Logo
image

পিঠি, কঁকালৰ অসহ্য যন্ত্ৰণা? উপশম পাবলৈ এইখিনি কৰক

পিঠি, কঁকালৰ বিষ আদিত আক্ৰান্ত লোকৰ সংখ্যা দিনে দিনে বাঢ়িছে৷ বিশেষকৈ গোটেই দিন কম্পিউটাৰত কাম কৰা লোক এই ধৰণৰ যন্ত্ৰণাত বেছিকৈ ভোগে৷ পিঠি বা কঁকালৰ বিষৰ নেপথ্যত আছে আথ্ৰাইটিছ, গাউটৰ দৰে সমস্যা৷

◾কঁকাল বা পিঠিৰ বিষ মূলতঃ জীৱন যাত্ৰাৰ সৈতে জড়িত এক শাৰীৰিক বিকাৰ৷ বেছিভাগ মানুহেই বহি বহি দিনটো কাম কৰাৰ ফলত কঁকাল আৰু পিঠিৰ বিষত সহজে আক্ৰান্ত হয়৷ তদুপৰি বহা চকী, টেবুল স্বাস্থ্য উপযোগী নোহোৱাৰ বাবেও এনে সমস্যাৰ সৃষ্টি হয়৷ 

◾আনহাতে ভিটামিনৰ অভাৱ হ’লেও পিঠি বা কঁকালৰ বিষত আক্ৰান্ত হ’ব পাৰে৷

◾পিঠি বা কঁকালৰ বিষৰ নেপথ্যত আছে বিভিন্ন ধৰণৰ আথ্ৰাইটিছ৷ ইয়াৰ ভিতৰত অষ্টি আথ্ৰাইটিছ, ৰিউমেটয়েড আথ্ৰাইটিছ, গাউট আদি থকাৰ আশংকাই বেছি৷ এনে ধৰণৰ শাৰীৰিক যন্ত্ৰণাত ভুগি থাকিলে বাবা ৰামদেৱৰ কেইটামান আসন কৰিয়েই সুফল পাব পাৰি৷

উষ্ট্ৰাসনঃ এই আসন শৰীৰৰ বাবে খুবেই উপকাৰী৷ এই আসন কৰিলে পিঠিৰ যন্ত্ৰণা হ্ৰাস পায়৷ তদুপৰি কিডনী ভালে থাকে, ওজন হ্ৰাস পায়, হজম শক্তি বৃদ্ধিত সহায় কৰে আৰু হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধিত সহায় কৰে৷

মকৰাসনঃ মকৰাসন কৰিলে পিঠি আৰু কঁকালৰ বিষৰ পৰা মুক্ত হ’ব পাৰি৷ এই ব্যায়ামে প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে, ওজন কমায়, তদুপৰি লিভাৰ ভালে ৰখাত সহায় কৰে৷

ভুজঙ্গাসনঃ এই আসন নিয়মীয়াকৈ কৰিলে পিঠি আৰু কমৰৰ বিষৰ পৰা মুক্ত হ’ব পাৰি৷ এই আসনে লিভাৰ ভালে ৰখাত সহায় কৰে৷ তদুপৰি এই আসনে মেৰুদণ্ড শক্তিশালী কৰি ৰখাত সহায় কৰে৷ পিঠি বা কঁকালৰ বিষত এই ব্যায়াম অতি উপযোগী৷

সলভাসনঃ এই ব্যায়াম কৰিলে পিঠিৰ বিষ, কমৰৰ বিষৰ লগতে শৰীৰত সৃষ্টি হোৱা অন্যান্য বিষৰ পৰা উপশম পাব পাৰি৷ এই ব্যায়াম নিয়মীয়াকৈ কৰিলে তেজ পৰিশোধিত হৈ থাকে৷