Logo
image

নতুন হাস্পতালত ভিৰ কৰিলেহি ৰোগীয়ে

আমাৰ অসম,৩০ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা ৰাজ্যৰ সাতোখন নৱনিৰ্মিত কৰ্কট চিকিৎসালয়তে আজিৰে পৰা বহিঃ সেৱা বিভাগ মুকলি হৈছে৷ ডিব্ৰুগড়,বৰপেটা,যোৰহাট,লখিমপুৰ, দৰং,তেজপুৰ আৰু কোকৰাঝাৰৰ কৰ্কট কেন্দ্ৰত শুক্ৰবাৰৰ পুৱা ৯ বজাৰে পৰাই কৰ্কট ৰোগাক্ৰান্তই চিকিৎসা সেৱাৰ বাবে শাৰী পতা দেখা যায়৷ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত গঠিত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন [এচিচিএফ]ৰ দ্বাৰা পৰিচালিত চিকিৎসালয়খনত প্ৰাৰম্ভিক ভাৱে আজিৰ পৰাই কৰ্কট ৰোগীৰ বাবে সদ্যহতে নিয়মীয়া চেক আপ, কেম’থেৰাপী,মেম’গ্ৰাফী,লক্ষণযুক্ত নতুন কৰ্কট ৰোগীৰ ৰোগ চিনাক্তকৰণৰ বাবে পৰীক্ষাৰ সুবিধা উপলব্ধ হৈছে৷ প্ৰতিটো কেন্দ্ৰতে পুৱাই সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ উপস্থিতিত চিকিৎসালয়ৰ বহিঃ বিভাগৰ সেৱাৰ বাবে কৰ্কট ৰোগীৰ নাম পঞ্জীয়ন, নিয়মীয়া চেক আপ,কেম’থেৰাপী আদি আৰম্ভ  হয়৷ গুৱাহাটী বা ৰাজ্যৰ বাহিৰলৈ যাব লগা নোহোৱাকৈ নিজ জিলাতে অত্যাধুনিক,বিশ্বমানৰ চিকিৎসা যন্ত্ৰৰ লগতে কৰ্কট ৰোগ চিকিৎসাৰ সুপ্ৰশিক্ষণপ্ৰাপ্ত তথা অভিজ্ঞ চিকিৎসক, নাৰ্ছৰ পৰা এই সেৱা লাভ কৰিবলৈ পাই প্ৰথম দিনাই চিকিৎসালয় কেইখনলৈ আগমন ঘটা ৰোগীৰ উপৰি সহায়কসকলেও উপায়ুক্ত তথা চিকিৎসালয় কতৃৰ্পক্ষৰ ওচৰত সন্তুষ্টি প্ৰকাশ কৰিছে৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই পুৱাৰে পৰা প্ৰতিখন চিকিৎসালয়ৰ অধীক্ষক আৰু জিলা উপায়ুক্ত কেইজনৰ পৰা কৰ্কট কেন্দ্ৰৰ বহিঃ বিভাগৰ সেৱা আৰম্ভণিৰ বিষয়ে সঘনাই খবৰ লোৱাৰ লগতে এইবিষয়ক অন্যান্য যাৱতীয় দিশসমূহত নজৰ ৰাখে৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৰ্কট ৰোগ বিধৰ লগতে ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা ৰক্ষাৰ পোষকতা কৰি কৰ্কট ৰোগৰ কোনো লক্ষণৰ সন্দেহ হ’লেই তৎক্ষণাত ওচৰৰ কৰ্কট কেন্দ্ৰলৈ গৈ সহজতে পৰীক্ষা কৰাই ল’বলৈ সকলোকে আহ্বান জনাইছে৷ স্বাস্থ্যমন্ত্ৰী মহন্তই কয়,‘কৰ্কট ৰোগ প্ৰাৰম্ভিক অৱস্থাতে চিনাক্ত কৰিব পাৰিলেই আমি এই ৰোগক পৰাভূত কৰিব পাৰো৷ পৰিসংখ্যাৰ পৰা দেখা যায় যে কৰ্কট ৰোগত আক্ৰান্ত লোকসকলৰ ভিতৰৰ ৭০ শতাংশৰ ক্ষেত্ৰতে ৰোগবিধ শেষ পৰ্যায়তহে চিনাক্ত হোৱাৰ বিপৰীতে ৩০ শতাংশ মানৰহে প্ৰাৰম্ভিক অৱস্থাতে কৰোৱা পৰীক্ষাত ধৰা পৰে৷ দেৰিকৈ ৰোগ ধৰা পৰা সকলৰ তেতিয়ালৈ আৰোগ্যৰ সম্ভাৱনা বহুখিনি হ্ৰাস পায়৷ ৰাইজৰ মাজত এই ৰোগৰ বিষয়ে সজাগতা থাকিলে সামান্য লক্ষণ সন্দেহ হ’লে পৰীক্ষাৰে ৰোগ চিনাক্ত কৰি প্ৰাৰম্ভিক স্তৰতে চিকিৎসা সম্ভৱ হয় আৰু তেতিয়া ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়৷ সেয়ে ৰাইজে সন্দেহ হ’লেই নিজ জিলাৰ কৰ্কট কেন্দ্ৰলৈ গৈ পৰীক্ষা কৰাই ল’বলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছো৷

বহু প্ৰতীক্ষিত যোৰহাট কেন্সাৰ হাস্পতালত আজিৰে পৰা অ’পিডি সেৱা আৰম্ভ হৈছে৷ চিকিৎসালয়খনৰ অধীক্ষক ডাঃ বিপুল ভূঞাৰ পৰা জানিব পৰা মতে আজি হাস্পতালখনত মুঠ ১৩জন ৰোগীয়ে নিজৰ নাম পঞ্জীন কৰায়৷ অধীক্ষকজনে কয় যে চিকিৎসালয়খনত ৰোগী ভৰ্তি কৰা নহয়৷ মাত্ৰ কেম’থেৰাপী,ৰেডিঅ’থেৰাপীৰ লগতে ৰোগ নিৰ্ধাৰণৰ প্ৰাথমিক কাম-কাজ কৰা হ’ব৷ জটিল ক্ষেত্ৰত গুৱাহাটী বা ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হ’ব৷ বৰ্তমান চিকিৎসালয়খনত ৪৩খন বিছনা ৰখা হৈছে আৰু এইবিলাক ডে’কেয়াৰ ছাৰ্ভিছতহে ব্যৱহাৰ হ’ব৷ চিকিৎসালয়খনত এজন কেন্সাৰ বিশেষজ্ঞৰ সৈতে ৩জন চিকিৎসক, ১৬গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত টেকনিচিয়ান থকাৰ লগতে স্থানীয় আন ৬গৰাকী যুৱতীক প্ৰশিক্ষণ দি অনাৰ ব্যৱস্থা কৰা হৈছে৷

বৃহস্পতিবাৰে ডিব্ৰুগড় কৰ্কট চিকিৎসা কেন্দ্ৰ মুকলিৰ পাছতে শুকুৰবাৰে কেন্দ্ৰটোত ৰোগীৰ চিকিৎসা আৰম্ভ হয়৷ কেন্দ্ৰটোৰ তত্ত্বৱধায়ক ডাঃ নৱজ্যোতি চৌধুৰীয়ে জানিবলৈ দিয়া মতে,আজি প্ৰথম দিনাই বহিৰ্বিভাগত ৫০জন ৰোগীয়ে চিকিৎসাৰ বাবে পঞ্জীয়ন কৰিছে৷ এইসকল ৰোগীৰ প্ৰাৰম্ভিক চিকিৎসাও আৰম্ভ কৰিছে চিকিৎসকসকলে৷ কেমোথেৰাপী, লেবৰেটৰী, পেলিয়েটিভ,হেড ইন মেক সেৱা আৰম্ভ হৈছে ডিব্ৰুগড় কেন্সাৰ চিকিৎসা কেন্দ্ৰত৷ আনহাতে,কেন্দ্ৰটোত লেভেল-২ত থাকিবলগীয়া সকলোধৰণৰ চিকিৎসা সেৱাৰ ব্যৱস্থা থাকিব বুলি প্ৰকাশ কৰিছে ডাঃ চৌধুৰীয়ে৷ উন্নত মানৰ চিকিৎসা ব্যৱস্থা থাকিব ডিব্ৰুগড় কৰ্কট চিকিৎসা কেন্দ্ৰত৷

কোক্‌ৰাঝাৰ চহৰৰ সমীপৱৰ্তী বেছৰগাঁৱৰ কৰ্কট চিকিৎসা প্ৰতিষ্ঠানটোত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে চিকিৎসা সেৱা৷ প্ৰথম দিনাই কোকৰাঝাৰ কৰ্কট কেন্দ্ৰত চাৰিজন ৰোগী চিকিৎসাৰ বাবে চিকিৎসাধীন হৈছে৷ আজি বিটিআৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক কৃষ্ণা কেম্প্ৰেই সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰি কৰি কয় যে যদিও এই প্ৰতিষ্ঠানটো এটা কেয়াৰ চেণ্টাৰ ইয়াত ৰাইজে আন চিকিৎসা মহাবিদ্যালয়ৰ দৰে সা-সুবিধা পাব৷ তেওঁ ৰোগীয়ে প্ৰথমতে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ১০ টকা আদায় দিব লাগিব৷ তদুপৰি,ঔষধ বা চিকিৎসাৰ ক্ষেত্ৰত অটল অমৃত অভিযান কাৰ্ড আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা কাৰ্ড থাকিলে বিনামূলীয়া চিকিৎসা নতুবা ৰেহাই লাভ কৰিব৷

বৰপেটা কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰত শুকুৰবাৰৰ পৰা ৰোগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ আজি পুৱা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আনুষ্ঠানিকভাৱে চিকিৎসালয়খনৰ বৰ্হি চিকিৎসা কোষসমূহ মুকলি কৰে৷ উপস্থিত সাংবাদিকৰ আগত তেওঁ কয় যে চিকিৎসালয়খনত কেমোথেৰাপী,চিটী স্কেন,ব’ন মেৰু ট্ৰেন্সপ্লাণ্ট আদিৰ বাবে অতি উন্নতমানৰ শেহতীয়া প্ৰযুক্তিৰ যন্ত্ৰপাতি ৰখা হৈছে,যাৰ দ্বাৰা ৰোগ নিৰ্ধাৰণ অতি সঠিক আৰু দ্ৰুততৰ হ’ব৷ কেন্দ্ৰটোৰ অধীক্ষক ডাঃ সত্য নাৰায়ণ শৰ্মাই জনোৱা মতে,চিকিৎসালয়খনত ১৮জন চিকিৎসকৰ পদ আছে আৰু ইতিমধ্যে জ্ঝজন অভিজ্ঞ চিকিৎসক মকৰল কৰা হৈছে৷ ইয়াত অসম চৰকাৰৰ নিৰ্ধাৰিত নিৰিখ অনুযায়ী মাত্ৰ ১০ টকাৰে পঞ্জীয়ন কৰাৰ পাছতে ৰোগীৰ চিকিৎসা আৰম্ভ হ’ব৷ অটল অমৃত যোজনা বা তেনে কোনো স্বাস্থ্য বীমা আঁচনিৰ হিতাধিকাৰীসকলে নিয়মানুযায়ী বিনামূলীয়া চিকিৎসাৰ সুবিধাও লাভ কৰিব৷ ইতিমধ্যে তিনিটা মহলা ব্যৱহাৰৰ বাবে সাজু হৈ উঠা সুদৃশ্য চিকিৎসালয়খনত আজি প্ৰথম দিনটোতে ৫০জন ৰোগীয়ে নাম পঞ্জীয়ন কৰি চিকিৎসা আৰম্ভ কৰিছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে৷ তেওঁ জনোৱা মতে, ১৩০খন বিছনাৰ সুবিধা থকা চিকিৎসালয়খনত অহা এপষেকৰ ভিতৰতে অস্ত্ৰোপ্ৰচাৰৰ সুবিধাও উপলব্ধ হ’ব৷

তেজপুৰত মুকলি হোৱা কেন্সাৰ কেন্দ্ৰত শুকুৰবাৰে এজন ভূমিহীন কৃষকে প্ৰথমজন ৰোগী হিচাপে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হৈছে৷ থেলামৰাৰ বৰডুবি অঞ্চলৰ ৪২বছৰীয়া কৃষকজন পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আৰু ২০২১ত তেওঁৰ শৰীৰত কৰ্কট ৰোগ ধৰা পৰিছিল৷ গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰিবৰ বাবে এবাৰতে তেওঁ নূ্যনতম চাৰেচাৰিহাজাৰ টকা ব্যয় কৰিবলগীয়া হোৱাত তেওঁ আনকি চিকিৎসা কৰিবলৈ অসমৰ্থ হৈ পৰিছিল৷ উল্লেখ্য যে, এটা সপ্তাহত দুবাৰকৈ গুৱাহাটীলৈ যাবলগীয়া হোৱা কৃষকজনে অসুস্থতাৰ বাবে কামো কৰিব নোৱৰা হৈ পৰাত কৰ্কটৰোগৰ চিকিৎসা অসম্ভৱ হৈ পৰাৰ সময়তে তেজপুৰৰ টুমুকিস্থিত কেন্সাৰ কেন্দ্ৰত আজি মাত্১১০টকা পঞ্জীয়ন মাছুলৰ বিপৰীতে চিকিৎসা লাভৰ পাছতে তেওঁ সকাহ অনুভৱ কৰে৷ উল্লেখ্য যে,তেওঁৰ চিকিৎসাব্যয় অটল অমৃত অভিযান নতুবা প্ৰধানমন্ত্ৰীজন আৰোগ্য যোজনাৰ দ্বাৰা কৰা হ’ব৷ উল্লেখ্য যে,এই কেন্দ্ৰটোত ভৰ্তি কৰিবলগীয়া নোহোৱা আৰু অস্ত্ৰোপচাৰৰ প্ৰয়োজন নোহোৱা কৰ্কট ৰোগীসকলক ৰেডিয়েছন তথা কেম’থেৰাপিৰ জৰিয়তে চিকিৎসা কৰা হ’ব৷ আজি তেজপুৰৰ কেন্দ্ৰটোত মুঠ ১১জন কৰ্কট ৰোগীক চিকিৎসকে সেৱা আগবঢ়ায়৷