Logo
image

ড্ৰাগ্‌বিৰোধী আগ্ৰাসী অভিযান অন্যতম কৃতিত্ব

হিমন্তবিশ্ব শৰ্মা চৰকাৰৰ এবছৰ

আমাৰ অসম, ১০ মে’: ড্ৰাগ্‌ছ বিৰোধী অভিযান ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্যতম কৃতিত্ব হিচাপে ইতিমধ্যে চিহ্নিত হৈছে৷ চৰকাৰ গঠনৰ পাছতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ড্ৰাগ্‌ছৰ বিৰুদ্ধে মুকলি জেহাদ ঘোষণা কৰে৷ ৰাজ্যৰ যুৱ প্ৰজন্মক ড্ৰাগ্‌ছৰ কৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অসম আৰক্ষীক ড্ৰাগ্‌ছৰ বিৰুদ্ধে কঠোৰ আৰু তীব্ৰতৰ অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে৷ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ ড্ৰাগ্‌ছবিৰোধী কঠোৰ স্থিতিৰ পাছতে অসম আৰক্ষীয়ে ড্ৰাগ্‌ছ ব্যৱহাৰকাৰী আৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰতে অভিযান আৰম্ভ কৰে আৰু এটা বছৰত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ উদ্যোগত ৰাজ্যত প্ৰথমবাৰৰ বাবে এনেধৰণৰ ড্ৰাগ্‌ছবিৰোধী অভিযানত জপিয়াই পৰে অসম আৰক্ষী৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই এই ড্ৰাগ্‌ছবিৰোধী অভিযানক উৎসাহিত কৰিবলৈ আৰক্ষীৰ প্ৰতিটো সফলতাৰ বাতৰি নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে নিয়মীয়াভাৱে শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰে৷ আজিপৰ্যন্ত অব্যাহত আছে মুখ্যমন্ত্ৰীৰ এই বিশেষ পদক্ষেপ৷ ৰাজ্যৰ ড্ৰাগ্‌ছ সৰবৰাহকাৰীসকলক মুখ্যমন্ত্ৰীয়ে বিভিন্ন মঞ্চৰ পৰা সততে কঠোৰভাৱে সকীয়াই দি আহিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে তৎপৰতাৰ ফলত বিগত এটা বছৰত আৰক্ষীয়ে ড্ৰাগ্‌ছ মাফিয়াৰ বিৰুদ্ধে ২,৮৩৪টা গোচৰ পঞ্জীয়ন কৰাৰ লগতে ৪,৮৩৮জন ড্ৰাগ্‌ছ বেপাৰী আৰু ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ এই সময়ছোৱাত ৫৪৮.৫৪ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে বিগত এটা বছৰত ৯৪ কিলোগ্ৰাম হেৰ’ইন, ২২,৩৪৮ কিলোগ্ৰাম গাঞ্জা, ১৪৭ কিলোগ্ৰাম কানি, ৩৮ লাখ নিচাযুক্ত টেবলেট, ২.২ লাখ কাফ চিৰাপৰ বটল, ০.৩১ কিলোগ্ৰাম কোকেইন, নগদ ২.৪ কোটি টকা আৰু ৩২০খন বাহন জব্দ কৰে৷ এই সময়ছোৱাত ৬৪৮ বিঘা কানি খেতি নষ্ট কৰে আৰক্ষীয়ে৷ ড্ৰাগ্‌ছৰ ব্যৱহাৰ, বিক্ৰী, যোগান আৰু সৰবৰাহৰ বিষয়ে ৰাইজৰ পৰা তথ্য লাভৰ বাবে চৰকাৰে ‘ড্ৰাগ্‌ছ ফ্ৰী অসম’ নামেৰে এটা ম’বাইল এপ আৰম্ভ কৰে৷ এই সময়ছোৱাত অসম আৰক্ষীয়ে মানৱ সৰবৰাহৰ ১৪১টা গোচৰ ৰুজু আৰু ১০৪জন মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে প্ৰায় ২৫০জন লোকক সৰবৰাহকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দায়িত্ব গ্ৰহণৰ পাছৰে পৰা এইপৰ্যন্ত বাৰ্মিজ চুপাৰিৰ চোৰাং বেপাৰৰ ১৬৩টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ৫৩ লাখ কিলোগ্ৰাম চুপাৰি জব্দ হয় আৰু ইয়াৰ পৰা চৰকাৰে ৬.৫৩ কোটিটকাৰ ৰাজহ লাভ কৰে৷ এই চোৰাং বেপাৰৰ সৈতে জড়িত ১৮২জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ যান-বাহন আইন ভংগকাৰীৰ পৰা আৰক্ষীয়ে বিগত এটা বছৰত ৪৮.৯৩ কোটি টকাৰ জৰিমনা সংগ্ৰহ কৰে৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত ৬টা সমষ্টি ক্ৰমে গোসাঁইগাঁও, ভবানীপুৰ, তামুলপুৰ, থাওৰা আৰু মাজুলীত অনুষ্ঠিত উপ-নিৰ্বাচনত বিজেপিৰ দুই প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটা আৰু মিত্ৰদল ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী জয়ী হয়৷ পৌৰ নিৰ্বাচনত বিজেপি আৰু অগপ দলে ৭৭টা পৌৰ সভা দখল কৰিবলৈ সক্ষম হয়৷ গুৱাহাটী পৌৰ নিগমো দখল কৰিবলৈ সক্ষম হয়৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি দলে ৫২টা আৰু অগপ দলে ৬টা ৱাৰ্ডত জয়লাভ কৰে৷ আৰক্ষীৰ তৎপৰতাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত অপৰাধৰ হাৰো পূৰ্বৰ তুলনাত ক্ৰমাৎ হ্ৰাস পাইছে৷ পূৰ্বৰ বছৰত প্ৰতি এক লাখ লোকৰ বিপৰীতে ৩৮৪টা অপৰাধ সংঘটিত হোৱাৰ বিপৰীতে এই বছৰ অপৰাধৰ হাৰ ২২২টালৈ হ্ৰাস পাইছে৷ আনহাতে, নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যাও ২০২১ চনৰ মে’ মাহত ১,০৯,০৮১টা হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ এপ্ৰিল পৰ্যন্ত ৮৩,৯৪৭ টালৈ হ্ৰাস পাইছে৷ বিগত বৰ্ষত মাহে ১১,১০৩টা গোচৰ পঞ্জীভুক্ত হোৱাৰ বিপৰীতে চলিত বৰ্ষত পঞ্জীভুক্ত গোচৰৰ সংখ্যা ৬,২৪৭ টালৈ হ্ৰাস পাইছে৷ অসম চৰকাৰে গৰুৰ চোৰাং সৰৱৰাহৰ বিৰুদ্ধে বিধানসভাত আইন গৃহীত কৰি সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ বিগত বৰ্ষত আৰক্ষীয়ে গৰুৰ চোৰাং সৰৱৰাহ সন্দৰ্ভত ১,১০০টা গোচৰ পঞ্জীয়ন কৰি ৯৯২জন গৰুৰ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিছে৷ ৯,৪৯৪টা গৰুৰ লগতে ৪১৭খন গাড়ী জব্দ কৰা হৈছে৷ অসম চৰকাৰে টাটা ন্যাসৰ সহযোগত ৰাজ্যত ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, দৰং, তেজপুৰ, লখিমপুৰ আৰু যোৰহাটত সাতখন কেঞ্চাৰ চিকিৎসালয়ৰ সেৱা আৰম্ভ কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সাতখন চিকিৎসালয় ইতিমধ্যে উদ্বোধন কৰাৰ লগতে ধুবুৰী, নলবাৰী, গোৱালপাৰা, নগাঁও, শিৱসাগৰ, তিনিচুকীয়া আৰু গোলাঘাট, এই সাতখন কেঞ্চাৰ চিকিৎসালয় আৰু আধাৰশিলা স্থাপন কৰে৷ অসম চৰকাৰে ৰাজ্যৰ ১৯ লাখ দৰিদ্ৰ মহিলালৈ অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে ১,০০০ টকাকৈ সাহায্য আগবঢ়াই আহিছে৷ শীঘ্ৰে এই ধনৰ পৰিমাণ মাহে ১,২৫০ টকালৈ বৃদ্ধি কৰা হ’ব৷ মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক ঋণমুক্ত কৰাৰ বাবে চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰিছে৷ ইতিমধ্যে ৰাজ্যৰ ৮.৭২ লাখ ঋণগ্ৰস্ত মহিলালৈ চৰকাৰে সহায়ৰ হাত আগবঢ়াইছে আৰু এই শিতানত এই পৰ্যন্ত প্ৰায় ১৬০০ কোটি টকা ব্যয় হৈছে৷ লোকসেৱাৰ অধিকাৰ প’ৰ্টেলৰ জৰিয়তে বিভিন্ন পঞ্জীয়ন আদিৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থাৰে সেৱা আগবঢ়োৱা হৈছে৷ নিবনুৱাৰ পঞ্জীয়ন, গাড়ীৰ পঞ্জীয়ন, বিবাহৰ পঞ্জীয়ন, গাড়ীৰ ফিটনেছ প্ৰমাণপত্ৰ, গাড়ীৰ মালিকীস্বত্ব বদলি আদি বিভিন্ন সেৱা এই প’ৰ্টেলৰ জৰিয়তে তাৎক্ষণিকভাৱে আগবঢ়োৱা হৈছে৷ এই পৰ্যন্ত বিভিন্ন শিতানৰ ৯,০৬,৪৩৭খন আবেদনৰ বিপৰীতে ৭,৬০,৭৯৪খন আৱেদনৰ সময় নিৰ্ধাৰিত সেৱাৰে নিষ্পত্তি ঘটোৱা হৈছে৷ এই ক্ষেত্ৰত কাৰ্যকাৰিতাৰ হাৰ ৮৩.৯৩ শতাংশ৷ অসম সচিবালয়ৰ পেণ্ডিং ফাইল নিষ্পত্তিৰ বাবে চৰকাৰে সম্ভাৱনা প’ৰ্টেলৰ জৰিয়তে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে৷ সেই মৰ্মে ২৫০২খন আবেদনৰ ইতিমধ্যে ১৬২৯খন আবেদনৰ এই পৰ্যন্ত নিষ্পত্তি কৰা হৈছে৷ এই ক্ষেত্ৰত কাৰ্যকাৰিতাৰ হাৰ ৬৫.১১ শতাংশ৷ এই ব্যৱস্থাই বিভিন্ন কামৰ বাবে ৰাইজে ৰাজ্যিক সচিবালয়লৈ অহা-যোৱাৰ ক্ষেত্ৰত ভোগ কৰা সমস্যা আঁতৰাই তাৎক্ষণিকভাৱে বিভিন্ন বিষয়ৰ নিষ্পত্তিৰ উদ্যোগ লোৱা হৈছে৷ চৰকাৰী ভূমি, বনাঞ্চল, ট্ৰাইবেল বেল্ট ব্লক আদিত চলা ব্যাপক বেদখলৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ইতিমধ্যে দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটি, হোজাইৰ লামডিং বনাঞ্চল, শোণিতপুৰৰ চতিয়া, কাৰ্বি আংলঙৰ বোকাজান আদিত বেদখল উচ্ছেদ কৰা হৈছে৷ দৰং জিলাৰ গৰুখুঁটিত স্থাপন কৰা বহুমুখী কৃষি প্ৰকল্পই অসমত সম্ভাৱনাৰ এক নতুন দুৱাৰ মুকলি কৰিছে৷ তিনিটা দশকৰ পিছত অসমলৈ শান্তিৰ এক পৰিৱেশ ঘূৰি আহিছে৷ ৰাজ্যৰ ২৩খন জিলা আৰু এটা মহকুমাৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰা হৈছে৷ ৰাজ্যৰ অন্যান্য অঞ্চলকেইটাৰ পৰাও আফস্পা প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে৷ ৰাজ্য চৰকাৰে বড়ো, কাৰ্বি, ডিমাছা বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তিচুক্তি স্বাক্ষৰ কৰি অসমলৈ এক শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ ক্ষেত্ৰত সফল হৈছে৷ চৰকাৰে আলোচনা আৰু শান্তিচুক্তিৰ জৰিয়তে ৰাজ্যখনৰ উগ্ৰপন্থী সমস্যাৰ স্থায়ী সমাধানৰ দিশত সফলতাৰে অগ্ৰসৰ হৈছে৷ মিছন বসুন্ধৰা প’ৰ্টেলৰ জৰিয়তে ৰাজ্য চৰকাৰে ভূমিৰ আবেদনৰ নিষ্পত্তিৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ মিছন বসুন্ধৰাৰ অধীনত ৮,১৩,৯৮১খন আবেদন দাখিলৰ বিপৰীতে ৮,১২,৬৬৬খন আবেদনৰ নিষ্পত্তি কৰা হৈছে৷ এই ক্ষেত্ৰত ৫ মে’ পৰ্যন্ত আবেদন নিষ্পত্তিৰ হাৰ ৯১.৯ শতাংশ আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত মিছন বসুন্ধৰাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰা যাব বুলি চৰকাৰে আশা কৰিছে৷ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ সৈতে সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে৷ ইতিমধ্যে মেঘালয়ৰ সৈতে চুক্তি স্বাক্ষৰৰ জৰিয়তে সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে৷ অৰুণাচল আৰু নাগালেণ্ড চৰকাৰৰ সৈতেও সীমা সমস্যাৰ সমাধানকল্পে বিভিন্ন পৰ্যায়ত আলোচনা প্ৰক্ৰিয়া অব্যাহত আছে৷ ৰাজ্য চৰকাৰে কোকৰাঝাৰ কলেজ, বঙাইগাঁও কলেজ, সন্দিকৈ কলেজ, যোৰহাটৰ জে বি কলেজ আৰু শিৱসাগৰ কলেজক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে৷ চৰকাৰৰ এনে উদ্যোগে নতুন শিক্ষানীতি ৰূপায়ণত সহায় কৰাৰ লগতে ৰাজ্যৰ শৈক্ষিক পৰিৱেশ উন্নীত কৰাত যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে৷ ১০ মে’ ২০২১ চনত হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈ অসমখনক ৫খন ৰাজ্যৰ ভিতৰত এখন উন্নয়ন আৰু প্ৰগতিশীল ৰাজ্য হিচাপে গঢ়াৰ নিমিত্তে সতীৰ্থ মন্ত্ৰী আৰু বিধায়ক সকলক লগত লৈ আঁচনিসমূহ ৰূপায়ণ কৰাত বিহিত ব্যৱস্থা গ্ৰহণ কৰে৷ তেওঁৰ এই এবছৰীয়া কাৰ্যকালত অসমত হোৱা কেইটামান উল্লেখযোগ্য কাম হ’ল– যাতায়ত ব্যৱস্থা সূচল কৰাৰ বাবে উৰণীয়া সেতু, দলং আৰু ৰাস্তা ঘাট নিৰ্মাণ, মহানগৰবাসীৰ বাবে অহা জুন মাহৰ পৰা ঘৰে ঘৰে খোৱা পানী যোগান, এক লাখ নিবনুৱা নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হব হৈছে, বান মুক্ত অসম গঢ়াৰ লক্ষ্যৰে আঁচনি গ্ৰহণ, ব্যৱসায় বাণিজ্য বাবে তৎক্ষণিক ট্ৰেড লাইসেন্স ব্যৱস্থা কৰা, ইয়াৰ উপৰিও ৰাইজৰ উন্নয়ন প্ৰগতিৰ বাবে বিভিন্ন আঁচনি এইখন চৰকাৰে গ্ৰহণ কৰে৷