Logo
image

আৰক্ষীক আদালতৰ ধমক জিগনেশক জামিন

গুজৰাট, দিল্লী, ৰাজস্থানত জিগনেশৰ সমৰ্থনত প্ৰতিবাদ

পুলিচৰাজ নচলাবলৈ আৰক্ষীক আদালতৰ সকীয়নি

আমাৰ অসম,৩০ এপ্ৰিলঃ অৱশেষত জামিন মঞ্জুৰ হ’ল গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ৷ কৰ্তব্যৰত মহিলা আৰক্ষী বিষয়াক শালীনতা হানিৰ অপচেষ্টা চলোৱাৰ অভিযোগত ৫দিনৰ বাবে বৰপেটা আৰক্ষীৰ জিম্মাত থকা দেশৰ প্ৰভাৱশালী দলিত নেতা মেৱানীৰ শুকুৰবাৰে জামিন মঞ্জুৰ কৰে বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গড্‌ছেৰ ভক্ত বুলি সমালোচনামূলক এটা টুইটৰ বাবেই এজন বিজেপি নেতাৰ এজাহাৰৰ ভিত্তিত ২১ এপ্ৰিলৰ নিশা গুজৰাটৰ পালনপুৰ আৱৰ্ত ভৱনৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভডগাম সমষ্টিৰ বিধায়ক জিগনেশ মেৱানীক৷ কিন্তু এই গোচৰত জামিন লাভ কৰাৰ পাছতেই আকস্মিকভাৱে কৰ্তব্যৰত এগৰাকী মহিলা এছ আইৰ শালীনতা হানিৰ গোচৰত পুনৰবাৰ গ্ৰেপ্তাৰ কৰি বৰপেটা আৰক্ষীয়ে ৫দিনৰ জিম্মাত লয় গুজৰাটৰ জনপ্ৰতিনিধিজনক৷ ইপিনে দলিত নেতা জিগনেশ মেৱানীক ষড়যন্ত্ৰমূলকভাৱে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই বিধায়কজনৰ মুক্তিৰ দাবীত সমগ্ৰ অসমৰ লগতে গুজৰাটতো ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ কংগ্ৰেছৰ লগতে ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চই গুজৰাটৰ লগতে দিল্লী, ৰাজস্থানকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰত দলিত নেতা জিগনেশৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বৰ্তমানৰ বিজেপিৰ শাসনত থকা গুজৰাটৰ এজন বিৰোধী বিধায়কক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ আঁৰত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ৰাজনৈতিক স্বাৰ্থ থকা বুলি প্ৰচাৰ হোৱাত গুজৰাট বিজেপিৰ ভেটিত খহনীয়া সৃষ্টি হোৱাই নহয়,সৰ্বস্তৰৰ জনতাৰ ব্যাপক সমৰ্থন লাভ কৰে দলিত নেতাজনে৷ স্বাভাৱিকতেই জিগনেশ মেৱানীক দীঘলীয়াকৈ বন্দী কৰি ৰখাৰ পৰিকল্পনাৰ পৰা পিছ হোঁহকিবলৈ যেন বাধ্য হৈ পৰে চৰকাৰ৷ লক্ষণীয়ভাৱে বিধায়ক মেৱানীক গুজৰাটত গ্ৰেপ্তাৰ কৰাৰ পাছত ২২ এপ্ৰিলত গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ এছক’ৰ্ট বাহনত নি থকা অৱস্থাত বৰপেটাৰ শিমলুগুৰিত কোকৰাঝাৰ থানাৰ মহিলা এছ আই দেৱীকা ব্ৰহ্মক গাড়ীৰ ভিতৰতে বিধায়কজনে শালীনতা হানিৰ চেষ্টা চলোৱা বুলি বৰপেটাৰোড থানাত এজাহাৰ দাখিল কৰিছিল মহিলা বিষয়াগৰাকীয়ে৷ কোকৰাঝাৰ থানাৰ গোচৰত ২৫ এপ্ৰিলত জামিন লাভৰ পাছতেই নতুন গোচৰটোত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত ৫দিনৰ জিম্মাত লয় বিধায়কজনক৷ অৱশ্যে বৰপেটা জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জিগনেশ মেৱানীৰ জামিন আবেদন নামাঞ্জুৰ কৰাত অৱশেষত বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতত জামিন বিচাৰি দ্বাৰস্থ হয় জিগনেশ মেৱানী৷ মেৱানীৰ জামিনৰ সমৰ্থনত বৃহস্পতি আৰু শুকুৰবাৰ দুদিন ধৰি যুক্তি দাঙি ধৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই৷ দীঘলীয়া শুনানিৰ অন্তত বৰপেটাৰ সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীৰ আদালতে মহিলা কনিষ্টবল গৰাকীক এজাহাৰ প্ৰকাৰন্তৰে ভুৱা এজাহাৰ বুলি অভিহিত কৰি বিধায়ক মেৱানীক ১ হাজাৰ টকা ব’ণ্ডত জামিন মঞ্জুৰ কৰে৷ লক্ষণীয়ভাৱে বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতে বিধায়ক জিগনেশ মেৱানীৰ জামিন আবেদন মঞ্জুৰ কৰি অভিযোগকাৰী মহিলা আৰক্ষী বিষয়াগৰাকীয়ে দণ্ডাধীশৰ আদালতত এজাহাৰৰ বিপৰীতে¸ ঘটনাৰ বিৱৰণ দিয়া বুলি উল্লেখ কৰিছে৷ বিধায়কজনে নিজৰ ভাষাত বেয়া শব্দই গালি পৰা অভিযোগ কৰিলেও মহিলা বিষয়াগৰাকীয়ে তেওঁক গালি পৰা ভাষাটো বুজি নোপোৱা বুলিহে ওলোটাই ভাষ্য দিছিল৷ আনহাতে চলন্ত বাহনখনৰ পিছৰ ছিটত বহি থকা মহিলা আৰক্ষী বিষয়াগৰাকীক আগৰ ছিটত বহি থকা বিধায়কজনে শালীনতা হানিৰ চেষ্টা চলোৱা অভিযোগৰো সুদুত্তৰ দিয়াত ব্যৰ্থ হোৱা বুলিও ৰায়দানত উল্লেখ কৰিছে৷ তদুপৰি কোকৰাঝাৰ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত সংঘটিত কৰা বুলি অভিযোগ কৰা ঘটনাটোৰ এজাহাৰ কোকৰাঝাৰৰ পৰিৱৰ্তে বৰপেটাত দাখিল কৰাত আইনী আসোঁৱাহ ৰৈ গৈছিল৷ আনহাতে ভুক্তভোগী মহিলা বিষয়াগৰাকীয়ে ফৌজদাৰী বিধি ১৬৪ ধাৰাত আদালতত ভাষ্য লিপিবদ্ধ কৰোৱাব লাগিছিল যদিও সেই ক্ষেত্ৰতো আইনী সুৰুঙা ৰাখি থৈ গৈছিল৷ লক্ষণীয়ভাৱে সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে জিম্মাত থকা অভিযুক্তক অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰি ভুৱা এজাহাৰ দাখিল কৰা নিত্য-নৈমিত্তিক পৰিঘটনাত পৰিণত হোৱা বুলি বিস্ফোৰক মত প্ৰকাশ কৰিছে৷ ন্যায়াধীশ গৰাকীয়ে গ্ৰেপ্তাৰ হোৱা অভিযুক্তই নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাত আৰক্ষীয়ে গুলীয়াই আহত বা হত্যা কৰা ঘটনাত উদ্বিগ্নতা ব্যক্ত কৰিছে৷ আদালতে কাৰ্যতঃ পুলিচৰাজ নচলাবলৈও সকীয়নি দিয়ে ৰায়টোত৷ তেওঁ এই ক্ষেত্ৰত আৰক্ষীৰ বিশ্বাসযোগ্যতা ঘূৰাই আনিবলৈ আৰক্ষীৰ সংস্কাৰ সাধনৰ বাবে কেইবাটাও পৰামৰ্শ গুৱাহাটী উচ্চ ন্যায়ালয়ক বিবেচনা কৰিবলৈ আগবঢ়াইছে৷ আইন-শৃংখলাত নিয়োজিত আৰক্ষীক বডি কেমেৰা সংযোগ কৰা, অভিযুক্তক অনা-নিয়া কৰা বাহনত চিটিটিভি সংস্থাপন কৰা, থানাৰ বাহিৰত চিচিটিভি সংস্থাপন কৰিবলৈ নিৰ্দেশ দিয়াৰ আহ্বান জনাই ইয়াৰ অন্যথা অসম পুলিচীৰাজলৈ পৰিগণিত হ’ব আৰু সমাজত ইয়াৰ কু-প্ৰভাৱ পৰিব বুলিও আক্ষেপ ব্যক্ত কৰে৷ ন্যায়াধীশ চক্ৰৱৰ্তীয়ে লগতে অতি কষ্টৰে গঢ়ি তোলা গণতন্ত্ৰত পুলিচৰাজ অকল্পনীয় বুলি উল্লেখ কৰি অসম আৰক্ষীয়ে এই ধাৰা যদিহে অব্যাহত ৰাখে,তেনেহ’লে ই বিকৃত চিন্তাৰ পৰিচায়ক হ’ব বুলিও মত ব্যক্ত কৰে৷ আদালতে ৰায়দানৰ প্ৰতিলিপি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক প্ৰধানলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে৷

আদালতৰ পৰা জামিন লাভ মুকলি আকাশৰ তললৈ ওলাই অহা জিগনেশ মেৱানীৰ মুখত পুনৰ শুনা গ’ল দাক্ষিণাত্যৰ পুষ্পা ছবিৰ সেই জনপ্ৰিয় ডায়লগ ঝুকেগা নেহী৷  বৰপেটা আৰক্ষীৰ জিম্মাৰ পৰা ওলাই আজি জিগনেশে কয় যে, মই বিজেপি চৰকাৰ আৰু আৰ এছ এছৰ বিৰুদ্ধে কালিও যুঁজ দিছিলোঁ,আজিও যুঁজ দিম আৰু ভৱিষ্যতলৈও যুঁজ দি যাম৷ বিজেপি চৰকাৰ আৰু মোদীয়ে চলোৱা ষড়যন্ত্ৰত মই কেতিয়াও পিছহুঁহকি নাহোঁ৷ চৰকাৰৰ এই ষড়যন্ত্ৰ ওফৰাই দেশৰ বাবে মই সদায় যুঁজ দি যাম৷ ‘সম্পূৰ্ণ দহদিন আৰক্ষী আৰু ন্যায়িক জিম্মাত থকাৰ পাছত আজি ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাত মুকলি আকাশৰ তললৈ অহাৰ পাছতে বিজেপি চৰকাৰ আৰু আৰ এছ এছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে মেৱানীয়ে৷ বিজেপি চৰকাৰ আৰু আৰ এছ এছৰ প্ৰতি আক্ৰমণাত্মক হৈ তেওঁ কয় যে, মোক গ্ৰেপ্তাৰ কৰাৰ বাবে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা পৰিকল্পনা ৰচনা কৰা হৈছিল৷ বিজেপি চৰকাৰ আৰু নৰেন্দ্ৰ মোদীয়ে মোৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে এনে পৰিকল্পনা প্ৰস্তুত কৰিছিল৷ তেওঁ কয় যে, বিজেপি চৰকাৰ আৰু মোদীয়ে নীৰৱ মোদী,মেহুল চাকচিক কেতিয়াও আটক নকৰে৷ বিজয় মালিয়াৰ বিৰুদ্ধে ব্যৱস্থা নলয়৷ কিন্তু মোক এটা সৰু টুইট কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ল৷ গুজৰাটৰ পৰা মোক অসমলৈ আনি বিজেপি চৰকাৰ আৰু নৰেন্দ্ৰ মোদীয়ে কি মেচেজ দিব বিচাৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে৷ অসমৰ মহিলা পুলিচৰ লগত দুব্যৱহাৰ কৰা বুলি যি গোচৰ জাপি দিছে সেয়া সম্পূৰ্ণ ভুৱা বুলি উল্লেখ কৰি মেৱানীয়ে কয় যে, পুলিচৰ লগত দুব্যৱহাৰ কৰিলে মই গুজৰাটৰ পৰা অনা সময়তে কৰিলোঁহেঁতেন৷ অসমৰ সৰু এগৰাকী মহিলা পুলিচ কৰ্মচাৰীৰ লগত দুব্যৱহাৰ কৰি মই কি কৰিম বুলিও উল্লেখ কৰে৷ তেওঁ কয় যে,গুজৰাটৰ তিনি স্থানত সাম্প্ৰদায়িক ঘটনা সংঘটিত হৈছিল৷ মোদী গুজৰাটলৈ অহা সময়ত মই টুইটযোগে গুজৰাটৰ জনতাক শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাবলৈ কৈছিলোঁ৷ এই আহ্বান মোদী আৰু পুলিচ প্ৰশাসনে গ্ৰহণ কৰাৰ বিপৰীতে যিধৰণে চন্দ্ৰশেখৰ আজাদ,হাৰ্দিক পেটেল,অখিল গগৈ,কানহায়া কুমাৰ আদি যুৱ নেতাসকলৰ বিৰুদ্ধে গোচৰ জাপি দিছিল, ঠিক একেধৰণে মোৰ ওপৰতো বিজেপি চৰকাৰে ভুৱা গোচৰ জাপি দিছে৷ কিন্তু এই যুৱনেতাসকলে গোচৰ জাপি দিয়াৰ পাছতো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কণ্ঠ ৰোধ কৰা নাই৷ তেওঁ কয়,একমাত্ৰ চৰকাৰৰ বিৰুদ্ধে মতা প্ৰতিবাদী কণ্ঠ ৰোধ কৰাৰ বাবে আমাৰ বিৰুদ্ধে ভুৱা গোচৰ জাপি দিয়া হৈছে৷ ন্যায়ালয়ৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছে বুলি উল্লেখ কৰি তেওঁ কয় যে আদালতৰ মজিয়াত সঁচা-মিচা সকলো প্ৰমাণ হ’ব৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে কোক্‌ৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গুজৰাটৰ বিধায়কজনে জামিন লাভ কৰাৰ পাছতে ২৫ এপ্ৰিলত এক নতুন গোচৰত বৰপেটাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জিগনেশ মেৱানীক৷ বৰপেটা জিলাৰ বৰপেটাৰোড আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২৯৪/ ৩২৩/ ৩৫৩/ ৩৫৪ ধাৰাত ৰুজু হৈ থকা ৮১/২০২২ নং গোচৰ সংক্ৰান্তত জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা হৈছিল৷ ২০ এপ্ৰিলত গুজৰাটৰ পালনপুৰ আৱৰ্ত ভৱনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিধায়কজনক৷ ইপিনে গুৱাহাটীৰ পৰা ২১ এপ্ৰিলত কোক্‌ৰাঝাৰ অভিমুখে আহি থকা থকা সময়ছোৱাত এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শকক বলপূৰ্বকভাৱে কৰ্তব্যত বাধা প্ৰদান কৰাৰ লগতে শালীনতা ভংগৰ চেষ্টা চলোৱাৰ উপৰি অশ্লীল গালি-গালাজ কৰা বুলি জিগনেশ মেৱানীৰ বিৰুদ্ধে উত্থাপিত হৈছিল আন এক গুৰুতৰ অভিযোগ৷ উক্ত অভিযোগ সন্দৰ্ভত ২১ এপ্ৰিলত কোক্‌ৰাঝাৰ আৰক্ষীৰ অধীনৰ মহিলা আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে জিগনেশ মেৱানীৰ বিৰুদ্ধে বৰপেটা ৰোড আৰক্ষী থানাত গোচৰ তৰিছিল৷ গোচৰটো সংক্ৰান্তত জাৰি হোৱা হাজিৰ পৰোৱানাৰ ভিত্তিত জিগনেশ মেৱানীক বৰপেটা আৰক্ষীয়ে কোক্‌ৰাঝাৰ আৰক্ষীৰ পৰা চমজি লৈছিল৷ বৰপেটাৰ আদালতত হাজিৰ কৰাৰ পাছত আদালতে গুজৰাটৰ বিধায়কজনক পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল৷ আৰক্ষীৰ জিম্মাত থকা সময়তে বুধবাৰে জিগনেশ মেৱানীৰ জামিনৰ বাবে জনোৱা আবেদনৰ ওপৰত বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল শুনানী৷ বৃহস্পতিবাৰে জিগনেশ মেৱানীৰ জামিনৰ শুনানী অনুষ্ঠিত হৈছিল যদিও ৰায়দান স্থগিত ৰাখি আৰক্ষীৰ পৰা কেচ ডায়েৰী বিচাৰিছিল আদালতে৷ অৱশেষত আজি বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰে৷ জিগনেশ মেৱানীক ৰ হাজাৰ টকাৰ পি আৰ ব’ণ্ডত জামিন মঞ্জুৰ কৰে বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে৷