Logo
image

আলফাৰ ভাষ্য একপক্ষীয় গুৰুত্ব দিয়া নাই আৰক্ষীয়ে

আমাৰ অসম,১ মেঃ অসম আৰক্ষীয়ে প্ৰেৰণ কৰা সঞ্জীৱ শৰ্মা গুপ্তচৰৰূপী নামৰ এজন যুৱকক চিনাক্ত কৰাৰ পাছত ম্যানমাৰ শিবিৰত বন্দী কৰি অসম আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আলফা স্বাধীনে৷ আলফাই এটাৰ পাছত এটাকৈ ভিডিঅ’ৰ জৰিয়তে গুপ্তচৰ সঞ্জীৱৰ ভাষ্য ৰাজহুৱা কৰিলেও আলফাৰ অভিযোগক কোনো গুৰুত্ব দিয়া নাই অসম আৰক্ষীয়ে৷ আনকি সঞ্জীৱ শৰ্মা নামৰ গুপ্তচৰটোৱে  গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ১ কোটি টকাৰ প্ৰলোভন দি আলফাৰ শিবিৰ বোমাৰে উৰুৱাই দিবলৈ যোগদানৰ বাবে প্ৰেৰণ কৰা বুলি আলফাই প্ৰচাৰ কৰিলেও আলফা স্বাধীনৰ ভাষ্য একপক্ষীয় বুলিহে অভিহিত কৰিছে অসম আৰক্ষীৰ বিশেষ শাখাৰ এডিজিপি হীৰেণ নাথে৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত নাথে কয়– ‘আলফাই গুপ্তচৰ প্ৰেৰণৰ সন্দৰ্ভত অসম আৰক্ষীৰ বিৰুদ্ধে যি অভিযোগ কৰিছে সেয়া একপক্ষীয়৷ এই বিষয়টো সম্পূৰ্ণ পৰ্যালোচনা নকৰাকৈ মন্তব্য দিয়াটো উচিত নহয়৷ আলফালৈ পূৰ্বতেও যুৱক-যুৱতী গৈছিল৷ ২০১৭, ২০১৮ আৰু ২০১৯ চনত ৮০জন যুৱকে আলফাত যোগদান কৰিছিল যদিও ইয়াৰে ৪৯জনে পাছত আত্মসমৰ্পণ কৰে৷ ক’ভিডৰ বাবে বিগত দুটা বছৰত যোগদান কৰা নাছিল যদিও এইবাৰ অলপ বেছিকৈ আলফালৈ যুৱক-যুৱতী গৈছে৷ এতিয়া পৰিয়ালসমূহ সচেতন হৈছে৷ ঘৰৰ ল’ৰা নোহোৱা হ’লেই আৰক্ষীক অৱগত কৰে পৰিয়ালে৷ ইয়াৰ পৰা অৱস্থিতি উলিয়াই আলফালৈ যোৱাটো নিশ্চিত কৰিব পাৰি৷’ ইপিনে জেহাদীয়ে অসম তথা উত্তৰ-পূবত বিস্তাৰ লাভ কৰাৰ চেষ্টা চলাই আছে বুলি উল্লেখ কৰি এডিজিপি হীৰেণ নাথে লগতে কয়– ‘অসমত জেহাদীৰ তিনিটা গোট [মডিউল] পোৱা গৈছে৷ এই তিনিওটাৰে যোগসূত্ৰ আছে৷ তেওঁলোক আনছাৰুল বাংলা টীম হিচাপে পৰিচিত৷ জেহাদী এনেকুৱা নহয় যে মানুহ গোট খালে আৰু অস্ত্ৰ লৈ আক্ৰমণ কৰিছে৷ জেহাদীয়ে লাহে লাহে মানুহৰ মাজত প্ৰৱেশ কৰি যিকোনো ব্যক্তিক মানসিকভাৱে প্ৰভাৱিত কৰে৷ কোনো শক্তিৰ লগত জেহাদীয়ে প্ৰত্যক্ষভাৱে যুঁজ নিদিয়ে৷ বৰপেটাত প্ৰথমে বাংলাদেশৰ হাৰুণ ৰছিদ নামৰ জেহাদীটোক গ্ৰেপ্তাৰ কৰা হৈছিল৷ দুবছৰ পূৰ্বে বাংলাদেশৰ পৰা আহিছিল ৰছিদ৷ পশ্চিমবংগলৈ গৈ দেওবন্দৰত প্ৰশিক্ষণ লোৱা লোকসকলৰ সৈতে ওচৰ সম্পৰ্ক গঢ়ি তুলিছিল৷ ইয়াৰ পাছত বৰপেটালৈ আহিছিল৷ বৰপেটাত পশ্চিমবংগ নিবাসী আৰু নিজকে অনাথ বুলি পৰিচয় দিছিল৷ বৰপেটাতে বিবাহ কৰি তলে তলে জেহাদীৰ প্ৰতি মানুহক আকৰ্ষিত কৰিছিল৷ জেহাদীটোৰ পৰা বিভিন্ন পুস্তিকা জব্দ কৰা হৈছিল৷ য’ত জেহাদ কি? জেহাদীৰ কিয় প্ৰশিক্ষণ ল’ব লাগে তাৰ ব্যাখ্যা আছিল৷ আনহাতে, বঙাইগাঁৱৰ যিকেইটা জেহাদী ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল, সিহঁতক আশ্ৰয় দিয়া লোকজন বৰ্তমানেও পলাতক হৈ আছে৷ আশ্বৰ্যজনকভাৱে আশ্ৰয় দিয়া লোকজনৰ গেৰেজত জ্জখন বেংক পাছবুক উদ্ধাৰ কৰা হৈছিল৷ জেহাদীলৈ ক’ৰ পৰা ধন আহিছিল তাৰ তদন্ত অব্যাহত আছে৷’

বিগত এপষেকৰ আগতে তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকজান গাঁৱত আলফাৰ নামলৈ জনৈক দুবৃৰ্ত্তই হিন্দীভাষী ক্ষুদ্ৰ ব্যৱসায়িক ধন দাবী কৰা আৰু এই কাণ্ডৰ লগত জড়িত দলটোৰ এটা দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত গাভৰুভেটি ন গাঁৱৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আলফাৰ নামত ধন দাবী কৰাৰ খবৰ পোৱা গৈছে৷ সংযুক্ত মুক্তি বাহিনী অসমৰ পেডত অৱসৰী শিক্ষক গোপাল ছেত্ৰীলৈ প্ৰেৰণ কৰা ধন দাবী-পত্ৰত আলফাৰ হৈ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসম আৰু বিত্তীয় সচিব ৰূপম অসমে স্বাক্ষৰ কৰিছে আৰু দুই লাখ টকা অসমৰ জনগণৰ সুৰক্ষাৰ স্বাৰ্থত সংগঠনৰ পুঁজিলৈ ছেত্ৰীৰ পৰা বিচাৰিছে৷ কিন্তু, বিগত ১৭ এপ্ৰিলত ছেত্ৰীলৈ প্ৰেৰণ কৰা ভুল শব্দৰ গঠন আৰু বৈয়াকৰণ ভুল সংলগ্ন এই পত্ৰখনৰ গ্ৰহণযোগ্যতা আৰু সত্যতাকলৈ ত্ৰাসিত হোৱাৰ লগতে নিৰাপত্তাহীনতাত ভুগিছে অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল ছেত্ৰী তথা তেওঁৰ পৰিয়ালবৰ্গ৷ উল্লেখ্য যে, বিগত কিছুমাহৰ পূৰ্বে, আলফাৰ পৰা ৰূপম অসমক অব্যাহতি দিয়াৰ খবৰ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছিল আৰু কাকজানৰ ঘটনাৰ পাছত বৰ্তমান সময়ত কোনো দান-বৰঙণি সংগ্ৰহ কৰা হোৱা নাই বুলি আলফাই স্পষ্ট কৰিছিল৷ তৎস্বত্ত্বেও পুনৰ ৰূপম অসম আৰু ৰুমেল অসমৰ নামত ধনদাবী-পত্ৰ প্ৰেৰণ কৰাত এচাম দুষ্টচক্ৰই এই অসামাজিক কাৰ্য সংঘটিত কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে ছেত্ৰীৰ পৰিয়ালৰ লগতে,স্থানীয় ৰাইজে৷ কিন্তু, এই ধনদাবীৰ বিপৰীতে গোপাল ছেত্ৰীয়ে আৰক্ষীৰ ওচৰ চাপিছে যদিও, পৰিয়ালটোৰ লগতে গাঁওখন তথা সমগ্ৰ অঞ্চলটোৰ বাসিন্দাই নিৰাপত্তাহীনতাত ভোগাৰ লগতে, প্ৰশাসনক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ সংলগ্ন কৰিবলগীয়া যে,অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল ছেত্ৰী এজন ক্ষুদ্ৰ চাহ খেতিয়ক আৰু তেওঁৰ দুয়োজন পুত্ৰ বৰ্তমান কৰ্মসূত্ৰে আমেৰিকা যুক্তৰাজ্যৰ নিৱাসী৷