Logo
image

কংগ্ৰেছক দিয়া নেতৃত্বৰ ‘ফৰ্মুলা’ত নাছিল ৰাহুল-প্ৰিয়ংকাৰ নাম

টিভি চেনেলৰে হোৱা সাক্ষাৎকাৰত প্ৰশান্ত কিশোৰে কৰিলে ৰাজহুৱা

আমাৰ অসম ,৩০ এপ্ৰিলঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছক শক্তিশলী ৰূপত থিয় কৰোৱাৰ বাবে প্ৰস্তাৱ দি দলটোলৈ সেৱা আগবঢ়োৱাৰ মনোভাৱেৰে আগবঢ়া দেশৰ আগশাৰীৰ পেচাদাৰী নিৰ্বাচনী ৰণনীতি প্ৰস্তুতকৰ্তা প্ৰশান্ত কিশোৰক তেওঁ বিচৰাধৰণে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে কংগ্ৰেছে৷ গতিকে প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগ দিয়াক লৈ চলা সকলো জল্পনা-কল্পনাৰো ওৰ পৰে৷ বৃহস্পতিবাৰে এটা নিউজ চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ সকলো কথা খুলি কয়৷ কংগ্ৰেছে কিয় তেওঁৰ ফৰ্মুলা খাৰিজ কৰাৰ লগতে তেওঁক স্বতন্ত্ৰতা দিবলৈ অস্বীকাৰ কৰিলে বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত প্ৰশান্ত কিশোৰে কয় যে তেওঁ কংগ্ৰেছক দিয়া নেতৃত্বৰ ফৰ্মুলা দলটোৰ পছন্দ নহ’ল৷ কাৰণ তেওঁৰ ফৰ্মুলাত নাছিল ৰাহুল গান্ধী অথবা প্ৰিয়ংকা গান্ধীৰ নাম৷ ৰাহুল-প্ৰিয়ংকাৰ নাম নথকা তেওঁৰ এই ফৰ্মুলাত ক্ষুব্ধ হৈ পৰে কংগ্ৰেছ৷ গতিকে কংগ্ৰেছত ‘পি কে’ৰ কোনো প্ৰয়োজন নাই বুলি তেওঁ গম পায়৷ তেওৰ মতে কংগ্ৰেছ এতিয়া বৰ দুখ লগাকৈ দুৰ্বল৷ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা কংগ্ৰেছৰ আনকি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কোনো পৰিকল্পনাই নাই৷ নৰেন্দ্ৰ মোদীক কোনে প্ৰত্যাহ্বান জনাব,তাৰো কোনো পৰিকল্পনা নাই কংগ্ৰেছত৷