Logo
image

এজ্‌মাৰ পৰা সকাহ পাবলৈ এইবোৰ খাদ্য খাওক

বহুতে এজ্‌মা বা হাপানিৰ সমস্যা মূলতঃ বংশগত বুলি ধাৰণা কৰে৷ সেয়ে এজ্‌মা ৰোগীৰ চিকিৎসা আৰম্ভ কৰাৰ সময়ত চিকিৎসকে ৰোগীজনৰ পৰিয়ালত কাৰোবাৰ এজ্‌মা বা হাপানিৰ সমস্যা আছে নেকি সেই বিষয়ে জানি লয়৷ সম্প্ৰতি অত্যধিক প্ৰদূষণৰ বাবে এজ্‌মা ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে৷ শীত কালত এজ্‌মা ৰোগীসকল অধিক সমস্যাৰ সন্মুখীন হয়৷ সেয়ে এনে ৰোগীক সকলো সময়তে লগত ইনহেলাৰ ৰাখিবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়ায়৷ কিন্তু জানি আচৰিত হ’ব যে কিছুমান খাদ্যই এজ্‌মাৰ সমস্যা হ্ৰাস কৰে৷ উল্লেখ কৰা হ’ল কোনবোৰ খাদ্যই এজ্‌মাৰ সমস্যা কমোৱাত সহায় কৰে–

[১] কেপছিকামঃ কেপছিকামত ভিটামিন-চি, এণ্টিঅক্সিডেণ্ট আৰু ফাইটোনিউট্ৰিয়েণ্টযুক্ত উপাদান থাকে৷ এইবোৰ উপাদানে হাপানিৰ সমস্যা কমোৱাত সহায় কৰে৷

[২] ডালিমঃ ডালিমত ফাইবাৰ, ভিটামিন-চি, ভিটামিন-কে আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ যিসকলে হাপানিৰ বাবে শ্বাস-প্ৰশ্বাসৰ কষ্টত ভোগে তেওঁলোকে নিতৌ ডালিম খাব পাৰে৷

[৩] আপেলঃ সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আপেল অত্যন্ত উপকাৰী ফল৷ ইয়াত থকা ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টে ওজন হ্ৰাস কৰাৰ লগতে পেটৰ সমস্যা কমায়৷ তদুপৰি হৃদযন্ত্ৰ সুস্থ ৰখা আৰু কেন্সাৰৰ আশংকা কমায় আপেলে৷

[৪] মটৰ গুটিঃ মটৰ গুটিত ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-কে, ফলিক এচিড, কেলছিয়াম আৰু ফাইবাৰ সমৃদ্ধ উপাদান থাকে৷ এইবোৰে হাড় শক্তিশালী কৰি ৰাখে৷ লগতে শ্বাসকষ্টৰ সমস্যা কমোৱাত সহায় কৰে৷

[৫] পালেং শাকঃ এজ্‌মা ৰোগীসকলে নিতৌ খাদ্য তালিকাত পালেং শাক ৰাখিব পাৰে৷ ইয়াত থকা প্ৰ’টিন, আইৰণ, ভিটামিন, এণ্টিঅক্সিডেণ্ট, ফচফৰাছ আৰু পটাছিয়ামে চুলিৰ লগতে ছাল উজ্জ্বল কৰাৰ উপৰি এজ্‌মাৰ সমস্যা নিয়ন্ত্ৰণ কৰি ৰাখে৷