Logo
image

দেশত পুনৰ বাঢ়িছে ক’ভিডৰ সংক্ৰমণ

আমাৰ অসম, ৮ মে’: যোৱা ২৪ ঘণ্টাত দেশত ৩৮০৫ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰ ফলত যোৱা কেইটামান দিনৰ ভিতৰত দেশত নকুনৰৈ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছেগৈ ২০,৩০৩টা৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত ক’ভিডত ২২ জন লোকৰ মৃত্যু ঘটিছে, ইয়াৰে ২০ জনেই হ’ল কেৰেলাৰ৷ উল্লেখ্য যে দেশৰ ৰাজধানী দিল্লীত যোৱা ২৪ ঘণ্টাত সৰ্বাধিক ১,৪০৭ জন লোক ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰত ২৫৩ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ কৰ্ণাটকত ১৭১ জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ওৰিষাত ১৪ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে দেশত ১৯৩ কোটি পালি ভেকচিন জনসাধাৰণক প্ৰদান কৰা বুলি দাবী কৰিছে৷ উল্লেখ্য ক’ভিডে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে নতুনকৈ মূৰ দাঙি উঠিছে৷ ক’ভিডৰ সংক্ৰমণৰ বাবেই চীনৰ হাংঝৌকত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক এছিয়ান গেমছ বাতিল কৰিবলগীয়া হৈছে৷ কিন্তু ইয়াৰ পাছতো অসমত ক’ভিডকলৈ ৰাজ্য চৰকাৰে কোনো গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সূত্ৰই জনোৱা মতে কালিৰ দিনটোত ৰাজ্যত মাত্ৰ এজন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ শনিবাৰে ৰাজ্যত মাত্ৰ ৩২৫ জন লোকে ক’ভিডৰ পৰীক্ষা কৰিছে৷ ৰাজ্যত এতিয়া ক’ভিডৰ পৰীক্ষা কেন্দ্ৰসমূহ প্ৰায় উঠাই দিয়া বুলি ক’লেও ভুল কোৱা নহ’ব৷