Logo
image

কেন্সাৰত আক্ৰান্ত পুটিন ৯ মে’ত অপাৰেচন

আমাৰ অসম, ৩ মে’: ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আক্ৰান্ত হৈছে পেটৰ জটিল কেন্সাৰ ৰোগত৷ ৯ মে’ত জৰুৰীভাৱে ৰাষ্ট্ৰপতি পুটিনৰ অস্ত্ৰোপচাৰ কৰিব বিশেষজ্ঞ চিকিৎসকৰ এটা দলে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভৱনৰ এটা সূত্ৰই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সদৰি কৰিছে এই তথ্য৷ ৰুছ চৰকাৰৰ এজন উচ্ছপদস্থ বিষয়াই জনোৱা অনুসৰি হাস্পতালত ভৰ্তি হোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি পুটিনে অস্থায়ীভাৱে দেশ শাসনৰ দায়িত্বভাৰ ৰুছ ফেডাৰেল ছিকিউৰিটী ছাৰ্ভিচৰ প্ৰাক্তন শীৰ্ষ বিষয়া নিকোলাই পাত্ৰুশ্বেভৰ হাতত অৰ্পণ কৰিছে৷ ৰাষ্ট্ৰপতি পুটিনৰ কৰ্কট ৰোগৰ অস্ত্ৰোপচাৰ বহু আগতেই সম্পন্ন হ’ব লাগিছিল যদিও বিভিন্ন কাৰণত তেওঁ অস্ত্ৰোপচাৰৰ পৰা বিৰত আছিল৷ ইউক্ৰেইনৰ লগত হোৱা যুদ্ধৰ বাবেও পুটিনে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে হাস্পতালত ভৰ্তি হ’ব পৰা নাছিল৷ শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনৰ শাৰীৰিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটাত অতি শীঘ্ৰে তেওঁক হাস্পতালত ভৰ্তি কৰাবলৈ চিকিৎসকে পৰামৰ্শ দিছে৷ সূত্ৰটোৱে সদৰি কৰা অনুসৰি পুটিনৰ পেটত কৰ্কট ৰোগ ধৰা পৰাৰ লগতে তেওঁ পাৰ্কিনছন ৰোগতো আক্ৰান্ত৷