Logo
image

ডিব্ৰুগড়ত গৰুৰ বাবে এম্বুলেন্স সেৱা মুকলি

আমাৰ অসম,১মেঃ এইবাৰ মানুহ নহয়,গৰুক আকস্মিকভাৱে চিকিৎসা সেৱা আগবঢ়াবলৈ ডিব্ৰুগড়ত মুকলি কৰা হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন গো এম্বুলেঞ্চ৷ শুক্ৰবাৰে ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰিস্থিত গোপাল গোশালাত এই গো এম্বুলেঞ্চখন আনুষ্ঠানিকভাৱে  মুকলি কৰিলে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে৷ বিভিন্ন দুৰ্যোগ আৰু ৰোগত আক্ৰান্ত হৈ মৃত্যু সৈতে যুঁজি থকা গোধনক সুৰক্ষা আৰু চিকিৎসা প্ৰদান কৰিবৰ বাবেই শুক্ৰবাৰে ডিব্ৰুগড়ত এই অত্যাধুনিক আৰু উন্নত মানৰ এম্বুলেন্সখন মুকলি কৰা হয়৷ উল্লেখ্য,আজিৰ তাৰিখতো ৰাজ্যৰ বহু ঠাইত মানুহৰ বাবে নাই এম্বুলেন্স৷ এম্বুলেন্সৰ অভাৱত ৰাজ্যৰ বিভিন্ন ঠাইৰ ৰোগীক ঠেলা,গৰুগাড়ী,ঘোৰাগাড়ীত হাস্পতাললৈ নিয়াৰ ঘটনা বিভিন্ন সংবাদ মাধ্যমতো প্ৰচাৰিত হৈ আহিছে৷ যিখন জিলাত গৰুৰ বাবে এম্বুলেন্স মুকলি কৰা হৈছে সেইখন জিলা ১৭০খন চাহ বাগিছাৰ প্ৰায় ১০০খনতে নাই ডাক্তৰ-এম্বুলেন্স৷ ১৯০১ চনত স্থাপন কৰা গোপাল গোশালাত গোধনৰ চিকিৎসাৰ বাবে তিনি বছৰৰ পূৰ্বে সুৰভী আৰোগ্যশালা নামৰ গো-হাস্পতালখন মুকলি কৰা হৈছিল৷ ইয়াৰ পিছতে বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হোৱা অথবা শাৰীৰিকভাৱে অসুস্থ হোৱা গোধনৰ চিকিৎসাৰ বাবে অনাৰ ক্ষেত্ৰত এম্বুলেঞ্চৰ অভাৱ অনুভৱ কৰি আহিছিল৷ শেহতীয়াকৈ শ্ৰী গোপাল গোশালা কমিটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন গো এম্বুলেঞ্চ মুকলি কৰি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰায় ১৪ লাখ টকা ব্যয়েৰে হায়দৰাবাদৰ পৰা ক্ৰয় কৰা হাইড্ৰলিক এম্বুলেন্সখনে এতিয়া পৰা উজনি অসমৰ বিভিন্ন জিলাত গৰুক জৰুৰী চিকিৎসাৰ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ’ব আশা প্ৰকাশ কৰিছে গোপাল গৌশালা কৰ্মকতাসকলে৷ ইফালে শুক্ৰবাৰে সন্ধিয়া এম্বুলেঞ্চ মুকলিৰ উপলক্ষে অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপায়ুক্ত বিশ্বজিত পেগুৱে গোপালা গোশালা সমিতিয়ে গ্ৰহণ কৰা এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে৷ গোপাল গোশালাৰ সমন্বয়ক শৈলেশ জৈনে আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ,গোপাল গোশালাৰ সভাপতি নিৰ্মল বেৰীয়া,সম্পাদক অশোক ধানোকাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে৷ উল্লেখ্য, গোপাল গোশালাত বৰ্তমানলৈকে গৰুৰ সংখ্যা প্ৰায় চাৰি শতাধিক৷ সুৰভী আৰোগ্যশালাত ২৪ ঘণ্টাই পশুপালক চিকিৎসক আৰু ৪০জন সহায়কৰ জৰিয়তে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে গোপাল গোশালা কমিটিয়ে৷