Logo
image

ডিজিপিৰ মোবাইল হেক হোৱা নাই বুলিও চিআইডিৰ নতুন নিৰ্দেশিকা

আমাৰ অসম,৩০ এপ্ৰিলঃ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ হোৱাটছএপ নম্বৰ হেকাৰ চক্ৰৰ কবলত পৰা বুলি অভিযোগ উঠিছিল যদিও হোৱাটছএপ নম্বৰ হেক হোৱাৰ কথা অস্বীকাৰ কৰিছে ডিজিপি ভাস্কৰজ্যোতি মহন্তই ব্যক্তিগত হোৱাটছএপ নম্বৰটো হেক হোৱা নাই যদিও তেওঁৰ ফটো প্ৰ’ফাইলত ব্যৱহাৰ কৰি দুষ্ট চক্ৰই হোৱাটছএপত বিভিন্নজনলৈ ধন বিচাৰি মেচেজ প্ৰেৰণ কৰাৰ কথা স্বীকাৰ কৰিছে আৰক্ষী সঞ্চালকপ্ৰধানজনে৷ অৱশ্যে এই দুষ্কাৰ্যৰ বিষয়ে অৱগত হোৱাত আৰক্ষীয়ে দুৰ্বৃত্তক চিনাক্ত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱা বুলিও ডিজিপি মহন্তই জানিবলৈ দিছে৷ অৱশ্যে ডিজিপিয়ে তেওঁৰ ব্যক্তিগত হোৱাটছএপৰ নম্বৰ হেক হোৱা নাই বুলি দাবী ক’লেও দুষ্ট চক্ৰই ডিজিপৰ ফটো ব্যৱহাৰ কৰি বিভিন্নজনৰ পৰা গুগল পে’ৰ জৰিয়তে ধন দাবী কৰা ঘটনাই তাৎপৰ্য বহন কৰিছে৷ স্মাৰ্ট অসম আৰক্ষীয়ে বিভাগটোৰ মুৰব্বীজনৰ ফটো ব্যৱহাৰ কৰি দুই নম্বৰী মেছেজ কৰা দুষ্টচক্ৰক কৰায়ত্ত কৰিবলৈ বৰ্তমানলৈ সক্ষম হোৱা নাই যদিও আৰক্ষীৰ ফালৰ পৰা হোৱাটছএপ ব্যৱহাৰকাৰীক এনে চাইবাৰ ঠগ-প্ৰৱঞ্চকৰ পৰা নিজকে সতৰ্ক থকাৰ বাবে সতৰ্কতামূলক জাননীহে জাৰি কৰা দেখা গৈছে চিআইডিয়ে জাৰি কৰা সতৰ্কতামূলক জাননীখনত উল্লেখ কৰিছে যে প্ৰৱঞ্চক চক্ৰই নিৰ্দিষ্ট বিভাগ তথা প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ পৰা বিষয়ালৈ ৱেবচাইটৰ পৰা সকলোৰে যোগাযোগ নম্বৰ সংগ্ৰহ কৰে৷ ইয়াৰ পাছতেই জ্যেষ্ঠ বিষয়াৰ ফটো ব্যৱহাৰ কৰি বিভিন্নজনলৈ ই-মেইল-হোৱাটছএপ যোগে প্ৰৱঞ্চনাৰ জাল পেলায়৷ জৰুৰী কামত ব্যস্ত থকা বুলি প্ৰকাশ কৰি এমাজন ই-গিফ্‌ট কাৰ্ডৰ কাৰ্যৰ জৰিয়তে নিৰ্দিষ্ট পৰিমাণৰ ধন প্ৰেৰণ কৰিবলৈ বিভিন্ন লিংক পঠাই হোৱাটছএপত৷ এনে ভুৱা মেছেজ ই-মেইলৰ সঁহাৰি দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে৷ এনে সন্দেহজনক বাৰ্তা লাভ কৰিছেই হোৱাটছএপৰ নম্বৰটোক ‘ৰিপ’ৰ্ট’ মাৰি cybercrime gov. inত অভিযোগ দিবলৈও আহ্বান জনাইছে৷ শেহতীয়াকৈ চাইবাৰ প্ৰৱঞ্চক চক্ৰই উত্তৰ-পূৰ্বৰ মুখ্যমন্ত্ৰী,মুখ্য সচিব,আই এ এছ আৰু আই পি এছ বিষয়াৰ লগতে দিল্লীৰ শীৰ্ষ বিষয়াৰ নামত প্ৰৱঞ্চনা কৰা ঘটনা সংঘটিত হৈছে বুলিও চি বি আইয়ে সতৰ্কতামূলক জাননীখনত উল্লেখ কৰিছে৷