Logo
image

শিক্ষা জৰুৰী, জীৱন ততোধিক

অসমত এজনো লোক ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত নৌহওঁতেই বন্ধ কৰি দিয়া শিক্ষানুষ্ঠানসমূহ এতিয়া প্ৰতিদিনে গড়ে তিনি হাজাৰকৈ লোক আক্ৰান্ত হোৱাৰ সময়ত পুনৰ খুলিবলৈ ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনাই বিবুদ্ধিত পেলাইছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱ কৰ লগতে শিক্ষকসকলকো৷ কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্যবিধি মানি চৰ্তসাপেক্ষে শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পাছতে অসমতো শিক্ষা বিভাগে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ নিৰ্দেশ দিছে যদিও এই ক্ষেত্ৰত নিৰ্ধাৰণ কৰা নিয়মাৱলীসমূহ পালন কৰাটো কিমানদূৰ সম্ভৱ আৰু সফল হ’ব সেয়া পাঠদান আৰম্ভ হোৱাৰ পাছতহে নিৰ্ণয় কৰিব পৰা যাব৷ এই বছৰৰ আৰম্ভণিতে ক’ভিড অতিমাৰীৰ বাবে বন্ধ হৈ পৰা শিক্ষানুষ্ঠানসমূহ নুখুলিলে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ অমূল্য এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ আশংকাই সকলোকে উদ্বিগ্ন কৰি ৰাখিছে৷ শৈক্ষিক ধাৰাবাহিকতা ৰক্ষাৰ বাবে কেতবোৰ শিক্ষানুষ্ঠানে অনলাইন পাঠদান অব্যাহত ৰাখিছে যদিও সকলো বিদ্যালয়ৰ ক্ষেত্ৰত এই ব্যৱস্থা সম্ভৱ নহয়৷ অনলাইন পাঠগ্ৰহণৰ বাবে অপৰিহাৰ্য হৈ পৰা লেপটপ কম্পিউটাৰ বা স্মাৰ্টফোন নাই বহু ছাত্ৰ-ছাত্ৰীৰ৷ কৰ’না অতিমাৰীয়ে কঢ়িয়াই অনা অৰ্থনৈতিক দুৰ্যোগৰ মাজত আৰ্থিকভাৱে দুৰ্বল অভিভাৱকে হঠাতে নিজৰ সন্তানৰ বাবে এটা লেপটপ বা স্মাৰ্টফোন যোগাৰ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰা পৰিস্থিতিত অনলাইন পাঠদানৰ সীমাবদ্ধতা সকলোৱে উপলব্ধি কৰিছে৷ তদুপৰি চহৰ অঞ্চলতে নিৰ্ভৰযোগ্য হৈ নুঠা ইণ্টাৰনেট ব্যৱস্থাই আওহতীয়া গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক কিমান উপকৃত কৰিব পাৰিব সেয়া সহজেই অনুমেয়৷ অনলাইন পাঠদানৰ এনে প্ৰতিকূলতাই এটা সম্পূৰ্ণ শিক্ষাবৰ্ষ নষ্ট নোহোৱাকৈ ৰখাৰ বাবে কাৰ্যকৰী ৰূপত সকলোকে সামৰি শৈক্ষিক কাৰ্যসূচীসমূহ চলাই নিয়াৰ ক্ষেত্ৰত শ্ৰেণীকোঠালৈ উভতি যোৱাৰ বাহিৰে কোনো বিকল্প নোহোৱা কৰিছে৷ সেই দিশৰ পৰা শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ কৰিবলৈ লোৱা চৰকাৰৰ সিদ্ধান্ত একে আষাৰে অপ্ৰয়োজনীয় বুলি ক’ব নোৱাৰি যদিও বৰ্তমান প্ৰায় নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰা ক’ভিড সংক্ৰমণৰ সময়ত ইয়াৰ উপযোগিতা আৰু সাৰ্থকতাৰ বিষয়ে ইতিমধ্যে ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সংক্ৰমণ বৃদ্ধিৰ এই গুৰুতৰ পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠালৈ পঠোৱাটো কিমান নিৰাপদ সেই নিশ্চিতি কোনেও দিব নোৱাৰে৷ সেই বাবেই নিজকে দায়মুক্ত কৰি ৰাখিবলৈ শিক্ষা বিভাগে অভিভাৱকৰ অনুমতি-পত্ৰ বাধ্যতামূলক কৰিছে৷ অভিভাৱকসকলক এক দুৰ্ভাৱনাৰ মাজলৈ ঠেলি দিয়া এই ব্যৱস্থা কিমান যুক্তিসংগত? শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰাৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতি সম্পৰ্কে সন্দিহান শিক্ষা বিভাগে অভিভাৱকৰ আপত্তিবিহীন পত্ৰ বিচৰাতকৈ শ্ৰেণীকোঠাত ছাত্ৰ-শিক্ষকৰ স্বাস্থ্যৰক্ষাৰ বাবে বিজ্ঞানসন্মত সকলো ব্যৱস্থা সঠিকভাৱে বলবৎ হোৱাটো নিশ্চিত কৰাটো বেছি জৰুৰী৷ শ্ৰেণীকোঠাত বিভিন্ন স্বাস্থ্যবিধি আৰু সতৰ্কতা অৱলম্বন কৰাটো বাধ্যতামূলক কৰা হৈছে যদিও সেই সকলো বিধি সঠিকভাৱে বলবৎ কৰাটোও বহু শিক্ষানুষ্ঠানৰ বাবে যে সহজসাধ্য নহয় সেয়াও নিশ্চিত৷ এনে পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাবৰ্ষ নষ্ট নোহোৱাকৈ ৰাখিবলৈ চৰকাৰে সদিচ্ছা প্ৰদৰ্শন কৰিছে যদিও ইয়াৰ কাৰ্যকাৰিতা সম্পৰ্কে সন্দেহ মৰিষণ কৰিব পৰা নাই৷ কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেতৰ পাছতো ৰাজধানী দিল্লীকে ধৰি বহুকেইখন ৰাজ্যই পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সময়ত শিক্ষানুষ্ঠান নোখোলাৰ সিদ্ধান্তত অটল হৈ আছে৷ অসমতো ব্যক্তিগত খণ্ডৰ বহুকেইখন আগশাৰীৰ শিক্ষানুষ্ঠানে ২১ ছেপ্টেম্বৰৰ পৰা শ্ৰেণীকোঠাত পাঠদান আৰম্ভ নকৰাৰ সিদ্ধান্ত প্ৰকাশ কৰিছে৷ দীৰ্ঘ লকডাউনৰ পাছত বিশ্বৰ কেতবোৰ দেশত ইতিমধ্যে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যদিও বিদ্যালয় খোলাৰ লগে লগে ব্যাপক হাৰত সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ পিছুৱাই আহিব লগা পৰিস্থিতিৰো সৃষ্টি হৈছে৷ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত অতি উন্নত ব্যৱস্থা সত্ত্বেও আমেৰিকাতো শিক্ষানুষ্ঠান খোলাৰ লগে লগে দেখা দিয়া ক’ভিড সংক্ৰমণৰ নিয়ন্ত্ৰণহীন অৱস্থাই সকলোকে পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰাইছে৷সংশ্লিষ্ট সকলো পক্ষ সচেষ্ট আৰু সচেতন হ’লে সঠিক স্বাস্থ্যবিধি মানি নিৰাপদ শিক্ষাদান নিশ্চয় অসম্ভৱ নহয়৷ কিন্তু এই অতিমাৰীৰ ভয়াৱহতাৰ মাজতো মাস্ক পৰিধান কৰা বা সামাজিক ব্যৱধান ৰক্ষাৰ নূ্যনতম স্বাস্থ্যবিধি মানি নচলা আমাৰ অবোধ নাগৰিকসকলক সাৰথি কৰি ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠালৈ লৈ যোৱাটো একপ্ৰকাৰ দুঃসাহসিক পদক্ষেপ হিচাপে পৰিগণিত হৈছে৷ দেহা থাকিলেহে বেহা, জীৱন থাকিলেহে শিক্ষা৷ ক’ভিড ৰোগীৰ বাবে চিকিৎসালয়ত বিছনা, আই চি ইউ, অক্সিজেনৰ অভাৱ ঘটা এই সংকটময় সময়ত সকলোৱে সৰ্বাত্মক সাৱধানতাৰে অগ্ৰসৰ হওক৷