Logo
image

অসমক হিন্দুৰাজ্য কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান শংকৰাচাৰ্যৰ

আমাৰ অসম,১ মেঃ ভাৰতক ধৰ্মনিৰপেক্ষতাৰ কলংকৰ পৰা মুক্ত কৰিবলৈ কৈ চৰম বিতৰ্কিত মন্তব্য কৰা পুৰীৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতী মহাৰাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমক হিন্দু ৰাজ্য কৰাৰ বাবে আহ৩ান জনাইছে৷ দুদিন পূৰ্বে  পুৰীৰ নিশ্চলানন্দই গুৱাহাটীত কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ  বাবে বাহৰ পাতি আছিল৷ সেই স্থানতে নিশ্চলানন্দক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সেই সাক্ষাৎকালত উভয়ৰ মাজত কি বাৰ্তালাপ হৈছিল সেই সন্দৰ্ভত এজনেও মুকলিকৈ প্ৰকাশ কৰা নাছিল৷ গুৱাহাটীৰ পৰা নিশ্চলানন্দ ডিব্ৰুগড়লৈ যায় আৰু সম্প্ৰতি তেওঁ ডিব্ৰুগড়তে বাহৰ পাতি আছে৷ ডিব্ৰুগড়ত তেওঁ ঘনিষ্ঠ কেইজনমান ভক্তৰ আগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি উপদেশ দিলে সেই সন্দৰ্ভত সবিশেষ জনাওতেই  এই কথাও ক’লে যে,তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমখনক সম্পূৰ্ণৰূপে হিন্দু ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে৷ তেওঁ মুখ্যমন্ত্ৰীক কয়,ইতিমধ্যে এবছৰ অতিক্ৰম কৰিছে৷ মুখ্যমন্ত্ৰীৰ হাতত এই অভিযান সম্পূৰ্ণ কৰিবলৈ আঢ়ৈ বছৰ সময় বাকী আছে৷  এই আঢ়ৈ বছৰৰ ভিতৰত তেওঁ যাতে অসমক সম্পূৰ্ণৰূপে হিন্দু ৰাজ্যত পৰিণত কৰে৷ উল্লেখ্য নিশ্চলানন্দই আঢ়ৈ বছৰৰ সীমা কি উদ্দেশ্যত দিলে সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই৷ ইপিনে নিশ্চলানন্দই তেনে উপদেশ দিয়া বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ফালৰ পৰা প্ৰকাশ কৰা নাই৷ এই বক্তব্যৰ বিষয়ে প্ৰকাশ কৰিছে নিশ্চলানন্দৰ ডিব্ৰুগড়ৰ এজন অতি ঘনিষ্ঠ ভক্তই৷ 

পুৰীৰ গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য নিশ্চলানন্দ সৰস্বতী মহাৰাজে গুৱাহাটীত সাংবাদিকৰ মুখামুখি হৈ দেশৰ সংবিধানত প্ৰত্যাহ্বান জনাব পৰাকৈ সংবিধানৰ প্ৰতি  যথেষ্ট অসন্মানজনক বক্তব্য আগবঢ়াইছিল৷ তেওঁ সাংবাদিকৰ আগত কৈছিল যে ভাৰতক ধৰ্মনিৰপেক্ষতাৰ কলংকৰ পৰা মুক্ত কৰিব লাগে৷ সেই বক্তব্যৰ জৰিয়তে নিশ্চলানন্দ নামৰ ধৰ্মগুৰুজনে পোনপটীয়াকৈ দেশৰ সংবিধানক উলংঘা কৰিছে৷ কিয়নো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাতে দেশখন ধৰ্মনিৰপেক্ষ বুলি উল্লেখ কৰা আছে৷ ধৰ্মনিৰপেক্ষতাৰ এই বৈশিষ্ট্য এতিয়াও সংবিধান সংশোধন কৰি যিহেতু অপসাৰণ কৰা নাই, সেয়ে নিশ্চলানন্দ নামৰ ধৰ্মগুৰুজনৰ এই বক্তব্য ভাৰতীয় সংবিধানৰ চৰম উলংঘন বুলি সকলো সচেতন নাগৰিক পতিয়ন গৈছে৷ গুৱাহাটীত তেওঁ কৈছিল– ‘কোনো ব্যক্তি বা বস্তু ধৰ্মনিৰপেক্ষ হোৱাটো সম্ভৱপৰ নহয়৷ চকু ধৰ্মনিৰপেক্ষ হ’লে মানুহ অন্ধ হ’ব৷ কাণ ধৰ্মনিৰপেক্ষ হ’লে কলা হ’ব৷ জিভা ধৰ্মনিৰপেক্ষ হ’লে বোবা হ’ব৷ ইয়াৰ অৰ্থ হৈছে ধৰ্মই সকলোৰে অস্তিত্ব নিৰূপণ কৰে৷ ধৰ্ম অবিহনে কোনো বস্তুৰে অস্তিত্ব নিৰূপণ নহয়৷ এই সত্যক বুজি ভাৰতক ধৰ্মনিৰপেক্ষতাৰ কলংকৰ পৰা মুক্ত কৰিব লাগে৷ ধৰ্ম,ৰাষ্ট্ৰ,ধৰ্মৰ জগতত বিপ্লৱ আনিব লাগিব৷  ধৰ্মনিৰপেক্ষ বুলি কোনো বস্তু বা ব্যক্তি নাই৷’ তেওঁ ভাৰতীয় সংবিধানৰ ২৫ নম্বৰ ধাৰাত জৈন,বুদ্ধ,শিখ আদি ধৰ্মক হিন্দুৰূপে ঘোষিত কৰা হৈছে বুলি উল্লেখ কৰে৷ 

নিশ্চলানন্দ নামৰ ধৰ্মগুৰুজনে অসমলৈ আহি ধৰ্ম আৰু দেশৰ ধৰ্মনিৰপেক্ষতা সন্দৰ্ভত কৰা চৰম বিতৰ্কিত আৰু যুক্তিহীন বক্তব্যৰ বিৰোধিতা কৰিছে সাহিত্যিক-বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁয়ে৷ সংবাদ পত্ৰলৈ প্ৰেৰণ কৰা এটা বিবৃতিত ড॰ হীৰেন গোহাঁয়ে এনে ধৰ্মগুৰুৰ বক্তব্যৰ পৰা সময় থাকোতেই ৰাইজক সাৱধান হ’বলৈ আহ্বান জনাইছে৷ সেই বক্তব্যত তেওঁ পুৰীৰ শংকৰাচাৰ্যৰ নানা উক্তি অতি অসংগত আৰু বিপজ্জনক বুলি মন্তব্য কৰিছে আৰু গৰিহণা দিয়া বুলি উল্লেখ কৰিছে৷ ড॰ হীৰেন গোহাঁয়ে কয়– ‘তেওঁ ভাৰতৰ মানুহৰ ধৰ্ম হিন্দু ধৰ্ম বুলি কৈ সত্যৰ অপলাপ কৰিছে৷ হিন্দু ভাৰতৰ গৰিষ্ঠসংখ্যক লোকৰহে ধৰ্ম৷ বহু ভাৰতীয় লোক হিন্দু নহয় আৰু হিন্দু ধৰ্মৰ মাজতো বিভিন্ন ক্ষেত্ৰত বিস্তৰ অনতিক্ৰম্য পাৰ্থক্য দেখা যায়৷ অতি তাৎপৰ্যপূৰ্ণ কথা এয়ে যে অতীজৰ পৰা অসমৰ মানুহে কোনো শংকৰাচাৰ্যতকৈ মহাপুৰুষ শংকৰদেৱৰ প্ৰতিহে আস্থা জ্ঞাপন কৰি আহিছে৷ আমাৰ ৰাষ্ট্ৰৰ আধাৰ পাকিস্তানৰ দৰে ধৰ্ম নহয়,বিভিন্ন ধৰ্মৰ সকলো নাগৰিকৰ স্বাধীন বিচাৰ আৰু সহমতহে৷ সংবিধানখন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ঐতিহ্যবাহী আৰু গভীৰ দেশপ্ৰেম থকা বিশিষ্ট অগ্ৰণী নেতৃবৃন্দই দুবছৰ ধৰি অক্লান্ত,নিৰৱচ্ছিন্ন পৰিশ্ৰমেৰে প্ৰণয়ন কৰিছিল৷ আজিলৈকে দেশৰ গৌৰৱ আৰু জনগণৰ স্বাধীনতাৰ ৰক্ষাকৱচ হৈ সি বিৰাজ কৰিছে৷ ইয়াক বৰ্জন কৰাৰ পৰিণাম হ’ব দেশক অৰাজকতা আৰু ঘোৰ স্বৈৰতন্ত্ৰৰ পিনে ঠেলি দিয়া৷ হিন্দু ৰাষ্ট্ৰৰ হৈ এই উগ্ৰ আৰু উন্মুক্ত ওকালতি অত্যন্ত ক্ষতিকৰ বুলি ক’বলৈ মই বাধ্য হৈছো৷ অসমৰ ৰাইজক তাৰ বিৰুদ্ধে সময় থাকোতেই সাৱধান হ’বলৈ আহ্বান জনাইছে৷’