Logo
image

বৰ্ষপূৰ্তিত অমিত শ্বাহ খানাপাৰাত ২ লাখ

আমাৰ অসম, ২ মে’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ১০ মে’ত এবছৰ সম্পূৰ্ণ কৰিব৷ চৰকাৰৰ প্ৰথম বৰ্ষপূতি উদ্‌যাপনৰ বাবে বিজেপিৰ লগতে দিছপুৰে বিশাল আয়োজন কৰিছে৷ এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাত বিজেপিয়ে এখন সৰ্ববৃহৎ ৰাজহুৱা সভাৰ আয়োজন কৰিছে৷ এই ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ খানাপাৰাত বিজেপিৰ প্ৰায় ২ লাখ কৰ্মকৰ্তাৰ সন্মুখত বক্তব্য ৰাখিব অমিত শ্বাহে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ দিনটোত একাধিক অনুষ্ঠানৰ নিৰ্মাণ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰীয়ে৷ এই লৈ দিছপুৰে যুদ্ধকালীন প্ৰস্তুতিৰে কাম আৰম্ভ কৰিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী আগমনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘১০ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গুৱাহাটীলৈ আহিব৷ উক্ত দিয়া খানাপাৰাত ভাৰতীয় জনতা পাৰ্টীৰ এখন ৰাজহুৱা সভাত গৃহমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিব৷ অসম আৰক্ষীক ৰাষ্ট্ৰপতি নিছান সন্মান প্ৰদান অনুষ্ঠানতো অমিত শ্বাহে অংশ ল’ব৷ অসম আৰক্ষীৰ এই কাৰ্যসূচী ১০ মে’ৰ পুৱা নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটী মেডিকেল কলেজত ছুপাৰ স্পেচিলিয়েটী হাস্পতালৰ নিৰ্মাণ, গুৱাহাটী পুলিচ ৰিজাৰ্ভ কাৰ্যালয়, কামৰূপৰ উপায়ুক্ত কাৰ্যালয়, গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ আৰু এটা তিনিশ আসনযুক্ত বৃহৎ প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও অনুষ্ঠানৰ শুভাৰম্ভ কৰিব৷’