Logo
image

যুদ্ধৰ মাজতে ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ অনুশীলন

আমাৰ অসম, ৬ মে’: ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই অব্যাহত ৰখা যুদ্ধই বিশ্বক উদ্বিগ্ন কৰি তোলাৰ সময়তে পুটিনৰ দেশে কৰা আন এটা ঘোষণাই চিন্তা আৰু অধিক বঢ়াইছে৷ বুধবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰে যে তেওঁলোকে ইতিমধ্যে পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণৰ অনুশীলন আৰম্ভ কৰি দিছে৷ ইয়াৰ অৰ্থ হৈছে ৰাছিয়াই প্ৰয়োজন হ’লে আৰম্ভ কৰিব পাৰে পাৰমাণৱিক যুদ্ধ৷ ৰাছিয়াই বুধবাৰে প্ৰকাশ কৰা অনুসৰি ৰুছ সেনাই কেলিনিংগ্ৰেডৰ পশ্চিম এনক্লেভত নকল পৰমাণৱিক ক্ষমতাসম্পন্ন ক্ষেপণাস্ত্ৰৰে আক্ৰমণৰ অনুশীলন অব্যাহত ৰাখিছে৷ ইউৰোপীয় সংঘৰ দেশ পোলেণ্ড আৰু লিথুৱানিয়াৰ মাজৰ বাল্টিক সাগৰত থকা এনক্লেভত  ৰুছ সেনাই পাৰমাণৱিক ক্ষমতাসম্পন্ন ইস্কন্দৰ মোবাইল বেলিষ্টিক ক্ষপণাস্ত্ৰ পদ্ধতিৰ ইলেক্ট্ৰিক ল’ঞ্চৰ অনুশীলন কৰে৷ এই মকড্ৰীলত এশৰো অধিক ৰুছ সেনাই ভাগ লয়৷ ইউক্ৰেইনত ৰাছিয়াই কৰা আক্ৰমণে ৭০ দিন অতিক্ৰম কৰিছে৷ এই সত্তৰ দিনত ইউক্ৰেইনৰ বিস্তৰ ক্ষতি হৈছে৷ কিন্তু ক্ষতি হ’লেও ইউক্ৰেইনে হাৰ মনা নাই৷ আমেৰিকা আৰু ইউৰোপৰ পৰা লাভ কৰা সামৰিক আৰু আৰ্থিক সাহায্যৰ সুবাদত ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে কিছু পৰিমাণে প্ৰতিৰোধ গাঢ়ি তুলিছে৷ কিন্তু এই যুদ্ধৰ ফলত ইউক্ৰেইনৰ ১.৩ কোটি লোকে ঘৰ-বাৰী হেৰুৱাবলগীয়া হৈছে৷ এই ত্ৰাসৰ মাজতে ইউক্ৰেইনে অভিযোগ কৰে যে ৰাছিয়াই ‘ক্ষেপণাস্ত্ৰ সন্ত্ৰাসবাদ’ সৃষ্টি কৰিছে৷ পশ্চিমীয়া দেশবোৰে ইউক্ৰেইনলৈ অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰাত ক্ষুব্ধ হৈ ৰাছিয়াই ৰে’লপথ, ৰে’ল ষ্টেচন আৰু আন আন যোগান লাইনত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে৷