Logo
image

এবছৰীয়া খতিয়ান

বয়সৰ লেখেৰে এখন চৰকাৰৰ এটা বছৰৰ সফলতা-বিফলতাৰ বিষয়ে আলোচনা কৰাৰ যুক্তি নিশ্চয় আছে৷ কিন্তু যদিহে সংশ্লিষ্ট বছৰটোৰ পূৰ্ববৰ্তী চৰকাৰ একেটা দলৰ হয়, তেন্তে খতিয়ান লোৱাৰ পৰিসৰ বৃদ্ধি পায়৷ ড॰ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য৷ ২০২১ চনৰ ১০ মে’ত দায়িত্ব গ্ৰহণ কৰা হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এবছৰ সম্পূৰ্ণ হ’ল৷ মুখ্যমন্ত্ৰী হিচাপে হিমন্তবিশ্ব শৰ্মাই এবছৰ সম্পূৰ্ণ কৰাৰ মুহূৰ্তত এই কথা নকৈ নোৱাৰি যে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো হিমন্তবিশ্ব শৰ্মা আছিল মুখ্যমন্ত্ৰীৰ পাছতে মন্ত্ৰীসভাৰ সবাতোকৈ প্ৰভাৱশালী মন্ত্ৰী৷ সেইবাবে শৰ্মা চৰকাৰৰ সফলতা-বিফলতাৰ খতিয়ান লোৱাৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকাল স্বাভাৱিকতেই হিচাপত অন্তৰ্ভুক্ত হয়৷

বাহুল্য পৰিহাৰ কৰি পোনপটীয়াকৈ এইটোৱেই ক’ব পাৰি যে ড॰ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালত সফলতা আৰু বিফলতা দুয়োটাই আছে৷ কেতবোৰ ক্ষেত্ৰত ৰাইজে কিছু সকাহ পাইছে যদিও কেতবোৰ ক্ষেত্ৰত আশংকাত ভুগিছে৷ শাসক দলে নিৰ্বাচনত জয়লাভ কৰাটোত বিশেষ নতুনত্ব নাই যদিও প্ৰায় প্ৰতিটো শাসক দলেই তেওঁলোকৰ কাৰ্যকালত হোৱা উপনিৰ্বাচনকে ধৰি বিভিন্ন নিৰ্বাচনত নিজৰ দলে লাভ কৰা সফলতাক চৰকাৰ বা দলৰ ডাঙৰ কৃতিত্ব বুলি জাহিৰ কৰে৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই৷ তৎসত্ত্বেও এই কথা ক’বই লাগিব যে ড্ৰাগ্‌বিৰোধী নিৰৱচ্ছিন্ন অভিযান ড॰ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ অন্যতম সফলতা৷ মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ পৰা বহু মহিলাক সকাহ দিয়া, অৰুণোদয় আঁচনিৰ ধনৰাশি বৃদ্ধি কৰা, টাটা ট্ৰাষ্টৰে চুক্তি কৰি ৰাজ্যত সাতখন কৰ্কট চিকিৎসালয় উদ্‌ঘাটন কৰা, কেইবাখনো উৰণীয়া সেতু, দলং আৰু ৰাস্তা-ঘাট নিৰ্মাণ কৰা, মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমিৰ সৈতে জড়িত বিভিন্ন সমস্যা সমাধান কৰা, ব্যৱসায়-বাণিজ্যৰ বাবে তাৎক্ষণিক ট্ৰেড লাইচেঞ্চৰ ব্যৱস্থা কৰা, লোকসেৱাৰ অধিকাৰ প’ৰ্টেলৰ জৰিয়তে বিভিন্ন পঞ্জীয়ন আদিৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থাৰে সেৱা, অসম সচিবালয়ৰ নিষ্পত্তিহীন ফাইলৰ নিষ্পত্তিৰ বাবে সম্ভাৱনা প’ৰ্টেলৰ ব্যৱস্থা, ভূমি বেদখলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ, ২৩খন জিলাৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ আইন প্ৰত্যাহাৰ, কেইবাটাও উগ্ৰপন্থী সংগঠনৰে শান্তি চুক্তি আদি ড॰ শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালৰ অন্যতম কৃতিত্ব বুলি ক’ব পাৰি৷ ড॰ হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালত ৫৪৮ কোটি টকা মূল্যৰ ড্ৰাগ্‌ জব্দ কৰাৰ উপৰি ড্ৰাগ্‌ ব্যৱসায়ৰ সৈতে জড়িত ৪,৮৩৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷ এই সময়ছোৱাত জব্দ কৰা হৈছে চোৰাংকৈ সৰবৰাহ কৰিব খোজা ৯,৪৫৪টা গৰু৷ ড॰  শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালত লোকসেৱাৰ অধিকাৰ প’ৰ্টেলৰ জৰিয়তে নিষ্পত্তি কৰা হৈছে ৭,৬০,৭৯৪খন আৱেদন৷ মিছন বসুন্ধৰা প’ৰ্টেলৰ জৰিয়তে নিষ্পত্তি কৰা হৈছে ৮,১২,৬৬৬খন আৱেদন৷

সম্ভৱতঃ ১ লাখ নিবনুৱাক চাকৰি দিম বুলি কৰা ঘোষণা ড॰ শৰ্মা চৰকাৰৰ এবছৰীয়া কাৰ্যকালৰ অন্যতম বৃহৎ প্ৰত্যাহ্বানৰূপে বিবেচিত হৈছে৷ এই মাহতে কেইবাহাজাৰ লোকক চাকৰি দিয়া হ’ব বুলি ঘোষণা কৰা হৈছে যদিও এই ঘোষণাই বছৰটোত এক লাখ লোকক চাকৰি দিয়াৰ বাবে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি সম্পূৰ্ণ হোৱা নুবুজায়৷ এনআৰচিৰ ক্ষেত্ৰত চৰকাৰখনে গ্ৰহণ কৰা ভূমিকাও বহু লোকৰ গ্ৰহণযোগ্য হোৱা নাই৷ অসম চুক্তিৰ ৬নং দফা কমিটীয়ে দাখিল কৰা প্ৰতিবেদনৰ ক্ষেত্ৰত হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ ভূমিকা পূৰ্বৰ চৰকাৰৰ দৰেই দুৰ্ভাগ্যজনক৷ এই কথা অসমৰ সচেতন মানুহে সঁচাকৈয়ে ভাল পোৱা নাই৷ ৰাজ্যৰ নিজা কৰ সংগ্ৰহ হ্ৰাস পোৱাটো আৰু চৰকাৰী ঋণৰ ক্ৰমবৰ্ধিত বোজাই ৰাজ্যৰ অৰ্থনৈতিক ভৱিষ্যতৰ ক্ষেত্ৰত ৰাইজক সন্দিহান কৰি তুলিছে৷ জাতীয় ইছ্যুবোৰৰ ক্ষেত্ৰতো চৰকাৰৰ ভূমিকা আশাব্যঞ্জক নহয়৷ এনকাউণ্টাৰৰ প্ৰসংগও সকলো শ্ৰেণীৰ লোকে সহজভাৱে ল’ব পৰা নাই৷ এইদৰেই সফলতা আৰু বিফলতাৰ মাজেৰে ড॰ হিমন্তবিশ্ব শৰ্মা চৰকাৰে সম্পূৰ্ণ কৰিলে এটা বছৰ৷ পৰৱৰ্তী সময়ছোৱাত চৰকাৰৰ কাম-কাজ কেনেধৰণৰ হয়, তাৰ প্ৰতি নিশ্চয় ৰাইজে আগ্ৰহেৰে লক্ষ্য কৰিব৷