Logo
image

মেডিকেল ট্যুৰিজিম নে ইক’ট্যুৰিজিম

পৰ্যটন খণ্ডৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ছিকিমে এক চমকপ্ৰদ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ বহু প্ৰতিকূলতা সত্ত্বেও ৰাজ্যখনত পৰ্যটনৰ বিকাশৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ, পৰিৱেশ সুৰক্ষা, পৰ্যটনকেন্দ্ৰিক পৰিৱেশ [টুৰিষ্ট ফ্ৰেইণ্ডলী] সৃষ্টিৰ ক্ষেত্ৰত পৰিকল্পিতভাৱে গুৰুত্ব আৰোপ কৰাৰ বাবে ছিকিমে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰৰূপে চিহ্নিত হৈছে৷ পৰ্যটন বিকাশৰ যোগেদি দেশৰ অন্যতম ক্ষুদ্ৰ ৰাজ্যখনে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰিছে৷ শেহতীয়াকৈ উত্তৰ-পূবৰ অন্য এক ৰাজ্য অৰুণাচলে ইয়াৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যক আধাৰ কৰি আন্তঃগাঁথনিৰ অভূতপূৰ্ব বিকাশেৰে ৰাজ্যখনৰ বহু স্থানক পৰ্যটনৰ বাবে উপযোগী কৰি তুলিছে৷ ভাৰতক চিৰবৈৰীৰূপে গণ্য কৰা মহাশক্তিধৰ ৰাষ্ট্ৰ চীনৰ সৈতে সীমান্তৰ বহু এলেকা অৰুণাচলৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে ভাৰতৰ নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত কিছু বছৰৰ পৰা কেন্দ্ৰীয় চৰকাৰেও অৰুণাচলৰ আন্তঃগাঁথনি নিৰ্মাণ, সৰ্বাংগীন বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰাটো তাৎপৰ্যপূৰ্ণ৷ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, অৰুণাচলৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নিজৰ ৰাজ্যখনক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাই তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ বৰ্তমান সময়ত অৰুণাচলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ বলীউডৰ বহু তাৰকা যেনে আমিৰ খান, ছলমান খান, সঞ্জয় দত্ত আদিয়ে ভিৰ কৰিছে৷ শেহতীয়াকৈ সঞ্জয় দত্তই অংশ গ্ৰহণ কৰা এক ভিডিঅ’ৰ যোগেদি প্ৰকৃতিৰ ৰম্যভূমি অৰুণাচললৈ দেশৰ বিভিন্ন প্ৰান্তৰ লোকক আহিবলৈ জনোৱা আহ্বানে সকলোৰে অন্তৰ চুইছে৷ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰ্যটনৰ ইতিহাস বহু পুৰণি৷ ভাৰতবৰ্ষৰ অতি আকৰ্ষণীয় পাহাৰীয়া পৰ্যটন নগৰীসমূহৰ ভিতৰত শ্বিলঙে এক বিশেষ মৰ্যাদা বহু পূৰ্বৰে পৰা লাভ কৰি আহিছে৷ শ্বিলং, চেৰাপুঞ্জী, ম’ছিনৰামৰ উপৰি ৰাজ্যখনৰ বিভিন্ন স্থানৰ জলপ্ৰপাত, প্ৰাকৃতিকভাৱে শিলেৰে নিৰ্মিত গুহা, জলাশয়কে ধৰি বিভিন্ন সমলসমূহ সুন্দৰভাৱে সংৰক্ষণ কৰি মেঘালয়ক অধিক আকৰ্ষণীয় কৰি তোলা হৈছে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মেঘালয়লৈ অধিক পৰ্যটক অনাৰ বাবে লোৱা ভূমিকা প্ৰশংসনীয়৷ উত্তৰ-পূবৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য নাগালেণ্ড, মণিপুৰৰ সৈতে যাতায়াতৰ ব্যৱস্থা সুগম কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ সঠিকভাৱে কাৰ্যকৰী হ’লে এই ৰাজ্য দুখনেও পৰ্যটনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ যাতায়াত ব্যৱস্থা ঠিক নোহোৱা সত্ত্বেও নাগালেণ্ডৰ হৰ্ণবিল উৎসৱে ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লোকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে৷ ক্ৰীড়া, সংস্কৃতি, ঐতিহ্যৰ ক্ষেত্ৰত মণিপুৰ দেশৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ ৰাজ্যৰূপে বিবেচিত হৈ আহিছে৷ পৰ্যটন বিকাশৰ বাবে প্ৰয়োজনীয় দিশসমূহত গুৰুত্ব দিলে নাগালেণ্ড, মণিপুৰেও দেশৰ পৰ্যটন মানচিত্ৰত বিশেষ স্থান লাভ কৰিব৷ উত্তৰ-পূবৰ দুৱাৰমুখ অসমে পৰ্যটনৰ ক্ষেত্ৰত বহুদূৰ আগুৱাই যাব লাগিছিল যদিও সেয়া হৈ উঠা নাই৷ কামাখ্যা মন্দিৰ, কাজিৰঙাৰ বাদে ৰাজ্যখনৰ বাকী পৰ্যটনৰ সম্ভাৱনা থকা স্থানসমূহে গুৰুত্ব লাভ কৰিব পৰা নাই৷ আহোম ৰাজত্বৰ গৌৰৱময় ইতিহাস বহন কৰা ঐতিহ্যমণ্ডিত নগৰ শিৱসাগৰক কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচখন নগৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰি ‘আইকণিক ছিটি’ ৰূপে ঘোষণা কৰা দুবছৰ পাৰ হৈ গ’ল৷ ঐতিহ্যমণ্ডিত নগৰীৰূপে ঘোষণা হোৱাৰ দুবছৰৰ পাছত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এক কেন্দ্ৰীয় অনুষ্ঠান আয়ুস মন্ত্ৰালয়ে শিৱসাগৰত আয়োজন কৰাৰ বাদে এই ক্ষেত্ৰত সামান্যতমো অগ্ৰসৰ হোৱা নাই৷ বাটপথ, আন্তঃগাঁথনি নিৰ্মাণ, পৰ্যটনস্থলীসমূহৰ স্বকীয় মৰ্যাদা অটুট ৰাখি সংৰক্ষিত কৰা আদি বিষয়সমূহ পৰ্যটন বিকাশৰ গুৰুত্বপূৰ্ণ চৰ্ত৷ কিন্তু সাম্প্ৰতিক সময়ত অসমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বহু অংশৰ যি অবৰ্ণনীয় অৱস্থা তাৰ বাবে দূৰৈৰ পৰ্যটকটো বাদেই ৰাজ্যবাসীয়ে যান-বাহনেৰে এই পথছোৱাৰে অহা-যোৱাৰ বাবে বহু ভাবিবলগীয়া হয়৷ অসমৰ ক্ষেত্ৰত পৰ্যটন বিকাশৰ এক ঋণাত্মক ছবি অধিক প্ৰস্ফুটিত হোৱাৰ সময়ত একেলগে টাটা ন্যাস আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত স্থাপন হ’বলগীয়া ১৪খন কেন্সাৰ চিকিৎসালয়কে ধৰি ২০২৫ চনৰ ভিতৰত হ’বলগীয়া মুঠ ১৮খন কেন্সাৰ চিকিৎসালয়ৰ যোগেদি ৰাজ্যখনত স্বাস্থ্য পৰ্যটন [মেডিকেল ট্যুৰিজিম]ৰ এক নতুন অধ্যায় সৃষ্টি হ’ব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে৷ অসমত বছৰি প্ৰায় ধৰা পৰা  প্ৰায় ৫০ হাজাৰ কেন্সাৰ ৰোগীৰ ভিতৰত গৰিষ্ঠসংখ্যক চেন্নাই, মুম্বাই, দিল্লী আদিলৈ ঢাপলি মেলে৷ তেনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কেন্সাৰ চিকিৎসালয় নিৰ্মাণ হোৱাটো সকলোৰে কাম্য৷ ইয়াৰ যোগেদি বহিঃৰাজ্যৰ বা বহিঃৰাষ্ট্ৰৰ ৰোগীয়েও সুফল পাওক আৰু লগতে স্বাস্থ্য পৰ্যটন বৃদ্ধি পাওক৷ কিন্তু পৰ্যটন বিকাশৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ গ্ৰহণ নকৰাৰ বাবে অসমৰ বাকী পৰ্যটন খণ্ডসমূহ যে পঁয়ালগা অৱস্থাত আছে চৰকাৰে উপলব্ধি কৰা উচিত৷ প্ৰাকৃতিক সৌন্দৰ্য, জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত উত্তৰ-পূবৰ সকলো ৰাজ্যই অনন্য৷ গতিকে কেন্সাৰে সৃষ্টি কৰা পৰ্যটনতকৈ আমাক লাগে আমাৰ অপূৰ্ব সম্ভাৰে সৃষ্টি কৰা স্বাস্থ্যসন্মত পৰ্যটন৷ উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ সৈতে সমন্বয়ৰ মাজেদি স্বাস্থ্যসন্মত পৰ্যটনৰ অধিক বিকাশ সাধিব পাৰি৷ মেডিকেল ট্যুৰিজিমতকৈ ইক’ট্যুৰিজিমহে আমাক বেছিকৈ লাগে৷