Logo
image

নিৰাপত্তাহীনতাত গুৱাহাটী

গুৱাহাটী মহানগৰত ক্ৰমাগতভাৱে দ্ৰুতগতিত বাঢ়ি অহা অপৰাধমূলক কাম-কাজে সৰ্বস্তৰৰ নাগৰিকৰ বাবে অতিশয় উদ্বেগ আৰু চিন্তাৰ কাৰণ হৈ পৰিছে৷ সাধাৰণ অপৰাধৰ কথা বাদ দিলেও শেহতীয়াকৈ গুৱাহাটীত সংঘটিত বহুকেইটা লোমহৰ্ষক ডকাইতি আৰু হত্যাকাণ্ডৰ পাছত স্বাভাৱিকতেই সৰ্বসাধাৰণ লোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তালৈও প্ৰশ্ন উত্থাপিত হৈছে৷

উত্তৰ-পূবৰ দুৱাৰমুখ আৰু অঞ্চলটোৰ প্ৰধান চহৰ গুৱাহাটীৰ এক সুকীয়া গুৰুত্ব আৰু আকৰ্ষণ আছে৷ গুৱাহাটীয়েই শিক্ষা-বাণিজ্য, স্বাস্থ্যসেৱা আদিৰো প্ৰধান কেন্দ্ৰ হোৱা বাবেই জীৱন আৰু জীৱিকাৰ লগতে আন বিভিন্ন কাৰণত উত্তৰ-পূৰ্বাঞ্চলৰ আন সাতোখন ৰাজ্যৰ উপৰিও দেশৰ বিভিন্ন অঞ্চলৰ পৰা চহৰখনলৈ দৈনিক বৃহৎসংখ্যক লোকৰ আগমন ঘটে৷ অসমৰ সকলো অঞ্চলৰ প্ৰায়সংখ্যক সামৰ্থবান লোকৰ বাবেই যেন গুৱাহাটীত এডোখৰ মাটি বা এটা বাসস্থান জীৱনৰ অন্যতম লক্ষ্য হৈ পৰিছে৷ এনেবোৰ কাৰণতে পাহাৰ, বনাঞ্চল, জলাশয় সকলোতে ব্যাপক ধবংসকাৰ্যই গুৱাহাটীক ইতিমধ্যে এখন ভাৰসাম্যহীন চহৰত পৰিণত কৰিছে৷ প্ৰাকৃতিক সম্পদ ধবংসৰ সমান্তৰালভাৱে জীৱন  যুদ্ধৰ জটিলতাই মানৱীয় মূল্যবোধৰো ব্যাপক অৱক্ষয় ঘটাইছে৷ চোৰ-ডকাইত, ঠগ-প্ৰৱঞ্চনা বাঢ়িছে অভাৱনীয় হাৰত৷ গুৱাহাটী এতিয়া সমগ্ৰ অঞ্চলটোৰে অপৰাধমূলক কাম-কাজৰো কেন্দ্ৰ হৈ পৰিছে৷ এয়া জনসংখ্যা বৃদ্ধি আৰু নগৰীয়াকৰণৰ স্বাভাৱিক পৰিণতি বুলি ধৰি ল’লেও ইয়াক নিয়ন্ত্ৰণ কৰাটো চৰকাৰ আৰু আৰক্ষী বিভাগৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য৷ গুৱাহাটী আৰক্ষীৰ সংস্কাৰ আৰু আধুনিকীকৰণৰ বাবে চৰকাৰে বিভিন্ন সময়ত ৰাজকোষৰ ধন ব্যয় কৰি বহু অভিলাষী কাৰ্যব্যৱস্থা হাতত লৈছে যদিও কাৰ্যক্ষেত্ৰত ইয়াৰ আশানুৰূপ সুফল এতিয়াও পৰিলক্ষিত হোৱা নাই৷ নিৰ্দিষ্ট কেইটামান ঘটনাৰ তদন্তত মহানগৰ আৰক্ষীয়ে সফলতাৰ মুখ দেখিলেও সামগ্ৰিকভাৱে আইন-শৃংখলা আৰু অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এতিয়াও আৰক্ষীৰ অসহায় অৱস্থা দেখিবলৈ পোৱা যায়৷ 

শেহতীয়াকৈ দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষী বাহিনীয়ে এনকাউণ্টাৰ কৰি অপৰাধ নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যদিও এই ক্ষেত্ৰত নিৰপেক্ষতাৰ লগতে আইনসংগত দিশ সম্পৰ্কেও বিতৰ্কৰ সূচনা হৈছে৷ বহুক্ষেত্ৰত নিৰপৰাধী লোকৰ বিৰুদ্ধেও আৰক্ষীৰ গুলী চলা বুলি অভিযোগ উঠিছে৷ আনহাতে এই কাৰ্যৰ ফলত অপৰাধ নিয়ন্ত্ৰণ হোৱা বুলিও দাবী কৰিব পৰা অৱস্থাত উপনীত হ’ব পৰা নাই চৰকাৰ তথা আৰক্ষী৷ আৰক্ষীৰ তালাচী-এনকাউণ্টাৰৰ মাজতে অপৰাধীৰ টিঘিল-ঘিলনিয়ে গুৱাহাটীৰ সাধাৰণ নাগৰিকৰ নিদ্ৰা হৰিছে৷ সাধাৰণ চোৰেও আৰক্ষীৰ উপস্থিতি অনায়াসে উলাই কৰি থানাৰ কাষতে আনকি আৰক্ষীৰ বিষয়াৰ ঘৰতো উপদ্ৰৱ চলোৱাৰ ঘটনা সংঘটিত হৈছে মহানগৰীত৷ প্ৰায় প্ৰতিদিনেই অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় মহানগৰীৰ বিভিন্ন প্ৰান্তত৷ পুত্ৰ-কন্যাৰ পৰা নিলগত অকলশৰীয়াকৈ বাস কৰা কেইবাজনো জ্যেষ্ঠ নাগৰিকৰ হত্যাকাণ্ডৰ পাছত অন্য এক দুঃশ্চিন্তাৰ জন্ম হৈছে গুৱাহাটীবাসীৰ মাজত৷ এনে পৰিস্থিতিত মহানগৰখনৰ সামগ্ৰিক অপৰাধ নিয়ন্ত্ৰণৰ বাবে সঠিক বিশে¡ষণ আৰু গভীৰ পৰ্যালোচনাৰে পৰিকল্পিত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো অতিশয় জৰুৰী হৈ পৰিছে৷ কেৱল এনকাউণ্টাৰৰ দ্বাৰা অপৰাধ নিয়ন্ত্ৰণ কৰিব নোৱাৰি৷ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত নহ’লে মহানখনৰ সামগ্ৰিক উন্নয়ন কেতিয়াও সম্ভৱ নহয়৷ অট্টালিকা ফ্লাইঅ’ভাৰ নিৰ্মাণ হ’লেও অপৰাধৰ কলংকই গুৱাহাটীৰ শিৰণত কৰি ৰাখিব৷