Logo
image

পুৰণি প্লাষ্টিকৰ বটলত পানী খাই বিপদ চপাই নল’ব

পানী মানেই প্ৰাণ৷ কিন্তু ভুলকৈ পানী খালে শৰীৰৰ ক্ষতি হ’বলৈ বেছি সময় নালাগে৷ আজি কালি বহুতেই গিলাচৰ সলনি প্লাষ্টিকৰ বটলেৰে  পানী খায়৷ কিন্তু একেটা প্লাষ্টিকৰ বটলেৰে দিনৰ পাছত দিন পানী খালে ভয়ানক বিপদৰ সন্মুখীন হ’ব পাৰে৷ উল্লেখ কৰা হ’ল পুৰণি প্লাষ্টিকৰ বটলেৰে পানী খালে হ’ব পৰা সমস্যা–

[১] বিশেষজ্ঞসকলৰ মতে একেটা প্লাষ্টিকৰ বটলেৰে দিনৰ পাছত দিন পানী পানী খালে কেন্সাৰ হোৱাৰ আশংকা বাঢ়ে৷ প্লাষ্টিকৰ বটল প্ৰস্তুত কৰোতে বিছফেন’ল-এ বা বিপিএসহ একাধিক উপাদান ব্যৱহাৰ হয়৷ যিবোৰ দেহৰ বাবে অতি বিষাক্ত৷ একেটা বটলেৰে দিনৰ পাছত দিন পানী খালে এই উপাদানসমূহ শৰীৰত প্ৰৱেশ কৰে৷ 

[২] প্লাষ্টিকৰ বটল প্ৰস্তুত কৰোতে ব্যৱহাৰ হোৱা উপাদানসমূহ তেজৰ সৈতে মিহলি হ’লে কিডনীৰ সমস্যা হ’ব পাৰে৷ প্লাষ্টিকৰ বটলত গৰমপানী ভৰালে এই আশংকা অধিক বাঢ়ে৷ 

[৩] টাইপ-৭ নামৰ এবিধ প্লাষ্টিকৰ পৰা সন্তান ধাৰণৰ ক্ষমতা বাধাগ্ৰস্ত হ’ব পাৰে৷ তদুপৰি বিপিএ হৰমন আৰু ক্ৰম’জমৰ সমস্যাও হ’ব পাৰে৷ 

[৪] বিভিন্ন অধ্যয়নৰ পৰা লাভ কৰা তথ্যমতে পুৰণি প্লাষ্টিকৰ বটলেৰে  পানী খালে হূদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ লগতে ডায়েবেটিছৰ সমস্যাত ভোগাৰ আশংকা থাকে৷ 

[৫] পানী খোৱাৰ বাবে একেটা প্লাষ্টিক বটল বাৰে বাৰে ব্যৱহাৰ কৰিলে দেহত মাইক্ৰ’প্লাষ্টিক নামৰ ক্ষতিকাৰক উপাদান প্ৰৱেশ কৰাৰ আশংকা থাকে৷ প্লাষ্টিকৰ আণুবীক্ষণিক কণিকাসমূহক বিজ্ঞানৰ ভাষাত মাইক্ৰ’প্লাষ্টিক বুলি কোৱা হয়৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৯৩ শতাংশ প্লাষ্টিকৰ বটলতে এই ক্ষতিকাৰক উপাদান থাকে৷