Logo
image

ফ্লেটৰ প্ৰতি বৰ্গফুটত ৬০০ টকা বৃদ্ধি

আমাৰ অসম,২৯ এপ্ৰিলঃ  খাদ্য সামগ্ৰী,ঔষধৰ দৰেই ভয়াৱহ হাৰত বৃদ্ধি পাইছে ফ্লেটৰ প্ৰতি বৰ্গফুটৰ দাম৷ গুৱাহাটীকে ধৰি ৰাজ্যৰ প্ৰধান চহৰসমূহত ফ্লেটৰ প্ৰতি বৰ্গফুটৰ দাম প্ৰায় ৬০০ টকা বৃদ্ধি কৰিছে ফ্লেট নিৰ্মাতাসকলে৷ আজিৰ তাৰিখত গুৱাহাটীৰ দিছপুৰ,হাতীগাঁও,উলুবাৰী আদি অঞ্চলত সাধাৰণ ফ্লেটৰ প্ৰতি বৰ্গফুটৰ মূল্য ৫০০০ টকা পৰ্যন্ত হৈছেগৈ৷ জানিব পৰা মতে মে’ মাহৰ পৰা গুৱাহাটীৰ প্ৰতি বৰ্গফুটৰ ফ্লেটৰ চৰকাৰী পঞ্জীয়ন মূল্যই ৩৫০০ টকা হ’বগৈ৷ বৰ্তমান এই মূল্য ১১৫০ টকা নিৰ্ধাৰিত হৈ আছে৷ ফ্লেটৰ প্ৰতি বৰ্গফুটৰ চৰকাৰী পঞ্জীয়ন মূল্য ৩৫০০ টকালৈ বৃদ্ধি পালে যে গুৱাহাটীত ফ্লেটৰ দামত যে জুই লাগিব এয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে৷ লক্ষণীয় যে ফ্লেটৰ পঞ্জীয়নৰ ক্ষেত্ৰত থকা জিলা প্ৰশাসনৰ এনঅ’চি ব্যৱস্থা ইতিমধ্যে উঠাই দিছে ৰাজ্য চৰকাৰে৷ ইয়াৰ ফলত চৰকাৰী ফাইলৰ মেৰপেছৰ পৰা ৰাইজে সকাহ পাইছে যদিও চৰকাৰী পঞ্জীয়ন মূল্য সঠিকভাৱে নিৰ্ধাৰণ নোহোৱা,বিসংগতিপূৰ্ণ দাগ-পট্টাৰে ফ্লেটৰ ক্ৰয়-বিক্ৰয় হোৱা,ফ্লেটৰ প্ৰথম আৰু দ্বিতীয় মহলাৰ মূল্য পৃথক নোহোৱাকৈয়ে ফ্লেট বিক্ৰী হোৱা,জিএমডিএৰ অনুমতিপত্ৰ গ্ৰাহকে নেদেখাকৈয়ে ফ্লেট ক্ৰয় কৰিবলগীয়া হোৱা আদি পাশ্বৰ্ক্ৰিয়াইয়ো দেখা দিছে৷ ভৱিষ্যতৰ দিনত নিশ্চয় ইয়াৰ দুৰ্ভোগ ভুগিব লাগিব ফ্লেটৰ গ্ৰাহকে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নিৰ্মাণ সামগ্ৰীৰো দাম বৰ্তমানো ঊধবৰ্মুখী হৈয়ে আছে৷ আজিৰ তাৰিখত প্ৰতি কুইণ্টল ৰডৰ দাম ৭৯০০ টকা, প্ৰতি বেগ ডালমিয়া চিমেণ্টৰ দাম ৪৫৫ টকা,প্ৰতি বেগ সূৰ্য গল্ড চিমেণ্টৰ দাম ৪২০ টকা,প্ৰতিবেগ অমৃত চিমেণ্টৰ দাম ৪২০টকা হৈছেগৈ৷ নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত গুৱাহাটীত প্ৰতি বৰ্গফুটৰ ফ্লেটৰ দাম ৬০০ টকা বৃদ্ধি পাব বুলি ইতিমধ্যে এৰিডাৰ তৰফৰ পৰা ঘোষণা কৰিছে৷