Logo
image

পিস্তা বাদাম খাওক শৰীৰ সুস্থ ৰাখক

পিস্তা হৈছে এবিধ শুকান ফল৷ ই কেৱল সোৱাদযুক্তই নহয়, খাদ্যৰ পুষ্টিগত মানো ই বহুগুণে বৃদ্ধি কৰে৷ আয়ুৰ্বেদেও পিস্তাৰ গুণাগুণক স্বীকৃতি দিছে৷ পিস্তা বাদাম খালে বাত বিষৰ পৰা উপশম পোৱাৰ উপৰি পুৰুষৰ যৌন স্বাস্থ্যৰ বাবে ইয়াৰ ব্যৱহাৰ অসীম উপকাৰী বুলি গণ্য কৰা হয়৷ অকল পিস্তাই নহয়,ইয়াৰ বাকলি,পাত আৰু ইয়াৰ পৰা নিৰ্গত হোৱা তেলক ঔষধি চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়৷ 

১. পিস্তা বাদামত ভিটামিন এ,কে,চি,ডি,ই আৰু বি-৬,খনিজ,মেগনেছিয়াম,লিন’লিক এচিড,ফাইট’কেমিকেল,লো, আঁহ,প্ৰটিন,কাৰ্বহাইড্ৰেট থাকে৷ ইয়াৰ উপৰি কেলছিয়াম,এমিন’এচিড,ফলেট’,মেংগানিজ,পটাছিয়াম,থিয়ামিন, অসংপৃক্ত চৰ্বি,অলিক আদি প্ৰচুৰ পৰিমাণে থাকে পিস্তা বাদামত৷ পিস্তাত ডায়েবেটিছ অথবা মধুমেহ প্ৰতিৰোধী পদাৰ্থ আৰু এণ্টি অক্সিডেণ্ট জাতীয় গুণাগুণো উপলব্ধ৷

২. পিস্তা খালে নিম্ন ঘনত্বৰ লাইপ’প্ৰটিন স্তৰ হ্ৰাস হোৱাৰ বিপৰীতে উচ্ছ ঘনত্বৰ লাইপ’প্ৰটিনৰ স্তৰ বৃদ্ধি হয়৷ ফলত কৰ’নেৰী আৰু ইস্কিমিক হূদৰোগৰ আশংকা হ্ৰাস পায়৷ 

৩. সীমিত পৰিমাণৰ পিস্তা গ্ৰহণে ওজন নিয়ন্ত্ৰণত সহায় কৰে৷ 

৪. পিস্তাত মেদবহুলতা হ্ৰাস কৰিব পৰা গুণ আছে৷ যি শ্বেতসাৰৰ ফলত সৃষ্টি হোৱা চৰ্বিৰ মাত্ৰা হ্ৰাস কৰে৷

৫. পিস্তাৰ কৰ্কট প্ৰতিৰোধী ক্ষমতা আছে৷ ইয়াত থকা পি-টোক’ফেৰল আৰু অন্যান্য এণ্টি অক্সিডেণ্টে কৰ্কট সৃষ্টিকাৰী কোষবোৰৰ সৈতে যুঁজ দিয়াত সহায় কৰে৷ পিস্তা খালে দৃষ্টিশক্তি অটুট থাকে৷ বিশেষকৈ চকুৰ ছানি পৰা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পিস্তাৰ গুণ অন্যতম৷ 

৬. দিনত দুবাৰকৈ পিস্তা খালে টাইপ-২ ডায়েবেটিছৰ নিয়ন্ত্ৰণত সহায় কৰে৷ একেদৰে মানসিক চাপ হ্ৰাস কৰাৰ লগতে হৃদযন্ত্ৰ সঠিককৈ ৰখাত সহায় কৰে৷ 

৭. পিস্তাত অ’মেগা-৩ ফেটি এচিড সন্নিবিষ্ট থাকে৷ যিয়ে গৰ্ভধাৰণৰ সময়ত প্ৰসূতিক বহুপৰিমাণে সহায় কৰে৷