ্কট ৰোগীৰ আগমন ঘটে তেন্তে  অসমে বিদেশী মুদ্ৰাও বৃহৎ হাৰত সংগ্ৰহ কৰিবলৈ সমৰ্থ হ’ব৷ ইপিনে বছৰ বছৰ ধৰি অসমৰ ৰোগীয়ে বাহিৰত কৰা ব্যয় এতিয়া অসমতে থাকি যাব৷ ৰাজ্যৰ অৰ্থনীতত সিও হ’ব এক উল্লেখযোগ্য অৱদান৷ সেয়ে টাটা ন্যাসৰ উপৰি অসম চৰকাৰ আৰু ৰাজ্যবাসীয়ে ধাৰণা কৰিছে এই ১৪ খন আৰু সামগ্ৰিকভাৱে ১৮ খন কেন্সাৰ হাস্পতালে কেইবছৰমানৰ ভিতৰতে সলনি কৰি পেলাব অসমৰ স্বাস্থ্যখণ্ড আৰু আৰ্থ-সামাজিক ৰূপ৷ অৱধাৰিতভাৱে সেয়া হ’ব সেৱাৰ লগতে অৰ্থনীতিৰ উত্থান৷