Logo
image

‘পাছৱৰ্ড’ সম্পদ আৰু আপদ

ইনটেল ছিকিউৰিটীয়ে মে’ মাহৰ প্ৰথম বৃহস্পতিবাৰটোক বিশ্ব পাছৱৰ্ড দিৱসৰূপে ঘোষণা কৰে৷ নিৰাপত্তা বিশেষজ্ঞ আৰু গৱেষক মাৰ্ক বাৰনেটে এটা পাছৱৰ্ড দিৱসৰ প্ৰয়োজনীয়তাৰ কথা কৈছিল আৰু এটা পাছৱৰ্ড দিৱস উদ্‌যাপনৰ বাবে আহ্বান জনাইছিল যিটো দিনত সকলোৱে নিজৰ পাছৱৰ্ডবোৰ নবীকৰণ কৰি ল’ব৷ পাছৱৰ্ড এতিয়া আমাৰ জীৱনৰ এৰাব নোৱৰা অংগ৷ পাছৱৰ্ড সম্পদো কিন্তু লগতে ই এটা আপদো৷ পাছৱৰ্ড আধুনিক জীৱনৰ এৰাব নোৱৰা আহুকাল৷ ইণ্টাৰনেটে আমাৰ জীৱনটো বহু সহজ কৰি তুলিছে৷ ৰে’লৰ টিকট কাটিবলৈ আমি এতিয়া ৰে’ল ষ্টেচনলৈ গৈ দীঘলীয়া শাৰী পাতিব নালাগে, নিজৰ ঘৰত বহি ৰে’ল বিভাগ ৱেব-ছাইটৰ পৰা বা আমাৰ মোবাইলত থকা এপৰ পৰা ৰে’লৰ টিকট কাটিব পাৰোঁ৷ এনেদৰে বিমানৰ টিকট কাটিব পাৰোঁ, পৃথিৱীৰ যিকোনো ঠাইৰ হোটেল বুক কৰিব পাৰোঁ৷ ৰাতি দুপৰত খোৱা বস্তুৰ অৰ্ডাৰ দিব পাৰোঁ৷ বেংকলৈ নোযোৱাকৈ বেংকৰ সকলো সুবিধা অনলাইন যিকোনো ঠাইৰ পৰা উপভোগ কৰিব পাৰোঁ৷ নিমিষতে পৃথিৱীৰ যিকোনো ঠাইলৈ বা যিকোনো ব্যক্তিলৈ টকা পঠাব পাৰোঁ, ল’ব পাৰোঁ৷ এনেকুৱা খুব কম কামেই আছে যিবোৰ এতিয়া অনলাইন কৰিব নোৱাৰি৷ গতিকে আমাৰ ব্যক্তিগত কম্পিউটাৰ আৰু মোবাইল ফোনবোৰত ডাটা সংযোগ এতিয়া জীয়াই থকাৰ বাবে অপৰিহাৰ্য৷ ডাটা সংযোগ ভাত-কাপোৰ-ঘৰৰ দৰেই মৌলিক প্ৰয়োজন৷ নতুন প্ৰজন্মৰ পৰা যদি ডাটা সংযোগ বিচ্ছিন্ন কৰি দিয়া হয়, তেওঁলোক মুহূৰ্ততে কিছুমান পংগু অথৰ্বত পৰিণত হ’ব৷ আধুনিক পৃথিৱাখনত জীয়াই থকাৰ আন এটা অৰ্থ হ’ল অনলাইন হৈ থকা৷ অফলাইন হৈ থকা আৰু মৰা একে কথা৷ অনলাইন হৈ থকাটো অস্তিত্বৰ সূচক৷

 কিন্তু ডাটা সংযোগৰ লগতে আহে বহু বিপদৰ সম্ভাৱনা৷ ডাটা সংযোগ থকাৰ বাবে আমি গম নোপোৱাকৈ আমাৰ বেংকৰ টকা উধাও হ’ব পাৰে৷ আমাৰ সন্মতি অবিহনে মোবাইল বা কম্পিউটাৰত সঞ্চিত সমস্ত তথ্য, ব্যক্তিগত ফটো আদি আনে উলিয়াই নিব পাৰে৷ আপোনাৰ নামত আন কাৰোবালৈ কুৰুচিপূৰ্ণ মেছেজ পঠাব পাৰে৷ আপোনাৰ টকাৰে মহা ধুমধামেৰে বজাৰ কৰি আপোনাৰ সঞ্চিত টকা নিমিষতে সাং কৰিব পাৰে৷ মুঠতে অনলাইন হৈ থকাৰ যিমান সুবিধা, একেদৰে অনলাইন হৈ থকাৰ ফলত ভয়ংকৰ বিপদো ঘটিব পাৰে৷ সেয়েহে আপোনাৰ অনলাইন সম্পদৰাজী যাতে আন কোনোবা দুষ্কৃতিকাৰীয়ে আপোনৰ অলক্ষিতে আহি লৈ উধাও হ’ব নোৱাৰে, তাৰবাবে লাগে পাছৱৰ্ড৷ পাছৱৰ্ড আমাৰ অনলাইন ঘৰখনৰ দুৱাৰৰ তলাৰ চাবি৷ সেই চাবিটোৰ অবিহনে কোনেও আমাৰ অনলাইন ঘৰটোত সোমাব নোৱাৰে৷ 

আলাদ্দিনৰ সাধুটোত গুহাটোৰ দুৱাৰখন খুলিবৰ বাবে আলাদ্দিনে অসমীয়াত ‘চিচিম ফাক’, হিন্দীত ‘খোল যা চিমচিম’ ইংৰাজীত ‘অপেন চিচামি’ বুলি কোৱাৰ লগে লগে গুহাটোৰ দুৱাৰ খোল খাইছিল৷ এইটোৱেই হ’ল পাছৱৰ্ড৷ এই পাছৱৰ্ডটো জানিলে যিকোনো লোক গুহাটোত সোমাব পাৰিব৷ আমাৰ এটিএম কাৰ্ডৰ চাৰিটা সংখ্যাৰ পিন নম্বৰটো এটা পাছৱৰ্ড যিটোৰ অবিহনে একাউণ্টৰ পৰা মেচিনৰ যেগেদি টকা উলিওৱা অসম্ভৱ৷ আমি নিতৌ পিন নম্বৰ চোৰে নানান মৌলিক আৰু সৃষ্টিশীল আঁচনিৰে গ্ৰাহকৰ পিন নম্বৰ চুৰি কৰাৰ মনোৰম কাহিনী শুনি থাকোঁ৷ 

অনলাইন জগতখনত প্ৰৱেশ কৰাৰ বাবে প্ৰায় অলেখ দুৱাৰৰ বাবে একোটা পাছৱৰ্ডৰ প্ৰয়োজন৷ সমস্যা হ’ল ইমানবোৰ পাছৱৰ্ড মনত ৰখা প্ৰায় অসম্ভৱ, বহুতে কৰাৰ দৰে এটিএম কাৰ্ডখনৰ সৈতে যদি কাগজ এখনত পিন নম্বটোও লিখি একেলগে থৈ দিয়ে, জেপলুৰুকাই আপোনাৰ এটিএম কাৰ্ড আৰু পিন নম্বৰ একেলগে পালে তাৰ বাবে গাখীৰতে মহৰ খুঁটি৷ একেবাৰে সহজ পাছৱৰ্ড দিলেও বিপদ, টান দিলেও মনত ৰখা টান৷ সকলোবোৰ অনলাইন ছাইটৰ বাবে একেটা পাছৱৰ্ড দি মনত ৰাখিবলৈ সহজ কিন্তু এটা চাবিৰে সকলো দুৱাৰ খোল খোৱাৰ ভয়ংকৰ সম্ভাৱনাটোও আছে৷ এশটা কোঠালীৰ ঘৰ এটা চকিদাৰ এজনৰ কথা ভাবক৷ তেওঁৰ হাতত এজোটা চাবি থাকে, মুঠ চাবিৰ সংখ্যা এশটা৷ বহু বছৰৰ অভিজ্ঞতাৰে তেওঁ জানে কোনটো চাবিৰে কোনটো কোঠাৰ তলা খোল খাব৷ নতুন চকীদাৰ এজনৰ হাতত এই চাবিৰ জটাটো তুলি দিলে তেওঁৰ বাবে কোঠাবোৰৰ দুৱাৰ খোলা সাংঘাটিক এখন পয়মাল হ’ব৷ আজিকালি বহু অনলাইন ছাইটে পাছৱৰ্ডৰ সলনি অ’টিপিৰ ব্যৱস্থা কৰিছে৷ মোবাইললৈ পঠোৱা মাত্ৰ কিছু সময়ৰ বাবেহে সক্ৰিয় হৈ থকা অ’টিপিৰে এটা ছাইটত লগ-ইন কৰিব পাৰি৷ সেয়েহে মোবাইলটো কিবকৈ হেৰালে লগে লগে ছিম কাৰ্ডখন বন্ধ কৰিব লাগিব যাতে আনে অ’টিপি লৈ আপোনাৰ অনলাইন জগতখন তহিলং কৰিব নোৱাৰে৷ 

আজিকালি চেহেৰা চিনাক্ত কৰিব পৰা প্ৰযুক্তি ওলাইছে৷ আপোনাৰ মোবাইলটোৰ সমূখলৈ আপুনি আহিলে সি নিজে নিজে খোল খায়৷ কৌতুক এটা আছে৷ এগৰাকী সুন্দৰী মহিলাই সুন্দৰকৈ সাজি-কাচি গৈ এখন বিলাসী দোকানৰ পৰা দামী-বিলাসী ব্ৰেণ্ডৰ মোবাইল কিনি আনিলে৷ বিক্ৰেতাজনে বৰ আগ্ৰহেৰে সুন্দৰী মহিলাক ফোনটোত থকা চেহেৰা চিনাক্ত কৰিব পৰা প্ৰযুক্তিৰ কথা বুজালে৷ আপোনৰ মুখ নেদেখালৈ এই ফোনটো নোখোলে৷ সাংঘাটিক সুৰক্ষা৷ মহিলাগৰাকীয়ে সেই বৈশিষ্টটো সক্ৰিয় কৰি ল’লে৷ পিছদিনাখন পুৱা মহিলাগৰাকীয়ে ফোনটো হাতত লৈ দেখিলে সেইটো কোনোপধ্যেই খোল নাখায়৷ হঠাৎ মহিলাগৰাকীৰ আইনাখনলৈ চকু গ’ল, তেওঁ কথাটো বুজিলে৷ পুৱাই তেওঁ  বহু কষ্টেৰে সাজি-কাচি ওলাল আৰু তেতিয়াহে তেওঁৰ শৃংগাৰেৰে উদ্ভাষিত সুন্দৰ চেহেৰা ফোনটোৱে চিনি পালে৷ তেওঁ ততাতৈয়াকে দোকানখনলৈ ওলাল সেই বৈশিষ্টটো কেনেকৈ বন্ধ কৰিব লাগে জানিবলৈ৷ 

ল’ৰা-বুঢ়া সকলোকে পাছৱৰ্ড অপৰিহাৰ্য হৈ পৰা পৃথিৱীখনলৈ স্বাগতম৷ পাছৱৰ্ড পাহৰি গ’ল? কোনো কথা নায়, অনলাইন ছাইটবোৰে জানে আপুনি পাহৰিব৷ গতিকে তাতে পাছৱৰ্ড পাহৰিলে নেকি বুলি এটা লিংক আছে৷ তাতে ক্লিক কৰক৷