Logo
image

শিৱ পলিমাৰৰ ‘জতুগৃহ’ত হেৰাল শ্ৰমিক! নহ’ল তদন্ত

৬ শ্ৰমিকৰ সন্ধানত দিশহাৰা পৰিয়াল

আমাৰ অসম,১ মেঃ বিধবংসী অগ্নিকাণ্ডৰ পাছত সুদীৰ্ঘ এসপ্তাহ ধৰি উমি উমি জ্বলি আছে গুৱাহাটীৰ যোৰাবাটৰ শিৱ পলিমাৰ বস্তাৰ উদ্যোগটো৷ বিগত ২২এপ্ৰিলৰ নিশা আকস্মিকভাৱে বহিৰাগত ব্যৱসায়ী অভিশেষ আগৰৱালাৰ মালিকাধীন ১৪ মাইলস্থিত কেইবা মহলীয়া বস্তাৰ কাৰখানাটোত অগ্নিৰ সূত্ৰপাত হোৱাৰ পাছত অসম আৰু মেঘালয়ৰ ২৯ খন ফায়াৰ ব্লিগ্ৰেডেৰে দুদিনৰ মূৰত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল৷ আৱাসিক অঞ্চলত স্থাপন কৰা উদ্যোগটোত অগ্নিকাণ্ডৰ ফলত ৫০ কোটি টকা সা-সম্পত্তি লোকচান হোৱা বুলি মালিক পক্ষই দাবী কৰিছে যদিও অগ্নিকাণ্ডৰ পাছৰে পৰা কাৰখানাটোত কৰ্মৰত ৬জন শ্ৰমিক সন্ধানহীন হৈ থকা বুলি বিস্ফোৰক অভিযোগ উঠিছে৷ শতাধিক শ্ৰমিক নিয়োজিত কাৰাখানাটোত অগ্নিৰ সূত্ৰপাতৰ পাছতেই এটা জেনেৰেটৰ বিস্ফোৰণ হোৱাত নিমিষতে সমগ্ৰ জুইৰে আগুৰি ধৰিছিল৷ সেই সময়ত কৰ্তব্যৰত শ্ৰমিকসকলে প্ৰাণ ৰক্ষাৰ বাবে যিয়ে যেনেকৈ পাৰে ওপৰৰ পৰা জাঁপ দি হ’লেও পলায়ন কৰিছিল যদিও তেতিয়াৰে পৰা ৬জন শ্ৰমিক সন্ধানহীন হৈ থকা বুলি খোদ একাংশ শ্ৰমিকে অভিযোগ কৰিছে৷ মহাভাৰতৰ ‘জতু-গৃহ’ৰ দৰেই শ্ৰমিক কেইজন কাৰখানাটোৰ লেলিহাল জুই মাজত হেৰাই যোৱাৰো আশংকা কৰিছে একাংশ শ্ৰমিকে৷ কিন্তু আশ্বৰ্যজনক বিষয়টো হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটোৰ এসপ্তাহ অতিক্ৰম কৰিলে যদিও আজি  পৰ্যন্ত প্ৰশাসনে ৰহস্যজনক কাৰণত কোনো তদন্তই নকৰিলে৷ এই মুহূৰ্তত প্ৰশাসনৰ হাতত অগ্নিকাণ্ডত শ্ৰমিকৰ হতাহতিৰ কোনো তথ্যও নাই৷ ইপিনে এই ঘটনাৰ পাছতো মৌন হৈ আছে স্বত্বাধিকাৰী অভিশেষ আগৰৱালা৷ প্ৰশাসনৰ কোনো অনুজ্ঞাপত্ৰ অবিহনে আৱাসিক এলেকাত অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰীৰ পৃষ্ঠপোষকতাত অভিশেষ আগৰৱালাই বস্তাৰ উদ্যোগটো গঢ়ি তুলিছিল বুলিও অভিযোগ উঠিছে৷ অগ্নি নিৰ্বাপকৰ কোনো প্ৰাথমিক সুবিধা নথকা উদ্যোগটোৰ অগ্নিকাণ্ডৰ তদন্ত কৰিলে কেচু-খান্দোতে সাপ ওলোৱাৰ ভয়ত প্ৰশাসনক তদন্ত গাপ দি ৰাখিবলৈ বাধ্য কৰোৱা বুলিও শিৱ পলিমাৰৰ মালিকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে৷ যদিহে শ্ৰমিক সকলে কৰা অভিযোগ সত্য হয়,অগ্নিকাণ্ডৰ পাছৰে পৰা ৬জন,শ্ৰমিক সন্ধানহীন হৈ আছে,তেনেহ’লে কেনে ভয়ংকৰ ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছে সেয়া নকলেও অনুমেয়৷ কিয়নো বৰ্তমানো কাৰখানাটো উমি উমি জ্বলি থকা বাবে ধবংসস্তুপৰ মাজত  আন কোনো সতীৰ্থ শ্ৰমিকেও সন্ধানহীন সতীৰ্থ কেইজনৰ সন্ধান চলাবলৈ সক্ষম হোৱা নাই৷