Logo
image

এইবোৰ লক্ষণে দেখা দিলে ফেটি লিভাৰ হ’ব পাৰে

শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগ হৈছে যকৃত অৰ্থাৎ লিভাৰ৷ লিভাৰ চৰ্বিযুক্ত হ’লে চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ফেটি লিভাৰ বুলি কোৱা হয়৷ বহুতে ফেটি লিভাৰৰ সমস্যাক সাধাৰণ সমস্যা বুলি ধৰি লয়৷ কিন্তু এই ধাৰণা ভুল৷ কিয়নো ফেটি লিভাৰ হোৱাৰ লগে লগে শৰীৰত বিভিন্নধৰণৰ সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ ফেটি লিভাৰৰ পৰা লিভাৰ ছিৰোচিছৰ দৰে মাৰাত্মক ৰোগ হ’ব পাৰে৷ এনে ক্ষেত্ৰত সময়মতে ফেটি লিভাৰৰ চিকিৎসা নকৰিলে মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ ফেটি লিভাৰ হ’লে আগতীয়াকৈ কেতবোৰ লক্ষণে দেখা দিয়ে৷ উল্লেখ কৰা হ’ল ফেটি লিভাৰ হ’লে দেখা দিয়া লক্ষণসমূহ–

[১] প্ৰস্ৰাৱৰ বৰণ অত্যধিক গাঢ় হালধীয়া হ’লে সেয়া ফেটি লিভাৰ সমস্যাৰ প্ৰাথমিক উপসৰ্গ হ’ব পাৰে৷

[২] সামান্য পৰিশ্ৰম কৰিলে যদি ভাগৰ লাগে অথবা সমগ্ৰ দিনটো ক্লান্তি অনুভৱ কৰে, তেন্তে সেয়া ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে৷

[৩] ফেটি লিভাৰ হ’লে ছাল অস্বাভাৱিকভাৱে শুকান হয়৷ তদুপৰি ছালত কেতবোৰ দাগে দেখা দিয়ে আৰু ডিঙিৰ কাষৰ ছালৰ স্বাভাৱিক বৰণ পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে৷

[৪] পেটৰ অসুখত নোভোগাকৈয়ে যদি মাজে-মধ্যে পেটত বিষ অনুভৱ কৰে, সেয়া ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে৷

[৫] ফেটি লিভাৰ হ’লে শৰীৰৰ পেশী ক্ষয় হ’বলৈ ধৰে৷ লগতে হাতৰ সিৰাসমূহ ফুলি উঠা বা বাহিৰলৈ ওলাই অহাৰ দৰে হয়৷ তদুপৰি চেহেৰাত বয়সৰ ছাপ পৰা যেন দেখিলে লগে লগে লিভাৰ পৰীক্ষা কৰক৷ কিয়নো এয়াও ফেটি লিভাৰৰ লক্ষণ৷

[৬] পেটৰ মেদ ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে সাৱধান হওক৷ এয়া ফেটি লিভাৰৰ প্ৰাথমিক লক্ষণ৷ এনে ক্ষেত্ৰত লগে লগে চিকিৎসকৰ কাষ চাপি লিভাৰ পৰীক্ষা কৰক আৰু খাদ্যাভাসৰ পৰিৱৰ্তন ঘটাওক৷

[৭] ফেটি লিভাৰ বা লিভাৰ অসুস্থ হ’লে ডিহাইড্ৰেছন, পেট খালী লগা বা সঘনাই পিয়াহ লাগে৷ এই লক্ষণসমূহে দেখা দিলে সাৱধান হওক৷ চিকিৎসকৰ পৰামৰ্শ লওক৷ অন্যথা গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে৷