Logo
image

বিপন্ন পৰিস্থিতিত প্ৰয়োজন হৈছে বাস্তৱসন্মত আৰ্থ-সামাজিক ব্যৱস্থাৰ

দেশত সৰ্বত্ৰ এতিয়া বয়বস্তু, সা-সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে দুখীয়া, মধ্যবিত্ত শ্ৰেণীৰ লোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছে৷ কোৱা বাহুল্য আকাশলংঘী মূল্যবৃদ্ধিয়ে কেৱল সাধাৰণ জনতাকে জুৰুলা কৰা নাই৷ ক্ষুদ্ৰ, মজলীয়া, বৃহৎ উদ্যোগ জগততো মূল্যবৃদ্ধিৰ নেতিবাচক প্ৰভাৱ আৰম্ভ হৈছে৷ কেঁচামালৰ অত্যধিক মূল্যবৃদ্ধিৰ বাবে সৰহসংখ্যক উদ্যোগে উৎপাদন হ্ৰাস কৰিবলৈ বাধ্য হৈছে৷ ইফালে মুদ্ৰাস্ফীতিৰ বাবে উপভোক্তাৰ পূৰ্বৰ তুলনাত ক্ৰয় ক্ষমতা বহু পৰিমাণে হ্ৰাস পাইছে যাৰ মূল্য উদ্যোগসমূহে ভৰিছে৷ ফলত বৰ্তমান সময়ত কৰ্মচাৰীৰ পদোন্নতি, বেতন বৃদ্ধি, বানচ বৃদ্ধি বা নতুন নিযুক্তি দূৰৈৰে কথা, বহু পুৰণি কৰ্মচাৰী, বিষয়াক চাকৰিৰ পৰা বিভিন্ন অজুহাতেৰে অব্যাহতি দিছে বহু বাণিজ্যিক আৰু উদ্যোগিক প্ৰতিষ্ঠানে৷ ভাৰতৰ দৰে বিশ্বৰ অন্যতম জনবহুল দেশখনত মধ্যবিত্তৰ আধিক্যই বহু পূৰ্বেৰে পৰা এখন বৃহৎ বজাৰ সৃষ্টি কৰিছে৷ ইউৰোপৰ সমূহ ৰাষ্ট্ৰৰ মুঠ জনসংখ্যাতকৈ ভাৰতৰ মধ্যবিত্তৰ সংখ্যাই বহু বেছি৷ ভাৰতীয় মধ্যবিত্তৰ ক্ৰয় ক্ষমতা আৰু ক্ৰয় মানসিকতাৰ ওপৰত ভিত্তি কৰি দেশী-বিদেশী বহু উদ্যোগ প্ৰতিষ্ঠানে ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷ চিৰবৈৰী চীনেও যিকোনো কাৰণত ভাৰতীয় বজাৰখন হেৰুৱাব নিবিচাৰে৷ কিন্তু সমগ্ৰ বিশ্ব কৰ’নাৰ কৰালগ্ৰাসত পৰাৰ পৰা অৰ্থনৈতিক অৱনমনৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু এটাৰ পাছত এটাকৈ কৰ’নাৰ ঢৌ চলি থকাৰ বাবে বিশ্বৰ ধনী-দুখীয়া কোনো ৰাষ্ট্ৰই ঠন ধৰি উঠিব পৰা নাই৷ কৰ’নাৰ তিনিটা লহৰে ভাৰতৰ সামগ্ৰিক আৰ্থ-সামাজিক অৱস্থাটোক অতিকে ক্ষতিগ্ৰস্ত কৰাৰ পাছত বিগত দুটা মাহ জুৰি ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পাছৰ পৰা আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ ঊধবৰ্গামী মূল্যই পৰিস্থিতিৰ অধিক অৱনতি ঘটাইছে৷ ইফালে কৰ’না প্ৰসাৰিতকৰণৰ যোগেদি বিশ্বৰ মহাশক্তিধৰ ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিপন্ন কৰাৰ দুঃস্বপ্নত বিভোৰ বুলি অভিযুক্ত চীন এতিয়া নিজেই কৰ’নাৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ চীনৰ ঔদ্যোগিক চহৰ ছাংহাইকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ স্থান বহুদিন ধৰি সম্পূৰ্ণ লকডাউনৰ সন্মুখীন হৈছে৷ চীনত পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে বিশ্বৰ অন্য স্থানলৈ বহু পণ্য সামগ্ৰীৰ যোগান শৃংখল ব্যাহত হৈছে৷ চীনে যিহেতু ভাৰতকে ধৰি বহু ৰাষ্ট্ৰলৈ নিৰ্মাণ সামগ্ৰীকে ধৰি বহু কেঁচামাল ৰপ্তানি কৰে, আৰু এই যোগান ব্যাহত হোৱাৰ বাবে ঔদ্যোগিক জগতখনতো প্ৰভাৱ বিস্তাৰ কৰিছে৷ কাজেই ভাৰতৰ দৰে দেশত খুচুৰা মুদ্ৰাস্ফীতি বৃদ্ধি অকল্পনীয়ভাৱে প্ৰায় ৭ শতাংশলৈ বৃদ্ধি পাইছে৷ ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ে চৰকাৰীভাৱে প্ৰকাশ কৰা তথ্যমতে চলিত বৰ্ষৰ মাৰ্চ মাহতে খাৰুৱা তেল, প্ৰাকৃতিক গেছ, ধাতু আদিৰ যোগান ব্যাহত হোৱাৰ বাবে মুদ্ৰাস্ফীতি অধিক ঊধবৰ্গামী হৈছে৷ অৱধাৰিতভাৱে এইবিলাকে নিয়োগ, উৎপাদন, চাহিদা, বয়বস্তুৰ বিক্ৰী সকলোতে প্ৰভাৱ পেলাইছে৷ আটাইতকৈ উদ্বিগ্নতাৰ বিষয় এই যে দেশৰ সকলো স্থানতে নিবনুৱাৰ সংখ্যা আশাতীতভাৱে বৃদ্ধি পাইছে৷ চিএমআইইৰ পৰিসংখ্যা মতে যোৱা মাৰ্চ মাহত দেশৰ চহৰাঞ্চলত নিবনুৱাৰ সংখ্যা ১০ শতাংশ অতিক্ৰম কৰিছে৷ ভাৰতবৰ্ষত কৰ’নাৰ তৃতীয় ঢৌৰ পাছত অৰ্থনীতিয়ে সামান্য গতি লৈছিল যদিও পুনৰ ই স্থবিৰ হোৱাৰ উপক্ৰম হৈছে৷ চহৰাঞ্চলৰ দৰে গ্ৰামাঞ্চলতো এতিয়া নিবনুৱাৰ ভিৰ৷ ক’ভিডৰ প্ৰথম, দ্বিতীয় ঢৌৰ সময়তে বহু শ্ৰমিক, কৰ্মচাৰীৰ পৰা তথ্যপ্ৰযুক্তি নিৰ্ভৰ প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীলৈকে নিজৰ ঘৰলৈ ঘূৰি আহিছিল৷ ইয়াৰে এচাম ঘূৰি গ’ল যদিও বহুসংখ্যক অনিশ্চিত ভৱিষ্যতৰ বাবে নিজৰ কৰ্মস্থলীলৈ ঘূৰি নগ’ল৷ তথ্য-প্ৰযুক্তি জনা বহু নৱপ্ৰজন্মৰ যুৱক-যুৱতীয়ে কৰ’না প্ৰশমিত হোৱাৰ পাছতো ‘ৱৰ্ক ফ্ৰম হ’ম’ ব্যৱস্থাৰে চাকৰি কৰি আছে৷ আনহাতে মহামাৰীৰ সময়ত জীৱিকা হেৰুওৱা শ্ৰমিকসকলৰ অধিকাংশই পূৰ্বে সঞ্চিত কৰা ধন খৰচ কৰিছে আৰু সেই ধন শেষ হোৱাৰ পাছত বেংকৰ পৰা ঋণ লৈছে৷ ষ্টেট বেংকৰ প্ৰতিবেদন মতে ২০১৮ চনৰ পৰা ২০২১ চনৰ ভিতৰত বেংকত ঋণৰ পৰিমাণ ৩১ শতাংশলৈ বৃদ্ধি পাইছে৷ তদুপৰি শ্ৰমিকসকলে প্ৰতি মাহে মুঠতে ঘৰলৈ পঠোৱা ধনৰ প্ৰবাহ এতিয়া বন্ধ হৈ পৰাৰ বাবে গ্ৰাম্য অৰ্থনীতিকো ক্ষতিগ্ৰস্ত কৰিছে৷ অসমলৈকো এনে বহু শ্ৰমিক গাঁৱলৈ ঘূৰি আহি দিকবিদিক শূন্য হৈ হতাশগ্ৰস্ততাত পৰিছে৷ মুঠতে অসমকে ধৰি সমগ্ৰ দেশেই আৰ্থ-সামাজিকভাৱে এতিয়া এক জটিল সন্ধিক্ষণত উপনীত হৈছে৷ এনে সময়ত ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিলেও সেয়া যথেষ্ট নহয়৷ উৎপাদন, চাহিদা, বজাৰ নাথাকিলে কেৱল হিতাধিকাৰী সৃষ্টিৰে দেশ নচলে৷ অসম এখন কৃষিপ্ৰধান ৰাজ্য৷ আলু, পিয়াঁজ, দাইল, মিঠাতেল, মাছ, কণী আমদানিৰ নামত বছৰি হাজাৰ হাজাৰ কোটি ব্যয় হয়৷ কৰ’নাকে ধৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে ঘটা ঘটনা-পৰিঘটনাই সৃষ্টি কৰা পৰিস্থিতিৰ আলম লৈ যদি ৰাজ্যখনত এক নতুন কৰ্মসংস্কৃতি আৰু পৰিৱেশ অনুকূল অৰ্থনৈতিক ব্যৱস্থাৰ তৈয়াৰ হয় তেন্তে কৰ্মসংস্থানৰো সৃষ্টি হ’ব, অৰ্থনীতিয়েও গতি লাভ কৰিব৷ অৱশ্যেই এই ক্ষেত্ৰত চৰকাৰে নেতৃত্ব দিব লাগিব৷