Logo
image

শ্ৰেষ্ঠতম উপহাৰ!

ৰাজ্যৰ ‘৭ ঠাইত কেন্সাৰ হাস্পতাল, ৭ ঠাইত আধাৰশিলা’– ব’হাগৰ এই ‘শ্ৰেষ্ঠতম উপহাৰ’ত ৰাজ্যবাসীয়ে আনন্দ কৰিব পাৰিছেনে? আপাতঃ দৃষ্টিত ৰাজ্যত স্বাস্থ্যসেৱাৰ আন্তগাঁথনি উন্নত হোৱাৰ এই বৃহৎ পৰিকল্পনাত ৰাজ্যবাসী সুখী নোহোৱাৰ কাৰণ নাই৷ কেন্সাৰ চিকিৎসাৰ বাবে ৰাজ্যখনৰ হাজাৰ হাজাৰ লোকে এতিয়া মুম্বাই,ভেলোৰৰ ট্ৰেইন ধৰিবগৈ নালাগে৷ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্বনৰ এই বৃহৎ প্ৰকল্পত স্বনামধন্য ৰতন টাটাই সক্ৰিয় সহযোগিতা আগবঢ়াইছে৷ ৰাজ্য চৰকাৰ গৌৰৱান্বিত; দেশৰ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাই ডিব্ৰুগড়ৰ বিশাল জনসভাৰ শত-সহস্ৰ লোকক সাক্ষী কৰি ৭খন কেন্সাৰ হাস্পতাল উদ্বোধন কৰাৰ উপৰি সাতখন কেন্সাৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰিছে৷ উৎফুল্লিত চৰকাৰে ৰাজ্যৰ চুক-কোণ বাদ নিদিয়াকৈ মানুহ গোটাইছে আৰু মানুহভৰ্তি বাছবোৰ গন্তব্য স্থানলৈ দৌৰাইছে৷ কেন্সাৰ চিকিৎসা প্ৰকল্পৰ অংশীদাৰ হৈছে এই বাছভৰ্তি মানুহবোৰ৷ চৰকাৰে হাত খুলি ব্যয় কৰিছে এই ‘ঐতিহাসিক’ ক্ষণৰ নামত৷ ৰাইজ সুখী হৈছেনে? এই যে বছৰি ৩২,৯৪৯জন লোক কেন্সাৰ চিকিৎসাৰ বাবে বাহিৰলৈ যায়, কামৰূপ [মেট্ৰো]তেই প্ৰতি লাখ মানুহৰ মাজত গড়ে ১৭০ জনেই কেন্সাৰ ৰোগী বুলি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰতিবেদন দিছিল– এতিয়া ৰাজ্যখনে এই ভয়াৱহ পৰিস্থিতি ৰ আৰু মুখামুখি হ’ব নালাগিব নেকি! ৰতন টাটাৰ উদাৰতাত এধানিমানো সন্দেহৰ চিন নৰখাকৈ হ’লেও এটা কথা ক’বই লাগিব যে মাছ-পুঠি থকা পানীলৈহে বগলী ঢপলিয়াই আহে৷ দেশৰ ভিতৰতে অদ্বিতীয় কেন্সাৰ চিকিৎসাৰ প্ৰকল্প ৰূপায়ণৰ দ্বাৰা ইয়াকেই প্ৰতিপন্ন কৰা যায় যে ৰাজ্যখনত কেন্সাৰৰ প্ৰকোপ বেছি৷ স্থানান্তৰত বিশেষজ্ঞসকলে ইতিমধ্যেই কৈ গৈছে যে অসমকে ধৰি সমগ্ৰ অঞ্চলটোত ধঁপাত-জাতীয় দ্ৰব্যৰ অতিমাত্ৰা সেৱনে পুৰুষ-মহিলা উভয়ৰে কেন্সাৰৰ অন্যতম কাৰণ হৈ পৰিছে৷ ৰাজ্যত গুট্‌খাজাতীয় সামগ্ৰীৰ ওপৰত কাহানিবাই তদানীন্তন স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিবন্ধকতা আৰোপ কৰিছিল৷ সেই প্ৰতিবন্ধকতা এতিয়া ৰজাঘৰ-প্ৰজাঘৰ সকলোৱেই পাহৰিলে৷ ৰাজ্যখনৰ চুকে-কোণে,চহৰে-গাঁৱে বয়স তথা লিংগ ভেদে বাটে-ঘাটে গুট্‌খাৰ পেকেট খুলি মুখত ভৰোৱা দৃশ্য তেনেই সহজলভ্য৷ চৰকাৰৰ ধঁপাত বিৰোধী সজাগতা অভিযান আৰু গুট্‌খা জাতীয় সামগ্ৰীৰ সুদৃশ্য মুকলি বিজ্ঞাপন তথা বিক্ৰী সমান্তৰালভাৱে নিৰন্তৰ চলি আছে৷ অভিজ্ঞসকলে এই কথাও উনুকিয়াই দিছে যে প্ৰদূষণে ৰাজ্যখনত কেন্সাৰৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷ ৰাজ্যত কাগজে-পত্ৰই, অফিচে-কাৰ্যালয়ে প্ৰদূষণ প্ৰতিৰোধৰ ব্যৱস্থা-পাতি আছে যদিও বাস্তৱ ছবিখন কাৰো অজানা নহয়৷ ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধ সমান শক্তিশালী হ’লেহে উপশমৰ ব্যৱস্থা সম্পূৰ্ণ হোৱা বুলিব পাৰি৷ অন্য এক লক্ষণীয় কথা হৈছে এয়ে যে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ মাজত ২০১৭ চনত হোৱা চুক্তি মতে টাটাই এই কেন্সাৰ প্ৰকল্পৰ বাবে সকলো প্ৰয়োজনীয় সা-সৰঞ্জাম, যন্ত্ৰপাতিৰ ব্যয় বহন কৰাৰ বিপৰীতে ভূমি তথা মানৱ সম্পদ অৰ্থাৎ চিকিৎসক, চিকিৎসা কৰ্মীসকলৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব লাগিব৷ প্ৰাপ্ত তথ্যমতে, অসম চৰকাৰে সদ্য নিৰ্মিত মেডিকেল কলেজসমূহত যথোপযুক্ত চিকিৎসকক নিযুক্তি দিব পৰা নাই৷ ‘পৰিদৰ্শন’ৰ সময়ত হেনো ৰাতিৰ ভিতৰতে চিকিৎসক-অধ্যাপকক নিৰ্দিষ্ট ঠাইত ‘হাজিৰ’ হোৱাৰ কাঢ়া নিৰ্দেশ দিয়া হয়৷ এয়া যদি মিছা আৰু অভিসন্ধিমূলক অভিযোগ,তেন্তে, চৰকাৰে তথ্যপাতিসহ এনে অভিযোগৰ খণ্ডন কৰা উচিত৷ আৰু যদি ই সঁচা আৰু এনেধৰণেৰে কেন্সাৰ চিকিৎসাৰ আন্তঃগাঁথনি গঢ়িবলৈ লোৱা হয়, তেন্তে ই হ’ব ৰাইজৰ প্ৰতি ‘ব’হাগৰ নিকৃষ্ট ল’ৰা-ধেমালি’৷