মূল্যবৃদ্ধি! নিয়ন্ত্ৰণহীন বজাৰ
বিগত প্ৰায় এমাহৰ পৰা সৰ্বসাধাৰণৰ মাজত সৰ্বাধিক আলোচ্য বিষয়টো হৈছে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী দাম৷ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা প্ৰতিটো সামগ্ৰীৰে অভাৱনীয়ভাৱে মূল্যবৃদ্ধি হৈছে৷ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ পাছত আন সামগ্ৰীৰ মূল্যত পৰিছে তাৰ প্ৰভাৱ৷ শাক-পাচলি, গেলামাল সামগ্ৰীৰ পৰা জীৱনদায়িনী ঔষধলৈকে সকলো বস্তুৰ মূল্যবৃদ্ধিয়ে সাধাৰণ শ্ৰেণীৰ লোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছে৷ ব্যৱসায়ীসকলৰ যুক্তি হৈছে– পৰিবহণ ব্যয় বৃদ্ধি হোৱাৰ বাবে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিবলৈ তেওঁলোক বাধ্য হৈছে৷ মূল্যবৃদ্ধিৰ ওপৰত কোনো নিয়ন্ত্ৰণ নথকাৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে৷ বিভিন্ন ঠাইত বিৰোধী দলৰ লগতে সৰ্বসাধাৰণ লোক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰা দেখা গৈছে৷ শেহতীয়াভাৱে জানিব পৰা মতে, মূল্যবৃদ্ধিৰ বিষয়টো চোৱাচিতা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন বিশেষ কমিটী গঠন কৰি দিছে৷ এই কমিটীখনে বিভিন্ন পণ্যৰ আমদানি আৰু মূল্যবৃদ্ধিৰ ওপৰত নজৰ ৰাখিব৷ বজাৰত খোৱাতেলৰ উপলব্ধতা আৰু মূল্যৰ ওপৰতো নজৰ ৰখাৰ দায়িত্ব দিয়া হৈছে কমিটীখনক৷ চৰকাৰৰ বাবে এই মুহূৰ্ততত ডাঙৰ প্ৰত্যাহ্বানটো হৈছে ৰন্ধন কাৰ্যত ব্যৱহাৰ হোৱা তেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ অনাটো৷ ভাৰতত খোৱা তেলৰ চাহিদা পূৰাবলৈ হ’লে দুই-তৃতীয়াংশ তেল বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয়৷ ইপিনে, যোৱা সপ্তাহত পাম তেলৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ইণ্ডোনেছিয়াত৷ ফলত আগন্তুক সময়ত খোৱা তেলৰ মূল্য অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ উল্লেখ্য, ইণ্ডোনেছিয়া হৈছে বিশ্বৰ সৰ্বাধিক পাম অইল ৰপ্তানি কৰা দেশ৷ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলত বিশ্বৰ বজাৰত তেলৰ সৰবৰাহত প্ৰভাৱ পৰিছে৷ তাৰ পাছত ইণ্ডোনেছিয়াই খোৱা তেলৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰাত বজাৰত অধিক সংকটে দেখা দিয়াৰ আশংকা কৰা হৈছে৷ কেন্দ্ৰীয় খাদ্য আৰু যোগান বিভাগৰ তথ্য অনুসৰি সকলো প্ৰকাৰৰ খোৱা তেল মিলাই দেশত বৰ্তমান মজুত আছে ২১ লাখ টন তেল৷ এইখিনি তেলে মে’ মাহৰ চাহিদাহে পূৰাব পাৰিব৷
কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে খোৱা তেলৰ মূল্যৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছে৷ কিন্তু কেৱল খোৱা তেলহে কিয়? আন নিত্যব্যৱহাৰ্য সামগ্ৰীৰো অভাৱনীয়ভাৱে মূল্যবৃদ্ধি হৈছে৷ তালৈ চৰকাৰৰ দৃষ্টি নাই কিয়? কংগ্ৰেছৰ শাসনৰ সময়ছোৱাত মূল্যবৃদ্ধিৰ বিষয়টো লৈ সমালোচনাত সৰৱ হৈ পৰা বিজেপি আৰু মিত্ৰদলৰ সদস্যসকল বৰ্তমানৰ এই সমস্যাটোক লৈ চিন্তিত নহয় কিয়? কেৱল খোৱা তেলৰ অত্যধিক মূল্যবৃদ্ধিয়ে একমাত্ৰ সমস্যা নহয়, আন সামগ্ৰীৰ মূল্যও বৰ্তমান নিয়ন্ত্ৰণৰ বাহিৰত৷ এবিধ সামগ্ৰীক একেখন ঠাইতে ভিন্ন মূল্যত বিক্ৰী কৰা হৈছে৷ সকলো ঠাইতে বৰ্তমান শাক-পাচলি উভৈনদী হোৱা সত্ত্বেও অস্বাভাৱিক মূল্যবৃদ্ধি হৈছে৷ কিন্তু এই বিষয়ত চৰকাৰৰ আওকণীয়া মনোভাৱে সাধাৰণ শ্ৰেণীৰ ৰাইজক ক্ষুব্ধ কৰি তুলিছে৷ তাৰ মাজতে অসমৰ এজন বিধায়কৰ এক অবিবেচকী মন্তব্যই মূল্যবৃদ্ধিৰ প্ৰতি যে চৰকাৰ উদাসীন তাকেই সূচাইছে৷ বিধায়কজনৰ মন্তব্য আছিল– ‘মূল্যবৃদ্ধি হৈছে, কমকৈ সামগ্ৰী ক্ৰয় কৰিলেই হ’ল৷’ এনেধৰণৰ মন্তব্য এজন জনপ্ৰতিনিধিৰ মুখত শোভা নাপায়৷ সকলো সময়তে ‘সবকা সাথ, সবকা বিকাশ’ শ্লোগান আওৰাই থকা বৰ্তমানৰ চৰকাৰখনে মূল্যবৃদ্ধিৰ পৰা সাধাৰণ শ্ৰেণীক সকাহ দিয়াৰ ব্যৱস্থা ল’বনে? চৰকাৰী বিষয়া-আমোলাৰ ছত্ৰছায়াত থাকি অসাধু ব্যৱসায়ীসকলে এনেদৰে সাধাৰণ লোকক হাৰাশাস্তি কৰাৰ সাহস কৰিছে নেকি? –এয়াও এটা ডাঙৰ প্ৰশ্ন৷ অনাগত দিনত মূল্যবৃদ্ধি নিয়ন্ত্ৰণলৈ আনিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে কি পদক্ষেপ লয় তাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব৷ এতিয়াই যদি চৰকাৰে সঠিক ব্যৱস্থা নলয়, তেন্তে চুবুৰীয়া দেশ শ্ৰীলংকাৰ দৰে পৰিস্থিতি ভাৰততো উদ্ভৱ হ’বলৈ হয়তো বৰ বেছি দিন নালাগিব৷






