সেনা-আৰক্ষীক সামৰি পুনৰ সঞ্জীৱৰ ভিডিঅ’ ভাষ্য প্ৰেৰণ কৰিলে আলফাই
আমাৰ অসম,৩০ এপ্ৰিলঃ আলফাৰ দুৰ্ধৰ্ষ কেডাৰ নয়ন অসমক হত্যাৰ পৰিকল্পনাৰে অসম আৰক্ষীয়ে গুপ্তচৰ প্ৰেৰণ কৰিছিল বিদ্ৰোহী সংগঠনটোলৈ৷ বৰ্তমান আলফাৰ শিবিৰত বন্দী হৈ থকা আৰক্ষীৰ গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ বিস্ফোৰক স্বীকাৰোক্তিৰ পাছত এইবাৰ আন দুটা ভিডিঅ’ ৰাজহুৱা কৰিছে আলফা স্বাধীনে৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ১৭ মিনিট আৰু ৫ মিনিট দৈৰ্ঘ্যৰ ভিডিঅ’ দুটাত গুপ্তচৰ হিচাপে পৰিচয় দিয়া বাইহাটা চাৰিআলিৰ সঞ্জীৱ শৰ্মাই গুপ্তচৰৰ প্ৰশিক্ষণ দিয়া অসম আৰক্ষী আৰু সেনা বাহিনীৰ আন কেইবাজনো বিষয়া-জোৱানৰ নাম প্ৰকাশ কৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আলফালৈ অসমীয়া যুৱক-যুৱতীৰ সোঁত বোৱাৰ সময়তে অসম আৰক্ষীয়ে প্ৰেৰণ কৰা সঞ্জীৱ শৰ্মা নামৰ ‘স্পাই’টোক চিনাক্ত কৰি কৰায়ত্ত কৰিছিল আলফাই৷ বৰ্তমান ম্যানমাৰ শিবিৰত আলফাই জেৰা অব্যাহত ৰখা গুপ্তচৰ সঞ্জীৱে গুৱাহাটী আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থসাৰথি মহন্ত আৰু যোৰহাটৰ সেনা বিষয়া ধুনুমণি শইকীয়াই ১ কোটি টকাৰ প্ৰলোভন দি গুপ্তচৰ হিচাপে প্ৰেৰণ কৰাৰ কথা স্বীকাৰ কৰিছিল৷ ইয়াৰ পাছতেই আলফাৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত গুপ্তচৰৰ প্ৰশিক্ষণ লোৱা একাধিক লোকৰ নাম ৰাজহুৱা কৰিছিল আলফাই৷ শুকুৰবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ’ত গুপ্তচৰ সঞ্জীৱ শৰ্মাই এইবাৰ আন একাংশ লোকৰ নাম ৰাজহুৱা কৰিছে৷ ভিডিঅ’টোত সঞ্জীৱ শৰ্মাৰ ভাষ্য এনেধৰণৰ– ‘কেইদিনমান পূৰ্বে কিছুমান স্বাৰ্থ লৈ মই আলফাত যোগদান কৰিছিলো৷ ৰ কোটি টকাৰ প্ৰলোভন দি মোক আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্ত,সেনা বিষয়া ধুনুমণি শইকীয়া,আৰক্ষী বিষয়া শিলাদিত্য চেতীয়া,সেনা বিষয়া মহেশ কলিতা,প্ৰমোদ চৌহান,ৰাজু চৌহান,চলমান চৌহান,ৰাজ কুমাৰ চৌহান আৰু ইৰা দত্তই প্ৰেৰণ কৰিছিল আলফাৰ শিবিৰলৈ৷ মোক আলফা কেডাৰ নয়ন অসম আৰু তেওঁৰ সতীৰ্থসকলক হত্যা কৰাৰ মিছনত পঠাইছিল৷ ধুনুমণি শইকীয়া গুৱাহাটীৰ চানমাৰিৰ মিলনপুৰত থাকে৷ মাতৃৰ নাম প্ৰতিভা শইকীয়া পত্নীৰ নাম ৰূপাঞ্জলি শইকীয়া আৰু কণমানি পুত্ৰৰ নাম পাপুমণি শইকীয়া৷ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ সৈতে মই চাৰি বছৰ ধৰি কাম কৰিছিলো৷ গুৱাহাটীৰ পৰা সৰস্বতী দাস নামৰ যিজনী ছোৱালী আলফাত যোগদান কৰিছিল,সেই ছোৱালীজনীৰ ঘৰলৈও মই পাৰ্থসাৰথি মহন্তৰ লগত গৈছিলো৷ ধুনুমণি শইকীয়াই আমাক আলফা শিবিৰলৈ যোৱা সকলো পথ দেখুৱাই দিছিল৷ মোক এটা সৰু বেগৰ সৈতে জিপিএছ দিছিল৷ মোৰ সৈতে ১০ এপ্ৰিলত তাহিব আলী নামৰ যুৱকজনো আহিছিল৷ তেওঁৰ মোবাইল নম্বৰ হৈছে– ৯৭০৬৯৭৯৬২৩৷ কিন্তু মিছন সম্পূৰ্ণ কৰিব নোৱাৰিম বুলি কৈ নাগালেণ্ডৰ পৰা উভটি গৈছিল তাহিব৷ মণিপুৰত এম্বুছত মৃত্যু হোৱা অপূৰ্ব কুমাৰ শৰ্মা নামৰ দাদাজনৰ দেউতাকৰ নাম ৰঞ্জিত কুমাৰ শৰ্মা৷ মাতৃৰ নাম বিনু দেৱী আৰু পত্নীৰ নাম তৃষ্ণা দেৱী৷ তেওঁৰ সন্তানৰ নাম কৌস্তভ কুমাৰ শৰ্মা৷’ লক্ষণীয়ভাৱে আলফা স্বাধীনে গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ মোবাইলত পোৱা তথ্যৰ ভিত্তিত স্পাই প্ৰশিক্ষণ লোৱা ১১ জন যুৱকৰ ফটোসহ নাম ৰাজহুৱা কৰাৰ পাছত বৰ্তমানো চাঞ্চল্য অব্যাহত আছে৷ আলফাই ৰাজহুৱা কৰা উক্ত ফটোত অসম আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাত কৰ্মৰত শিৱসাগৰৰ বাহাৰুল নামৰ এজন কনিষ্টবলৰ ফটো থকা বুলি কনিষ্টবলজনে দাবী কৰিছে৷ কেনেকৈ তেওঁৰ ফটো সঞ্জীৱ শৰ্মাৰ হাতলৈ গ’ল এই লৈ চিন্তিত হৈ পৰিছে বাহাৰুল নামৰ কনিষ্টবলজন৷