Logo
image

মেট্ৰিক হ’ব ইতিহাস, এইবাৰেই শেষ

আমাৰ অসম, ৯ মে’: এটা যুগ আছিল, মেট্ৰিক পাছ কৰিলেই একোজন লোকে ডাঙৰ একোটা শৈক্ষিক ডিগ্ৰী লাভ কৰা যেন হৈছিল৷ আজিৰ পৰা ৪০-৫০ বছৰ পূৰ্বে অৱশ্যে মেট্ৰিক পাছ কৰিয়েই আমাৰ দেশত চাকৰি পোৱা গৈছিল৷ শিক্ষাৰ মান উন্নত আছিল আৰু একোজন তেতিয়াৰ মেট্ৰিকুলেটে এতিয়াৰ গ্ৰেজুৱেটক বিভিন্ন ক্ষেত্ৰত ‘পঢ়ুৱাই’ দিব পাৰিছিল৷ যুগ যুগ ধৰি দেশত আৰু ৰাজ্যত চলি অহা সেই মেট্ৰিক বা মেট্ৰিকুলেশ্বন পৰীক্ষাৰ  আৰু এবছৰৰ পাছত অৱসান ঘটিব৷ মেট্ৰিকুলেশ্বনৰ পোনপটীয়া অৰ্থ হৈছে হাইস্কুলৰ শেষত দিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাটো৷ অৱশ্যে বিগত বহু বছৰ ধৰি অসমত মেট্ৰিক বোলা শব্দটো মুখে মুখেহে চলি আহিছে৷  দশম শ্ৰেণীৰ অন্তত যি গুৰুত্বপূৰ্ণ পৰীক্ষাত শিক্ষাৰ্থী অৱতীৰ্ণ হয় তাক হাইস্কুল শিক্ষান্ত পৰীক্ষা বা এইছ এছ এল চি বুলি কোৱা হয়৷ সেই হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যত  পূৰ্বৰ দৰে গুৰুত্ব সহকাৰে আৰু এবাৰেই অনুষ্ঠিত হ’ব৷ ২০২৩  চনত হ’বলগীয়া মেট্ৰিক বা হাইস্কুল শিক্ষান্ত পৰীক্ষা হ’ব অসমৰ শেষটো মেট্ৰিক৷ পৰৱৰ্তী বছৰৰ পৰা ইতিহাস হৈ যাব মেট্ৰিক পৰীক্ষা৷ দশম শ্ৰেণীৰ অন্তত শিক্ষান্ত পৰীক্ষা থাকিব, কিন্তু সেই পৰীক্ষাৰ এতিয়াৰ দৰে গুৰুত্ব নাথাকিব৷ মেট্ৰিকত স্থান লাভ কৰা বা প্ৰচলিত শব্দত আমি যাক ষ্টেণ্ড কৰা বুলি কওঁ সেই ষ্টেণ্ড আৰু নাথাকিব৷ সিও হ’ব ইতিহাস৷ ইয়াৰ পৰিৱৰ্তে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা গুৰুত্বপূৰ্ণ হ’ব৷ মূলতঃ নৰেন্দ্ৰ মোদী চৰকাৰে সূচনা কৰা নতুন শিক্ষানীতিৰ আধাৰতে অসমতো ৫:৩:৩:৪ শিক্ষাবৰ্ষৰে ২০২৩ চনৰ পৰা শিক্ষা পদ্ধতি আৰম্ভ হ’ব৷ অসমৰ শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগুৱে ইতিমধ্যে অসমৰ পৰীক্ষা ব্যৱস্থাৰ পৰা মেট্ৰিকৰ অৱসান ঘটিব বুলি ঘোষণা কৰিছে৷ সেয়ে সকলোৰে বাবে এবছৰৰ পাছৰ পৰা মেট্ৰিক হৈ পৰিব ইতিহাস মাত্ৰ৷ 

কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ সৈতে সামঞ্জস্য ৰাখি অসমতো নতুন শিক্ষা পদ্ধতি আৰম্ভ কৰাৰ বাবে ইতিপূৰ্বে প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ সেই প্ৰক্ৰিয়াত আছে দুটা দিশ৷ এটা হৈছে প্ৰশাসনিক আৰু আনটো হৈছে শৈক্ষিক৷ দুয়োটা ক্ষেত্ৰতে অসম চৰকাৰৰ শিক্ষা বিভাগে অগ্ৰগতি লাভ কৰিছে৷ মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তই নতুন শিক্ষানীতি প্ৰয়োগ কৰি অসম আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত থকা এই দুটা দিশৰ কথা বিশদভাৱে উল্লেখ কৰিছে৷ প্ৰশাসনিক দিশটোৰ ক্ষেত্ৰত বিদ্যালয় স্থাপন, একত্ৰীকৰণ, পাৰ্থক্যকৰণ ইত্যাদি নানা বিষয় আছে৷ নতুন শিক্ষানীতিত থাকিবলগীয়া প্তঋ৩ঋ৩ঋ৪১ ক্ষেত্ৰত প্ৰথম তিনিবছৰত ছাত্ৰ-ছাত্ৰীয়ে কেৱল স্কুললৈ গৈ খেলা-ধুলাহে কৰিব৷ চতুৰ্থ আৰু পঞ্চম বছৰটোত তেওঁলোকে ‘ক্লাছ ৱান’ আৰু ‘ক্লাছ টু’ পঢ়িব৷ পৰৱৰ্তী ৩ বছৰত শিক্ষাৰ্থীয়ে  থ্ৰী, ফ’ৰ আৰু ফাইভ পঢ়িব৷ তাৰ পাছৰ তিনিবছৰ হ’ব  ছিক্স, ছেভেন, এইট৷ ইয়াৰ পাছৰ চাৰিবছৰ হ’ব নাইন, টেন, ইলেভেন আৰু টুৱেলভ, যি হ’ব হাইস্কুল অন্তৰ্গত৷ ইয়াৰ শিক্ষান্ত পৰীক্ষা হ’ব দ্বাদশত আৰু ইয়েই হ’ব শিক্ষাৰ্থীৰ বাবে হাইস্কুলীয়া শিক্ষাজীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা৷ দশম শ্ৰেণীৰ অন্তত বাৰ্ষিক পৰীক্ষা থাকিব কিন্তু তাৰ পূৰ্বৰ দৰে গুৰুত্ব নোহোৱা হ’ব, ঠিক পূৰ্বৰ এইট-নাইনৰ বাৰ্ষিক পৰীক্ষাৰ দৰে৷ তাৰ পাছত আৰম্ভ হ’ব উচ্ছশিক্ষা৷ 

ৰাজ্যৰ শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগুৱে জনোৱা অনুসৰি বিদ্যালয় মানে দ্বাদশ শ্ৰেণী পৰ্যন্ত আৰু উচ্ছ শিক্ষা মানে কলেজ বা ইউনিভাৰ্চিটিত গ্ৰহণ কৰা শিক্ষা৷ সেই পাৰ্থক্য ৰাখি অসমৰ ১০০০ খন হাইস্কুলক হায়াৰ চেকণ্ডেৰীলৈ উন্নীত কৰা হ’ব, য’ৰ ২১৫ খন হাইস্কুল ২০২১ চনত উন্নীত কৰা হৈছে আৰু বাকীকেইখন  চলিত বছৰত সম্পূৰ্ণ কৰা হ’ব৷ একে প্ৰক্ৰিয়াৰ অংশ হিচাপে কলেজৰ পৰা হায়াৰ চেকণ্ডেৰী বা উচ্ছতৰ মাধ্যমিকৰ দুটা শ্ৰেণী আঁতৰাই অনা হৈছে৷ সেয়া সংযোগ কৰা হ’ব ৰাজ্যত ইতিপূৰ্বে থকা আৰু স্থাপন কৰিবলগীয়া হায়াৰ চেকণ্ডেৰী বা উচ্ছতৰ মাধ্যমিকত৷ কলেজত শিক্ষা আৰম্ভ হ’ব তাৰ পাছৰ পৰা ৪ বছৰীয়া পাঠ্যক্ৰমৰ জৰিয়তে ৷

মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তই জনোৱা মতে প্ৰশাসনিক আৰু শৈক্ষিক-দুয়োটা খণ্ডৰ গঠনেই গুৰুত্বপূৰ্ণ, য’ৰ প্ৰশাসনিক ক্ষেত্ৰৰ ‘ষ্ট্ৰাকচাৰ’ সবাটোকৈ জৰুৰী৷ সেই ষ্ট্ৰাকচাৰ সম্পূৰ্ণ হ’লেহে বাস্তৱ ক্ষেত্ৰত পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা হ’ব৷ অৱশ্যে সমান্তৰালভাৱে শৈক্ষিক ক্ষেত্ৰৰো কামে অগ্ৰগতি লাভ কৰি আছে৷ প্ৰশাসনিক ক্ষেত্ৰৰ অন্যতম ডাঙৰ সিদ্ধান্তটো হ’ল ‘ছেবা’ আৰু হায়াৰ চেকেণ্ডাৰী এডুকেছন কাউন্সিলক একত্ৰীকৰণ কৰা হ’ব৷ অহা বছৰৰ পৰা ৰাজ্যত দুখন শিক্ষা বৰ্ড নাথাকিব৷ সেয়ে ২০২৩  চনতে ৰাজ্যত ‘ছেবা’ আৰু ‘কাউন্সিল’ৰ অধীনত পৃথকে অন্তিম মেট্ৰিক আৰু হায়াৰ চেকণ্ডেৰী পৰীক্ষা অনুষ্ঠিত হ’ব, য’ৰ মেট্ৰিকৰ একেবাৰে অবলুপ্তি ঘটিব৷ শিক্ষাবিভাগৰ অধীনত ইতিমধ্যে ৫৬ খন চি বি এছ ইৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰা হৈছে আৰু নতুনকৈ ৭০ খন মডেল স্কুল স্থাপন কৰা হ’ব৷ জাতীয় বিদ্যালয়, ডনবস্ক’, শংকৰদেৱ শিশু নিকেতন আদিক একাদশ আৰু দ্বাদশ শ্ৰেণী মুকলি কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে৷ সেইদৰে অসমৰ বহু বিদ্যালয়ৰ অবলুপ্তি ঘটোৱা হ’ব বা একত্ৰীকৰণ কৰা হ’ব৷ ননীগোপাল মহন্তই এটা পৰিসংখ্যা দাঙি ধৰি কয় যে ৰাজ্যত ৪,০০০ গাঁও আছে আৰু প্ৰায় তাৰ দুগুণ স্কুল আছে; অথচ ইমান শিক্ষাৰ্থী নাই৷ কম দূৰত্বত অৱস্থান কৰা তেনে নিম্ন, মধ্য, উচ্ছ বিদ্যালয়ক একত্ৰীকৰণ কৰা হ’ব আৰু তেনে প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে৷ নতুন শিক্ষানীতিত অংগনবাড়ী কেন্দ্ৰসমূহো বিদ্যালয়ত পৰিণত হ’ব কিম্বা প্ৰাথমিক বিদ্যালয়ৰ সৈতে সংলগ্ন হ’ব৷ 

আনহাতে, শৈক্ষিক দিশটো ‘নেচনেল কেৰিকুলাম স্কীম’ অনুসৰণ কৰি আগবঢ়াই নিয়া হৈছে৷ এছ চি ই আৰ টিয়ে সেই অনুসৰি পাঠ্যক্ৰম তৈয়াৰ কৰি আছে আৰু তাৰ ৰূপৰেখা তৈয়াৰ সম্পূৰ্ণ হ’লেই অহা এমাহমানৰ ভিতৰত সেয়া নেচনেল কেৰিকুলাম ক্ৰীমৰ ওচৰত দাখিল কৰা হ’ব৷ এই পাঠ্যক্ৰমৰ  ৰূপৰেখা তৈয়াৰৰ ক্ষেত্ৰত ২৫ টা ‘ফকাছ’ গ্ৰুপে অহৰ্নিশে কাম কৰি আছে৷ এইক্ষেত্ৰত শিক্ষাবিদ, শিশু বিশেষজ্ঞ মনস্বত্ববিদ সকলোকে জড়িত কৰা হৈছে, য’ত আছে অসমৰ শিক্ষা আৰু তেনে অন্যান্য ক্ষেত্ৰত প্ৰতিষ্ঠিত ব্যক্তিত্বক৷ সমান্তৰালভাৱে এনেদৰে প্ৰশাসনিক আৰু শৈক্ষিক প্ৰক্ৰিয়া যি সূষম গতিৰে আগবাঢ়ি আছে, তালৈ চাই শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু শিক্ষা উপদেষ্টা ননীগোপাল মহন্তৰ মতে ২০২৩ চনৰ পৰা ৰাজ্যত নতুন শিক্ষানীতিৰে পাঠ্যক্ৰম আৰম্ভ হ’ব৷