Logo
image

ঔষধৰ পৰা খোৱাতেললৈ... বাধাহীনভাৱে বাঢ়িছে দাম

পাচলিৰ বজাৰতো অবিশ্বাস্য মূল্যবৃদ্ধি

আমাৰ অসম,৩০ এপ্ৰিলঃ পেট্ৰ’ল-ডিজেল ৰন্ধন-গেছৰ কথা বাদেই,ঔষধৰ পৰা খোৱাতেললৈ,চাউল-দালি-বিস্কুটৰ পেকেটটোৰ পৰা জুইশালা বাকচটোলৈকে –প্ৰতিবিধি সামগ্ৰী,শাক পাচলিৰ বাধাহীনভাৱে দাম বাঢ়িছে৷ দুখীয়া,মধ্যবিত্ত, পেটে-ভাতে খাই থকা সকলো মানুহেই এতিয়া জুৰুলা হৈছে মূল্যবৃদ্ধিৰ জুইত৷ এক প্ৰকাৰে উন্নয়নৰ স্বপ্ন,শ্লোগান দিয়া চৰকাৰে হোৰাহোৰে দাম বৃদ্ধিৰে সৰ্বসাধাৰণক সোধাইছে মাধমাৰ৷ ইটোৰ পাছত সিটো নিৰ্বাচনত জয়লাভ কৰাৰ পাছত যেন এতিয়া শাসকীয় পক্ষৰ বাবে মূল্যবৃদ্ধি লাইচেন্স সদৃশ হৈ পৰিছে৷ পুনৰ মহঙা হ’ল মিঠাতেল,ৰিফাইন অইলকে ধৰি খোৱা তেলৰ দাম৷ ইণ্ডোনেচিয়াই ভাৰতলৈ পাম তেলৰ আমদানি বন্ধ কৰি দিয়াৰ অজুহাততে হোৰাহোৰে বৃদ্ধি পাইছে খোৱা তেলৰ দাম৷ এতিয়া কেৰাহীত মিঠাতেল দিওতে আপুনি এশবাৰ ভাবিব লাগিব৷ কাৰণ পূৰ্বৰ প্ৰতি লিটাৰ ধাৰা মিঠাতেলৰ দাম পুনৰ বাঢ়িল৷ ২০০ টকাৰ ধাৰা মিঠাতেল ২৩০ টকীয়া হ’লগৈ৷ প্ৰতি লিটাৰ ইঞ্জিন মিঠাতেলৰ দাম ২১৭ টকা পৰা ২৩৬ টকালৈ  বাঢ়িল৷ প্ৰতি লিটাৰ অনুপম মিঠাতেলৰ দাম ১৮৫ টকাৰ ১৯১টকালৈ বাঢ়িল৷ প্ৰতি লিটাৰ গকুল মিঠাতেলৰ দাম ১৭৫ টকাৰ ১৮৫ টকালৈ বাঢ়িল৷ পূৰ্বৰ ১৬০ টকাৰ খাটি সৰিয়হৰ দাম ২১০ টকালৈ বৃদ্ধি পালে৷ প্ৰতিলিটাৰ ৰিফাইন তেলৰ দাম ১৬০ টকাৰ পৰা ১৯০ টকালৈ বাঢ়িল৷ পূৰ্বৰ ৮৫ টকাৰ ৰচি গল্ড তেলৰ দাম একেকোবে ১৬৫ টকা হ’লগৈ৷ চানফ্লাৱাৰ তেলৰ দাম ১৮৫ টকাৰ পৰা পুনৰ ১৯৫ টকালৈ বৃদ্ধি পালে৷ কেৱল মিঠাতেল,খোৱাতেলেই নহয় প্ৰতি পেকেট বিস্কুটৰ দাম ৫-১০টকালৈ বৃদ্ধি পালে৷ প্ৰতি টুকুৰা গা-ধোৱা চাবোনৰ দাম ৫-৮টকালৈ বৃদ্ধি পালে৷ ৩০ টকীয়া ডেটল চাবোন টুকুৰাৰ দাম ৩৮ টকা হ’ল৷ ৩৫ টকাৰ থিনাৰ বিস্কুটৰ দাম ৪০ টকা হ’ল৷ ৩০ টকা মেৰী গল্ড বিস্কুটৰ দাম ৩৫ টকা হ’ল ৷ প্ৰতি কেজি চাৰ্ফৰ দামত ২-৫ টকা, ফেচৱাশ্বৰ দাম  ১০-১৫ টকালৈ বৃদ্ধি পালে৷ ভূজিয়া,চিপছ তথা শিশুৰ খাদ্যসামগ্ৰীৰো দাম বাঢ়িলে৷ একেদৰে প্ৰতি পেকেট টাটা নিমখৰ দাম ২৮ টকালৈ বৃদ্ধি পালে৷ প্ৰতি কেজি মচুৰ দাইলৰ দাম ৮০ টকাৰ পৰা ১০০ টকালৈ বৃদ্ধি পালে৷ প্ৰতি কেজি কেআৰটি চাউলৰ দাম ৩৬ টকাৰ পৰা ৪০ টকালৈ বৃদ্ধি পালে৷ পূৰ্বৰ ৪৫ টকীয়া আশীৰ্বাদ আটাৰ পেকেটৰ দাম এতিয়া ৮০ টকা হ’ল৷ ফলমূল, ৰোৱাবজা, ড্ৰাই ফ্ৰুটৰ দামো বৃদ্ধি পাইছে৷ পৱিত্ৰ ঈদৰ প্ৰাক্‌ক্ষণত এনেদৰে গেলামালৰ সামগ্ৰীৰ লগতে সকলো সামগ্ৰীৰ দাম বৃদ্ধি পোৱাত ৰাইজে এতিয়া উৎসৱৰ আনন্দৰ মাজতো মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ পূৰ্বৰ ২৮০ টকীয়া স্কুটাৰৰ ইঞ্জিন অইলৰ দাম কেতিয়াবাই ৩৫০ টকীয়া হ’ল৷ সমান্তৰালভাৱে বৃদ্ধি পালে টায়াৰ-টিউব মটৰ পাৰ্টছৰ দাম৷ ২ টকীয়া জিৰা গুৰিৰ পেকেটৰ দাম ৫ টকা হ’ল৷ প্ৰতিটো জুইশলা বাকচৰ দাম একৰ পৰা ডেৰ টকা বৃদ্ধি পালে৷ সমান্তৰালভাৱে আকাশলংঘী হৈ পৰিছে ঔষধৰ দাম৷ ডায়েবেটিছ ৰোগীৰ গ্লাইক’মেট ৫০০ টেবলটেৰ দাম ৫৬ টকাৰ ৮৬ টকালৈ বৃদ্ধি পালে,৫৪ টকীয়া গেছৰ টেবলেটৰ দাম ৬৪ টকালৈ বৃদ্ধি পালে৷ প্ৰায় ৮০ শতাংশ ঔষধৰ দামেই ১৮ শতাংশ বৃদ্ধি পালে৷ ফাৰ্মাচীত ঔষধ কিনিবলৈ আহি এতিয়া দুখীয়া,দিন হাজিৰা কৰা লোকে খালী হাতে উভটি যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ চাউলৰ দাম কুইণ্টলত ১০০-১৫০ টকা,দাইলত ২০০-৩০০ টকা বৃদ্ধি পাইছে৷ মেগী,কাগজ-কলম, মাছ-মাংসৰ পৰা কণীলৈ,পানীৰ পৰা পানীয়লৈ অভাৱনীয় মূল্যবৃদ্ধি হৈছে৷ পাচলি আৰু নিৰ্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যই বজাৰৰ উত্তাপ বৃদ্ধি কৰিছে৷ শতকৰ ঘৰত এতিয়া প্ৰায়বোৰ শাক-পাচলিৰ মূল্য৷ গুৱাহাটীৰ পাচলি বজাৰত ভাতকেৰেলা প্ৰতি কিলো ৮০ টকা,জিকা প্ৰতি কিলো ৮০-৮৫ টকা,বেঙেনা প্ৰতি কিলো ৮৫ টকা,পটল প্ৰতি কিলো ৮০ টকা,স্কোৱাচ প্ৰতি কিলো ৮০ টকা,ভেন্দি প্ৰতি কিলো ৭৫-৮০ টকা,লেচেৰা প্ৰতি কিলো ৮০ টকা,তিতাকেৰেলা প্ৰতি কিলো ৮০ টকা,এটা কোমোৰাত ৫০ টকা,এটা জাতিলাউত ৫০ টকা,নহৰু প্ৰতি কিলো ২০০ টকা,জলকীয়া প্ৰতি কিলো ২০০ টকা মূল্যত বিক্ৰী কৰা হৈছে৷ অৱশ্যে বজাৰভেদে পাচলিৰ মূল্যৰ তাৰতম্য আছে৷ পাচলিৰ সমান্তৰালকৈ ফল-মূলৰ বজাৰটো জুই লাগিছে৷ মহানগৰীৰ ফলৰ বজাৰত আপেল প্ৰতি কিলো ১২০১ পৰা ১৮০ টকা,আঙুৰ প্ৰতি কিলো ১৫০১ পৰা ১৬০ টকা,মালভোগ কল প্ৰতি ডজনত ৭০ৰ পৰা ৮০ টকা মূল্যত বিক্ৰী কৰা হৈছে৷ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ১৪৩বিধ সামগ্ৰীৰ জিএছটি বৃদ্ধি কৰাৰ বাবে আগবাঢ়িছে৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এনে পদক্ষেপৰ ফলত ইতিমধ্যে দেশৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকে দুবেলা দুমুঠি খাবলৈও চিন্তা কৰিবলগীয়া হৈছে৷ ৰাজ্যত বিভিন্ন স্থানত মূল্যবৃদ্ধিৰ বিৰুদ্ধে হৈছে বিভিন্নধৰণৰ প্ৰতিবাদ৷ ক’ৰবাত যদি বিক্ষোভ প্ৰদৰ্শন কৰা হৈছে,আন ক’ৰবাত উলিওৱা হৈছে প্ৰতিবাদী সমদল৷ তথাপি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কোনো গুৰুত্ব নাই৷ উল্লেখ্য,মে’মাহত হ’বলগীয়া জিএছটি কাউন্সিলৰ বৈঠকত মুঠ ১৪৩বিধ সামগ্ৰীৰ কৰ বৃদ্ধি কৰা হ’ব৷ অৰ্থাৎ সেই ১৪৩বিধ সামগ্ৰীৰ মূল্য এতিয়াৰ তুলনাত বাঢ়ি যাব৷ দেশৰ জনসাধাৰণৰ বাবে এয়া এক ভয়ানক ঘটনা হিচাপেই বিবেচিত হৈছে৷ ১৪৩বিধ সামগ্ৰীৰ ভিতৰত ৯২ শতাংশ সামগ্ৰী পূৰ্বৰ জিএছটি বন্ধনী ১৮ শতাংশ পৰা ২৮ শতাংশৰ বন্ধনীলৈ সলনি অৰ্থাৎ বৃদ্ধি কৰা হ’ব৷ আনহাতে পাপৰ আৰু গুড়ৰ ইমানদিনে জিএছটি পাঁচ শতাংশ আছিল আৰু সেই দুয়োবিধ সামগ্ৰীৰ এইবাৰ জিএছটি ১২ শতাংশ কৰা হ’ব৷ কাষ্টাৰ্ড পাউদাৰৰ জিএছটি ৫ শতাংশৰ পৰা একেকোবে ১২ শতাংশ কৰা হ’ব আৰু ৰন্ধনশালত ব্যৱহৃত সামগ্ৰীৰ জিএছটি ১২ শতাংশৰ পৰা ১৮ শতাংশ কৰা হ’ব৷ নতুনকৈ জিএছটি বৃদ্ধি কৰিবলগীয়া ১৪৩ বিধ সামগ্ৰীৰ ভিতৰত আছে– ঘড়ী,ছুটকেচ,হেণ্ডবেগ,পাৰফিউম,ডিঅ’ডৰেণ্ট, পাৱাৰ বেংক,কালাৰ টিভি,চকলেট,চিৰামিক ছিংক,ৱালনাট,চশমাৰ ফ্ৰেম,গগল্‌ছ,এলক’হলবিহীন পানীয়,কাপোৰ, চামৰা ইত্যাদি৷