Logo
image

পাহাৰৰ খিলঞ্জীয়াক উচ্ছেদ কৰা নহয়

ঋণ ৰেহাই অনুষ্ঠানত মন্ত্ৰী পীয়ূষ

আমাৰ অসম,৩০ এপ্ৰিলঃ গুৱাহাটীত অহা ৩ মাহৰ ভিতৰত ১০ হাজাৰ লোকে লাভ কৰিব খোৱাপানী৷ ৭-৮ মাহৰ ভিতৰত ৭০ শতাংশ খোৱাপানীৰ সমস্যা নাইকিয়া হ’ব গুৱাহাটীত৷ গুৱাহাটীৰ পাহাৰত বসবাস কৰা কোনো খিলঞ্জীয়া লোকক উচ্ছেদ কৰা নহয়৷ এই মন্তব্য জলসম্পদ তথা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ূয হাজৰিকাৰ৷ শুকুৰবাৰে মহানগৰীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱা ক্ষুদ্ৰ বিত্ত আৰু উদ্‌গণি সকাহ আঁচনিৰ অধীনত মাইক্ৰ’ফাইনেন্স ঋণ ৰেহাই অনুষ্ঠানত এই মন্তব্য কৰে মন্ত্ৰী পীয়ূয হাজৰিকাই৷ তেওঁ পুনৰ কয় দেশৰ ৫খন ৰাজ্যৰ তালিকাত অসম নাম ৰখাৰ লক্ষ্য৷ বৰ্তমান অসম দেশৰ তলৰ পৰা ৬ নম্বৰ স্থানত৷ অসমৰ মহিলাক শক্তিশালী,স্বাৱলম্বী কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ বিজেপি চৰকাৰ৷ অসমৰ পৰা নাইকিয়া হ’বই লাগিব দুখীয়া শব্দটো৷ এই লক্ষ্য আগত ৰাখিয়েই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আমাৰ চৰকাৰখনে ঐক্যবদ্ধভাৱে কাম কৰি গৈছে৷ মহিলাসকলৰ সন্মান বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকক স্বাৱলম্বী কৰি তুলিবলৈ ‘অৰুণোদয়’ৰ দৰে আঁচনি গ্ৰহণ কৰিছে৷ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি মাইক্ৰ’ফাইনেন্সৰ ঋণ সকাহ কৰিছে৷ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত কেবাখনো জিলাত ‘মাইক্ৰ’ফাইনেন্স উদ্‌গণি আৰু সকাহ আঁচনি’ৰ অধীনত ঋণ সকাহৰ চেক বিতৰণৰ পাছত আজি কামৰূপ মহানগৰ জিলাৰ ঋণ লওঁতাসকলৰ ঋণ সকাহৰ উদ্দেশ্য খানাপাৰাত আয়োজিত এখন বিশাল জনসভাত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে অন্যান্য বিষয়ৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ পাঁচখন শীৰ্ষৰ ৰাজ্যৰ ভিতৰত অসমক স্থান দিবলৈ গ্ৰহণ কৰা বিভিন্ন আঁচনি তথা কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰে৷ বিভিন্ন জিলাত স্থাপন কৰা নতুন নতুন চিকিৎসা মহাবিদ্যালয়,গুৱাহাটীৰ বিভিন্ন স্থানত উৰণ সেতু নিৰ্মাণ আদিৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ তথা সৰ্বসাধাৰণৰ কল্যাণৰ কথা চিন্তা কৰিয়েই ‘অৰুণোদয়’ আঁচনিৰ টকা বৃদ্ধি কৰিছে আৰু অহা আঢ়ৈ বছৰৰ ভিতৰত ই হয়তো তিনিহাজাৰ টকা চুবগৈ৷ কেন্দ্ৰীয় চৰকাৰৰ সাহায্য অসমত ৭০ শতাংশ বানপানী নিয়ন্ত্ৰণ কৰা সম্ভৱ হৈছে বুলি তেওঁ লগতে ভাষণত উল্লেখ কৰে৷ সভাত ভাষণ প্ৰদান কৰি কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা পৰিবহণ উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘বেটি বচাও, বেটি পঢ়াও’ আদি আঁচনিৰ জৰিয়তে দেশৰ মহিলাসকলৰ সৰ্বস্তৰৰ কল্যাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ মহিলাসকলৰ উন্নয়নৰ জৰিয়তেহে সমাজৰ প্ৰকৃত উন্নয়ন সাধন সম্ভৱ বুলি উল্লেখ কৰি তেওঁ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ফাইনেন্সৰ ঋণ সকাহৰ জৰিয়তে মহিলাসকলক আৰ্থিকভাৱে সৱল কৰি তোলাৰ প্ৰচেষ্টা কৰিছে বুলি উল্লেখ কৰে৷ তেওঁ পুনৰ কয় অসমৰ খেতিয়কে ধানৰ উচিত দাম পাইছে৷ অসম চৰকাৰে ২০টা গুদাম নিৰ্মাণৰ কাম হাতত লৈছে৷ কৃষি বিপ্লৱৰ দিশে অসম আগবাঢ়িছে৷ সাংস্কৃতিক কৰ্মী ইন্দ্ৰজিৎ দাসে আঁত ধৰা সভাত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে আদৰণি ভাষণ আগবঢ়ায়৷ এই বিশাল জনসভাত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ পৰিচালন সঞ্চালক ৰূপালী কলিতাৰ উপৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সকলো বিষয়-ববীয়া উপস্থিত থাকে৷ উল্লেখযোগ্য যে ‘অসম মাইক্ৰ’ফাইনেন্স উদ্‌গণি আৰু সকাহ আঁচনি, ২০২১’ আঁচনিৰ জৰিয়তে মাইক্ৰ’ফাইনেন্সৰ ঋণ লওঁতাসকলক তিনিটা শ্ৰেণীত বিভক্ত কৰা হৈছে৷ যিসকল ঋণ লওঁতাই ঋণ নিয়মীতভাৱে পৰিশোধ কৰিছিল তেওঁলোকক উদ্‌গণি দিবলৈ চৰকাৰে প্ৰথম পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰিছে৷ প্ৰায় ২৬ লাখ ঋণ লওঁতাৰ ভিতৰত প্ৰায় ৯ লাখ হিতাধিকাৰী কেটেগৰী -১ৰ ভিতৰত আছে আৰু কামৰূপ মহানগৰ জিলাখনৰ ৩৬,৯৮৩ গৰাকী হিতাধিকাৰী কেটেগৰী-১ ত আছে৷ এই অনুষ্ঠানত ২০ গৰাকী মহিলাক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পীয়ুয হাজৰিকাই আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰাৰ পাছত জিলাখনৰ মুঠ ৫,০০০ হিতাধিকাৰীক এই আঁচনিৰ অধীনত চেক প্ৰদান কৰা হয় আৰু বাকীসকলক ব্লক আৰু ৱাৰ্ড পৰ্যায়ত নিৰ্ধাৰিত টকাৰ চেক বিতৰণ কৰা হ’ব৷

কাইলৈ আমিনগাঁও কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত জিলাৰ পাঁচ হাজাৰ হিতাধিকাৰীৰ মাজত মাইক্ৰ’ফাইনেন্স উদ্‌গণি আৰু সকাহ আঁচনিৰ চেক বিতৰণ কৰা হ’ব৷ এই লৈ আমিনগাঁৱত সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে৷ কিন্তু অনুষ্ঠানৰ পূৰ্বেই চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল হৈ পৰিল উত্তৰ গুৱাহাটীৰ একাংশ মহিলা৷ চেক বিতৰণৰ পূৰ্বে প্ৰকাশ পোৱা হিতাধিকাৰীৰ তালিকা দেখি হতবাক হ’ল ৰূদ্ৰেশ্বৰ পঞ্চায়তৰ মহিলাসকল৷ অভিযোগ অনুসৰি,মুখ্যমন্ত্ৰীৰ আশ্বাসত আস্বস্ত হৈ বহু গৰীৱ-দুখীয়া মহিলাই গৰু-ছাগলী বিক্ৰী অথবা ধন সুদত লৈ হ’লেও মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ কিস্তি দি উদ্ধাৰ হৈছিল৷ বহু মহিলাই চৰকাৰৰ উদ্‌গনি ধন পঁচিশ হাজাৰ টকা লাভৰ আশাত দিন হাজিৰাও কৰিছিল৷ কিন্তু, হিতাধিকাৰীৰ তালিকা পৰিয়ালকেন্দ্ৰিক আৰু দলীয় নেতাৰ পৰিয়ালতে সীমাবদ্ধ থকাত হতবাক হ’ল মহিলাসকল৷ আজি ক্ষোভিত মহিলাসকলে ৰূদ্ৰেশ্বৰ পঞ্চায়তৰ সন্মুখত মুখ্যমন্ত্ৰী আৰু চৰকাৰবিৰোধী ধবনিৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ দুমুখীয়া মুখ্যমন্ত্ৰী মুৰ্দাবাদ,মাইক্ৰ’ফাইনেন্স হিতাধিকাৰী নিৰ্বাচনত দুৰ্নীতি নচলিব, বিজিপি চৰকাৰ মুৰ্দাবাদ ধবনি দি ক্ষোভ উজাৰিলে চৰকাৰৰ বিৰুদ্ধে৷ নিৰ্বাচনৰ আগত মিঠা মিঠা কথা কোৱা মুখ্যমন্ত্ৰীৰ এই দুমুখীয়া নীতিৰ উচিত প্ৰত্যুত্তৰ সময়ত দিব বুলি দোহাৰে মহিলাসকলে৷ মহিলাসকলে এই চৰকাৰৰ পৰা কোনো আঁচনিয়ে ঢুকি নোপোৱা বুলি অভিযোগ কৰি ধিক্কাৰ দিয়ে চৰকাৰক৷ পঞ্চায়ত পৰ্যায়ৰ পৰাই চৰকাৰ দুৰ্নীতিত পোত যোৱাৰ অভিযোগ কৰি আগন্তুক নিৰ্বাচনত সময়ৰ সৎ ব্যৱহাৰ কৰিব বুলিও দোহাৰে৷ মহিলাসকলে বাকী থকা কোনো ঋণ পৰিশোধ নকৰাৰো সংকল্প লয়৷ উল্লেখ্য যে,অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু উদ্যোগ আৰু বাণিজ্য ইত্যাদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিনৰ ১১ বজাত আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত কামৰূপ জিলাৰ হিতাধিকাৰীসকলৰ মাজত অসম মাইক্ৰ’ফাইনেন্স উদ্‌গনি আৰু সকাহ আঁচনি, ২০২১ৰ অধীনত চেক্‌সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰিব৷