Logo
image

খুব ভোকত এইবোৰ খাদ্য নাখাব

কামৰ হেঁচাত বহুতে সময়মতে খাদ্য গ্ৰহণ কৰিব নোৱাৰে৷ এনে অৱস্থাত বেছিভাগ লোকেই দুপৰীয়াৰ খাদ্য বিয়লি খাবলগীয়া হয়৷ আন কিছুমানে আকৌ ভোক মুঠেই সহ্য কৰিব নোৱাৰে৷ ফলত এনে লোকে কাষতে যি খাদ্য পোৱা যায়, বিশেষকৈ চিপছ, বিস্কুট, চকলেট বা ফলমূল খাই ভোক নিবাৰণ কৰে৷ কিন্তু জানি থোৱা ভাল যে অত্যধিক ভোকত মূল খাদ্যৰ সলনি যিহকে-তিহকে খালে স্বাস্থ্যৰ ভয়ানক ক্ষতি হ’ব পাৰে৷ উল্লেখ কৰা হ’ল অত্যধিক ভোকত কোনবোৰ খাদ্য গ্ৰহণ কৰাটো অনুচিত–

[১] জ্বলা তথা মছলাযুক্ত খাদ্যঃ বহুতে ভোক লাগিলে কাষতে পোৱা  সহজ খাদ্য যেনে জ্বলা ভুজিয়া, ভজা বুট আদি খাই ভোক আঁতৰায়৷  এনে অভ্যাসে হজমত সমস্যাৰ সৃষ্টি কৰে৷ তদুপৰি খালী পেটত জ্বলা বা মছলাযুক্ত খাদ্য খালে পাকস্থলীত নেতিবাচক প্ৰভাৱ পৰে৷ সেয়ে  জ্বলা বা মছলাযুক্ত খাদ্য খোৱাৰ পূৰ্বে গাখীৰ অথবা দৈ খাওক৷

[২] ফলঃ ফলমূল সাধাৰণতে খালী পেটত খোৱাটো অনুচিত৷ মূল খাদ্য গ্ৰহণৰ কমেও আধাঘণ্টা পাছতহে ফলমূল খাব লাগে৷ কল বা আপেলজাতীয় খাদ্যই দেহত দ্ৰুত শক্তি যোগান ধৰে যদিও এই শক্তি বেছিসময় তিষ্ঠি নাথাকে৷ ফলত ফলাহাৰ কৰাৰ কিছুসময়ৰ পাছতে পুনৰ ভোক লগা আৰম্ভ হয়৷ সেয়ে ভোক লাগিলে ফলমূলৰ সৈতে বাদাম, পিনাট বাটাৰ অথবা পনীৰ আদি খাব পাৰে৷

[৩] কফিঃ অত্যধিক ভোকত ভুলতো কফি নাখাব৷ খালী পেটত কফিয়ে এচিডিটিৰ সৃষ্টি কৰে৷ ফলত পেট বেয়া হোৱাৰ আশংকা থাকে৷ বিশেষকৈ যি সকলৰ গেষ্টি˜কৰ সমস্যা আছে তেওঁলোকে ভোকত ভুলতো কফি খোৱাটো উচিত নহয়৷

[৪] বিস্কুট-চিপ্‌ছঃ ভোক লাগিলে বহুতে চিপ্‌ছ বা বিস্কুট খোৱাটো নতুন কথা নহয়৷ বিস্কুট-চিপ্‌ছ আদিত থকা কাৰ্বহাইড্ৰেট কিছুসময়ৰ পাছতে হজম হৈ যায় ফলত পুনৰ ভোক লাগে৷ সেয়ে অত্যধিক ভোক লাগিলে চিপ্‌ছ বা বিস্কুটৰ সলনি ছেণ্ডুইছ অথবা কেক আদি খাব পাৰে৷