নিবনুৱাৰে ভাৰাক্ৰান্ত অসমত উন্নয়নৰ সপোন
অসমত বিজেপি-মিত্ৰজোঁট চৰকাৰে ছবছৰ শাসন কৰিলে যদিও যি পৰিৱৰ্তনৰ সপোন বিজেপি-মিত্ৰজোঁট চৰকাৰে জনসাধাৰণক দেখুৱাইছিল, সেই সপোন এতিয়াও বাস্তৱায়িত নহ’ল৷ সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰিত্বৰ দিনত অসম চৰকাৰে যিদৰে ৰাজ্যৰ জনসাধাৰণৰ সাৰ্বিক উন্নয়নৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ নকৰি হ্ৰস্বম্যাদী আঁচনিৰ দ্বাৰা এচাম ভোটাৰক আকৃষ্ট কৰি ৰাজনৈতিক মুনাফা লাভৰ ব্যৱস্থা কৰিলে সেই একেই পদক্ষেপেই গ্ৰহণ কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনেও৷ ৰাজ্যখনৰ উন্নয়ন সাধন কৰাটো চৰকাৰখনৰ দায়িত্ব৷ এই দায়িত্বৰ অংশস্বৰূপে দলং নিৰ্মাণ কৰা, পথ পকী কৰা, ক’ৰবাত শিক্ষানুষ্ঠান স্থাপন কৰা, চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত কৰিছে যদিও বিজেপি-মিত্ৰজোঁট চৰকাৰ অসমত বিগত ছবছৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকক লৈহে অধিক ব্যস্ত আছে৷ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকৰ জীৱন-ধাৰণৰ মান উন্নত কৰা দৰকাৰ যদিও বাকী অংশ লোকৰ প্ৰতি উদাসীনতা কাহানিও কাম্য নহয়৷ হিতাধিকাৰী আঁচনিয়ে জনসাধাৰণক সাময়িক সকাহ দিলেও ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত বিশেষ প্ৰভাৱ নেপেলায়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে যদিহে অসমক ভাৰতৰ পাঁচখন উন্নত ৰাজ্যৰ এখন কৰিব বিচাৰে, তেন্তে ৰাজ্যৰ জনসাধাৰণক কাম কৰি অৰ্থ উপাৰ্জনৰ সুবিধা দিব লাগিব৷ উল্লেখ্য, অসমৰ মুঠ জনসংখ্যাৰ ১৮১ পৰা ৬০ বছৰৰ ভিতৰৰ মুঠ লোকৰ সংখ্যা ২৮০ লাখ৷ চৰকাৰে যদিহে ৰাজ্যখনৰ উন্নয়ন বিচাৰে, তেন্তে এইসকল লোকক কামৰ জৰিয়তে উপাৰ্জনৰ সুবিধা দিব লাগিব৷ অসমত নিবনুৱাৰ সংখ্যা ৩০ লাখৰো অধিক যদিও ছদ্মবেশী নিবনুৱা, চক্ৰীয় নিবনুৱাৰ সমস্যা ধৰিলে এই পৰিমাণ আৰু কেইবালাখো বৃদ্ধি হ’ব৷ আনহাতে বহু লোকে কামৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সৰু-সুৰা কামত নিয়োজিত হৈ অৰ্থ উপাৰ্জনৰ চেষ্টা কৰে যদিও তেওঁলোকে নিজেই দুবেলা দুমুঠি খোৱাৰ বাবে সমস্যাৰ সন্মুখীন হয়৷ এটা সময়ত এনে লোকসকলৰ বহুতেই হতাশাত ভুগি আত্মহননৰ দৰে দুৰ্ভাগ্যজনক পথ লয় নাইবা অপৰাধমূলক কাৰ্যত জড়িত হৈ পৰে৷ সেয়ে চৰকাৰে ৰাজ্যৰ সকলো কাৰ্যক্ষম লোককে কামৰ সুবিধা দি উপাৰ্জনৰ পথ দিলে নি(য় ৰাজ্যৰ আৰ্থিক বিকাশ ত্বৰান্বিত হ’ব৷ উল্লেখ্য, ৰাজ্যৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০ শতাংশ লোক জড়িত থকা কৃষিক্ষেত্ৰৰ পৰা ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন হয় ২৫ শতাংশ৷ তেনেদৰে মুঠ জনসংখ্যাৰ ২০ শতাংশ লোক জড়িত থকা উদ্যোগ-প্ৰতিষ্ঠানৰ পৰা ৰাজ্যিক ঘৰুৱা উৎপাদন হয় ৩০ শতাংশ আৰু ১৫ শতাংশ লোক জড়িত থকা সেৱা খণ্ডই মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনত অৰিহণা যোগায় ৪৫ শতাংশ৷ যদিহে কৃষিখণ্ডত জড়িত লোকৰ সংখ্যা কমাই, যিহেতু কৃষিখণ্ডত ছদ্মবেশী নিবনুৱাৰ সংখ্যা সৰহ আন খণ্ডত, বিশেষকৈ উদ্যোগ-প্ৰতিষ্ঠান, ব্যৱসায়-বাণিজ্য, পৰ্যটন আদি ক্ষেত্ৰত জড়িত কৰাব পাৰোঁ, নিশ্চিতভাৱে অসমৰ মুঠ জনমূৰি আয় বৰ্তমানৰ আয়তকৈ বৃদ্ধি পাব৷ ইয়াৰ বাবে চৰকাৰে অনুকূল ব্যৱস্থাৰ সৃষ্টি কৰি জনসাধাৰণক কামৰ জৰিয়তে উপাৰ্জনৰ সুযোগ দিব লাগিব৷ তাৰ বাবে অসমৰ মুঠ জনসংখ্যাৰ ২৮০ লাখ লোকৰ যিসকলৰ দক্ষতা বিকাশৰ প্ৰয়োজন সেইসকলৰ দক্ষতা বিকাশৰ ব্যৱস্থা কৰি পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খোৱাকৈ উপাৰ্জনৰ পথ ল’ব পৰাৰ ব্যৱস্থা কৰিব লাগিব৷ তদুপৰি ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰত শিক্ষাৰ্থীসকলক স্বাৱলম্বী হ’ব পৰাকৈ গঢ় দিয়াৰ ব্যৱস্থা কৰা উচিত৷ মঙলবাৰে ৰাজ্যিক কেবিনেটে ৮৭খন শিক্ষানুষ্ঠানক চেণ্টাৰ ফৰ এক্সিলেঞ্চ হিচাপে গঢ়াৰ যি ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰিছে, তেনে ব্যৱস্থা তেতিয়াহে আশাপ্ৰদ হ’ব যেতিয়া সেই শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীয়ে সমাজৰ উন্নয়নৰ অনুঘটকৰ কাম কৰিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গণি গণি বছৰি এক লাখ লোকক চাকৰি দিলেই অসমৰ নিবনুৱা সমস্যাৰ সমাধান নহয়৷ ৰাজ্যৰ যুৱ সমাজৰ হতাশাৰ মূল কাৰণ– সংস্থাপনহীনতা৷ জনসাধাৰণৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰিব পাৰিলে ৰাজ্যখনৰ পৰা স্বতঃস্ফূৰ্তভাৱে অপৰাধ নাইকিয়া হ’ব আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে অসম ভাৰতৰ উন্নত পাঁচখন ৰাজ্যৰ এখন হ’ব৷






