Logo
image

চেলেঞ্জ! পেট্ৰ’লৰ মূল্যহ্ৰাসলৈ বাট নাচাই বাইক বেচি কিনিলে ঘোঁৰা

আমাৰ অসম,১ মেঃ মূল্যবৃদ্ধিক প্ৰত্যাহ্বান চেলেঞ্জ বসুমতাৰীৰ৷ নিত্য ব্যৱহায্য সামগ্ৰীৰ লগতে শেহতীয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বিপাঙত পেলালেও এই সমস্যাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছে বাগ্‌সাৰ চেলেঞ্জ বসুমতাৰী নামৰ এজন ব্যক্তিয়ে৷ সেই উদ্দেশ্যেই তেওঁ মটৰ চাইকেল বিক্ৰী কৰি কিনিলে  এটা ঘোঁৰা৷  হয়,পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে জুৰুলা কৰিছে জনসাধাৰণক৷ পেট্ৰ’লৰ মূল্য এতিয়া ৰাজ্যত প্ৰতি লিটাৰত ১০৫ টকাতকৈও অধিক৷ এনে পৰিস্থিতিত যান-বাহন চলোৱাটো সাধাৰণ লোকৰ বাবে অসাধ্য হৈ পৰিছে৷ অভাৱনীয় হাৰত  পেট্ৰ’লৰ মূল্য বৃদ্ধি হোৱাৰ বাবে  সেয়ে নিজৰ মটৰ চাইকেলখন বিক্ৰী কৰি অৱশেষত ঘোঁৰা ক্ৰয় কৰিলে বাগ্‌সাৰ চেলেঞ্জ বসুমতাৰী নামৰ লোকজনে৷  সঁচাকৈয়ে  মূল্যবৃদ্ধিয়ে জুৰুলা কৰা এয়া হৈছে সৰ্বসাধাৰণ ৰাইজৰ ওচৰত এক  বাস্তৱ ছবি৷ বাগ্‌সাৰ কালপানীৰ চেলেঞ্জ বসুমতাৰীয়ে নিজৰ মটৰ চাইকেলখন ১৫,০০০ হাজাৰ টকাত বিক্ৰী কৰি জিলাখনৰে  আনন্দ বজাৰৰ পৰা ঘোঁৰা এটা ক্ৰয় কৰি আনিলে৷  অৱশ্যে  তেওঁৰ আগৰে পৰা সপোনো আছিল এটা ঘোঁৰা কিনাৰ৷ কিনিব কিনিব বুলি ভাবি থকাৰ সময়তে দিনক দিনে পেট্ৰ’লৰ দাম বৃদ্ধি হোৱাত তেওঁৰ সপোনে  কিছু আগতীয়াকৈ বাস্তৱ  ৰূপ পালে৷ এসপ্তাহ পূৰ্বে  তেওঁ সেয়ে এটা ঘোঁৰা কিনিলে৷  এতিয়া ঘোঁৰাত উঠি চেলেঞ্জ বসুমতাৰীয়ে বিভিন্ন অঞ্চল ভ্ৰমণ কৰে৷  হাট-বজাৰ কৰাকে ধৰি নিজৰ দৈনন্দিন সকলোবিলাক কাম তেওঁ ঘোঁৰাত উঠি গৈয়ে কৰে৷ স্থানীয় বিভিন্ন অঞ্চলত থকা ইষ্ট কুটুম্বৰ ঘৰলৈকো চেলেঞ্জ বসুমতাৰীয়ে ঘোঁৰাত উঠিয়েই আহ-যাহ কৰে৷ চৰ্চা হৈছে, চেলেঞ্জ বসুমতাৰীৰ এই কাৰ্যই অশনি সংকেত কঢ়িয়াই আনিব মটৰ উদ্যোগলৈ৷ বসুমতাৰীয়ে সাংবাদিকক কয়– ‘দিনক দিনে পেট্ৰ’লৰ মূল্য বৃদ্ধি হোৱাত মোৰ দৰে সাধাৰণ লোকৰ বৰ অসুবিধা হৈছে৷  কৰবালৈ যাম বুলি ভাবিলেই দুশ টকাৰ তেল ভৰাব লাগে৷  চৰকাৰৰো যেন পেট্ৰ’লৰ দাম হ্ৰাস কৰাত কোনো মতি-গতি নাই৷ তেওঁলোক নিঃসহায় হৈ বহি থাকে৷ যাৰ ফলত সাধাৰণ লোক নিগমে মৰে৷  সকলো ভাবি চিন্তি মই এটা ঘোঁৰা কিনিলো৷ নাম ৰাখিলো বিক্ৰম  সিং৷  মই পেট্ৰ’ল-ডিজেলৰ সৈতে  মুকলি চেলেঞ্জ কৰিছো৷  এতিয়া মোৰ তেলৰ চিন্তা বাদ৷  এতিয়া ঘোঁৰাত উঠি খট্‌ খট্‌ শব্দ কৰি দিহিঙে-দিপাঙে ঘূৰি ফুৰো৷ মোৰ দেহাও যিহেতু অসুস্থ গতিকে তীব্ৰ বেগত ঘোঁৰা দৌৰিবলৈ নিদিও৷ লাহে লাহেই কদমত অহা-যোৱা কৰো৷’