Logo
image

জুৰিয়া, শিলচৰত মহিলাৰ নামাজ

আমাৰ অসম, ৪ মেঃ ৰাজ্যৰ বিভিন্ন স্থানত মঙলবাৰে পুৰুষৰ লগতে মহিলায়ো ঈদৰ সমূহীয়া নামাজত অংশ লয়৷ উল্লেখ্য, মঙলবাৰে পুৱা ৬.৩০ বজাত জুৰিয়াতো অনুষ্ঠিত হয় ঈদ-উল-ফিতৰৰ নামাজ৷ জুৰিয়াত হাদীছ দাৰুল উলুম মাদ্ৰাছাৰ অধ্যক্ষ তথা বিশিষ্ট ইছলামিক পণ্ডিত আব্দুলা মাদানী ইমামৰ দ্বাৰা নামাজ পঢ়োৱা হয়৷ জুৰিয়াত আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছিল ঈদগাহ ময়দানসমূহ৷ আজি পুৱাৰে পৰা শ শ পুৰুষ-মহিলাৰ ভিৰ দেখিবলৈ পোৱা গ’ল ঈদগাহ ময়দানসমূহত৷ বিগত দুটা বৰ্ষত কৰ’নাৰ ভয়াৱহতাৰ বাবে সমূহীয়া নামাজৰ পৰা বিৰত আছিল মুছলমান লোকসকল৷ নামাজৰ শেষত ইমাম চাহাবে বিশ্বশান্তিৰ হৈ দোৱা কৰাৰ লগতে ইছলাম ধৰ্মীয় সকলো মহিলাক অন্য বছৰৰ দৰে এইবছৰো ঈদৰ নামাজত অংশগ্ৰহণ কৰাৰ বাবে শুভেচ্ছা প্ৰদান কৰে৷

কাছাৰত যুৱতী-মহিলাই ভাগ ল’লে ঈদৰ নামাজত

মঙলবাৰে পৱিত্ৰ ঈদ উল ফিতৰৰ নামাজত কাছাৰ জিলাৰ একাংশ ঠাইত পুৰুষৰ সৈতে সমান্তৰালভাৱে যুৱতী-মহিলাই নামাজত অংশগ্ৰহণ কৰে৷ কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিৰ আৰকাটিপুৰ, দয়াপুৰ, সোণাই বিধানসভা সমষ্টিৰ কাজিডহৰসহ বিভিন্ন স্থানত পুৰুষৰ লগতে যুৱতী- মহিলাই ঈদৰ নামাজত অংশগ্ৰহণ কৰে৷ উল্লেখ্য যে, ইছলাম ধৰ্মাৱলম্বীৰ মাজত বিশ্বাস যে, মছজিদত অকল পুৰুষে নামাজ আদায় কৰিব পাৰে৷ প্ৰাচীনকালৰে পৰাই এইটো প্ৰচলিত নিয়ম আছিল৷ কিন্তু যোৱা কেইবছৰমানৰ পৰা উধাৰবন্দ সমষ্টিৰ আৰকাটিপুৰ, দয়াপুৰ, সোণাই বিধানসভা সমষ্টিৰ কাজিডহৰ এলেকাৰ মহিলাই ঈদৰ নামাজ পুৰুষৰ সৈতে সমান্তৰালভাৱে মছজিদত আদায় কৰি আহিছে৷ উল্লেখ্য, মহিলাই মছজিদত নামাজ পঢ়িব নোৱাৰে বুলি ইছলাম ধৰ্মৰ ক’তো পোৱা নাযায়৷ ঈদৰ দিনাৰ বাহিৰে আন দিনতো উক্ত অঞ্চলৰ মহিলাই মছজিদত নামাজ আদায় কৰি আহিছে৷ অৱশ্যে পুৰুষৰ সৈতে সমান্তৰালভাৱে মহিলাই নামাজ আদায় কৰিলেও তেওঁলোকক পাছৰ শাৰীতহে স্থান দিয়া হৈছে৷

কামপুৰত সমূহীয়া নামাজত হিন্দু লোকৰ অংশগ্ৰহণ

সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মীয় লোকে দুটা বছৰ বিৰতিৰ অন্তত পৱিত্ৰ ঈদ উল ফিতৰ আজি অতি উলহ-মালহেৰে পালন কৰাৰ সমান্তৰালকৈ নগাঁও জিলাৰ কামপুৰৰ ঈদগাহসমূহতো সমূহীয়াকৈ নামাজ আদায় কৰে ইছলামধৰ্মী লোকসকলে৷  কঠীয়াতলিত একাংশ হিন্দু লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰি হিন্দু-মুছলমানৰ একতাৰ এনাজৰীডাল সুদৃঢ় কৰি ৰাখিবলৈ চেষ্টা কৰাটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ আনহাতে, কচুৱা, কাকতিগাঁও আদি অঞ্চলসমূহতো শান্তিপূৰ্ণভাৱে সকলোৱে ঈদৰ নামাজ আদায় কৰে৷