Logo
image

পুৰুষকো ৰুছ সেনাৰ যৌন উৎপীড়ন

কেৱল মহিলাই নহয়, সাৰি যোৱা নাই ইউক্ৰেইনৰ যুৱকো

আমাৰ অসম, ৬ মে’: ৰাছিয়াৰ সেনাই বিগত ৭০ দিনে ইউক্ৰেইনত যুদ্ধ অব্যাহত ৰাখিছে৷ এই যুদ্ধত ইউক্ৰেইনৰ বিস্তৰ ক্ষতি হৈছে৷ শিশু-মহিলাকে ধৰি লাখ লাখ লোকে ইউক্ৰেইন এৰি পলায়ন কৰিছে যদিও বহু লোকে কষ্টৰ মাজেৰে নিজ দেশতে আশ্ৰয় লৈ আছে৷ কিন্তু যুদ্ধৰ মাজতো ইউক্ৰেইনত থকা এনে মহিলা-পুৰুষ-যুৱক ৰুছ সেনাৰ কামনাৰ বলি হৈছে৷ ৰুছ সেনাৰ বিৰুদ্ধে যিসকল লোকে ধৰ্ষণ-যৌন উৎপীড়নৰ অভিযোগ আনিছে, তেওঁলোকৰ ভিতৰত আছে বহুসংখ্যক পুৰুষ আৰু যুৱকো৷ গান পইণ্টত পুৰুষ আৰু যুৱকক ৰুছ সেনাই যৌন উৎপীড়ন চলোৱাৰ বাতৰিয়ে সকলোকে আচৰিত কৰি তুলিছে৷ ৰুছ সেনাৰ বিৰুদ্ধে উঠা এনে অভিযোগৰ তদন্ত চৰকাৰীভাৱে অব্যাহত ৰাখিছে ইউক্ৰেইনে৷ কেইবাজনো ৰুছ সেনাক চিনাক্তও কৰা হৈছে৷ কিন্তু  পুৰুষ আৰু যুৱকক যৌন উৎপীড়ন চলোৱাৰ কথাটোৱে কিয়েভত থকা ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধিকো আচৰিত কৰি তুলিছে৷ তেওঁৰ হাতত এনে তথ্য পৰা বুলিও ঘোষণা কৰে৷ অৱশ্যে এই তথ্যবোৰৰ সত্যাসত্য প্ৰমাণ কৰা হোৱা নাই এতিয়ালৈকে৷ ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধিয়ে কিয়েভত সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰা এই কথাই বৰ্তমান বিশ্বজুৰি চৰ্চা লাভ কৰিছে৷ ৰাছিয়াৰ সেনাৰ দ্বাৰা ধৰ্ষণ আৰু যৌন উৎপীড়নৰ বলি হোৱা বহু মহিলা-পুৰুষ আৰু যুৱকে ভয়তে দেশ এৰি আঁতৰি গৈছে বুলি ৰাছিয়াৰ প্ৰছিকিউটৰ জেনেৰেল ইৰিণা ভেনেডিক্টভাই দাবী কৰিছে৷ তেওঁৰ মতে, ৰাছিয়াৰ সেনাই ধৰ্ষণ আৰু যৌন উৎপীড়নৰ দ্বাৰা ইউক্ৰেইনৰ জনতাক ভয় খুৱাবলৈ নতুন কৌশল গ্ৰহণ কৰিছে৷ গানপইণ্টত দলবদ্ধ ধৰ্ষণ, সন্তান-স্বামীৰ সন্মুখত ধৰ্ষণ কৰি ৰুছ সেনাই নিজৰ পশুত্বক পৰিচয়া দিয়া বুলিও ইৰিণাই দাবী কৰে৷ কিয়েভৰ সমীপৰ বুচাৰ বেচমেণ্টত ৰাখি ২৫গৰাকী মহিলাক ৰুছ সেনাই দলবদ্ধ ধৰ্ষণ কৰাৰ তথ্যও পোহৰলৈ আহিছে৷