Logo
image

পৰুৱাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব

প্ৰায়ভাগ লোকৰ ঘৰতে সাধাৰণতে পৰুৱাৰ উপদ্ৰৱ দেখা যায়৷ পৰুৱা যিহেতু দলবান্ধি থাকে,সেয়েহে ঘৰৰ পৰা পৰুৱা একেবাৰে নাইকিয়া কৰাটো সহজসাধ্য নহয়৷ কিন্তু কিছুমান উপায় আছে যাৰ জৰিয়তে পৰুৱাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ উল্লেখ কৰা হ’ল পৰুৱাৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পোৱাৰ কেইটামান উপায়–

[১] গ্লাছ ক্লিনাৰ  আৰু লিকুইড ডিটাৰজেণ্টঃ লিকুইড ডিটাৰজেণ্ট আৰু গ্লাছ ক্লিনাৰ মিহলাই পৰুৱা থকা ঠাইসমূহত ছটিয়াই দিয়ক বা স্প্ৰে কৰক৷ কিছু সময়ৰ পাছত মিশ্ৰণখিনি মচি পেলাওক৷ সপ্তাহত তিনি-চাৰিবাৰ এনে কৰিলে পৰুৱাৰ উপদ্ৰৱ নাইকিয়া হয়৷

[২] হেণ্ড ছপঃ খোৱাৰ আগত বা পাছত আমি সাধাৰণতে যিবোৰ চাবোন বা হেণ্ড ছপেৰে হাত পৰিষ্কাৰ কৰি লওঁ সেই চাবোনৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে৷ সেয়েহে পানীৰ সৈতে হাত ধোৱা চাবোন মিহলাই স্প্ৰে কৰিলে পৰুৱা নাইকিয়া হয়৷

[৩] জালুকগুটিঃ জালুকৰ গোন্ধ পৰুৱাই সহ্য নকৰে৷ যিবোৰ ঠাইত পৰুৱাৰ গতিবিধি বেছি, সেই ঠাইসমূহত পাতল কাপোৰেৰে এমুঠি জালুক বান্ধি ৰাখিলে পৰুৱা নাইকিয়া হয়৷ বিছনা আদিৰ তলৰ পৰা পৰুৱা আঁতৰাবলৈ এই পদ্ধতি প্ৰয়োগ কৰিব পাৰে৷

[৪] পদিনাঃ পৰুৱাৰ পৰা পৰিত্ৰাণ পোৱাৰ এবিধ প্ৰাকৃতিক উপাদান হৈছে পদিনা৷ পিপাৰমেণ্ট অইল অথবা পদিনাৰ তেল পানীৰ সৈতে মিহলাই পৰুৱা থকা ঠাইসমূহত স্প্ৰে কৰিলে পৰুৱা আঁতৰে৷

[৫] ইউকেলিপটাছ তেলঃ ইউকেলিপটাছ গছৰ পাত বা ছালৰ গোন্ধ পৰুৱাই মুঠেই সহ্য কৰিব নোৱাৰে৷ একাপ বা দুকাপ পানীত সামান্য পৰিমাণৰ ইউকেলিপটাছ তেল মিহলাই স্প্ৰে কৰিলে বা ছটিয়ালেও পৰুৱা লাহে লাহে নাইকিয়া হয়৷

[৬] ভিনেগাৰঃ ভিনেগাৰৰ সহায়তো পৰুৱাৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ পানীৰ সৈতে সমপৰিমাণৰ ভিনেগাৰ মিহলাই স্প্ৰে কৰিলে পৰুৱা আঁতৰে৷ সপ্তাহত অন্ততঃ এদিন ভিনেগাৰ মিহলোৱা পানী স্প্ৰে কৰি চাব পাৰে৷

[৭] নিম তেলঃ নিম অইল বা নিম তেল পানীৰ সৈতে মিহলায়ো পৰুৱা নাইকিয়া কৰিব পৰা যায়৷ যদি নিম তেল পোৱা নাযায়, তেন্তে নিমপাত সিজোৱা পানী ছটিয়ালেও পৰুৱাৰ উপদ্ৰৱ কমে৷

[৯] কফিঃ কফিৰ গোন্ধ পৰুৱাই সহ্য কৰিব নোৱাৰে৷ ইয়াৰ বাবে ঠাণ্ডা কফি পৰুৱা থকা ঠাইসমূহত ছটিয়াই দিব পাৰে৷