Logo
image

বিটিআৰৰ পেকেজ ১,৯০০ কোটি টকালৈ বৃদ্ধি

আমাৰ অসম, ১০ মে’: বি টি আৰৰ পেকেজ ১,৫০০ কোটি টকাৰ পৰা ১,৯০০ কোটি টকালৈ বৃদ্ধি কৰাৰ হৈছে৷ এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ তামুলপুৰত সোমবাৰে সীমান্ত সুৰক্ষা বাহিনীৰ কেন্দ্ৰীয় পন্যাগাৰ আৰু গুদাম ঘৰৰ আধাৰশিলা স্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰীজনে আৰু কয়–এসময়ত হত্যা -হিংসাৰে জৰ্জড়িত বিটিআৰলৈ আজি শান্তি ঘূৰি আহিছে একমাত্ৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ সদিচ্ছাত৷ আজিৰ শান্তিৰ বিটিআৰত বহু যুৱকে বন্দুক আৰু হিংসাক আকোৱালি লৈ অকালতে প্ৰাণ বিসৰ্জন দিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছিল কিন্তু আজি সেই পৰিবেশ সলনি হৈছে৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ প্ৰচেষ্টাত ইতিমধ্যে ৯০০০ তকৈ অধিক বিদ্ৰোহী সংগঠনৰ সদস্য মূলসূতিলৈ ঘূৰি অহাটো ইতিবাচক সংবাদ৷ আজি অসমৰ শান্তি প্ৰতিষ্ঠাৰ কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত ন্যস্ত কৰা হৈছে৷ বিদ্ৰোহী সংগঠনক মূলসূতিলৈ অনাৰ ক্ষেত্ৰত প্ৰথম কৃতিত্ব দিব লাগিব বড়ো শান্তি চুক্তিক৷ আজি বিটিআৰ শিক্ষা, স্বাস্থ্য, বাণিজ্য আদি সকলো দিশতে আগবাঢ়ি গৈছে৷ বড়োলেণ্ডৰ সৈতে কৰা সকলো প্ৰতিশ্ৰুতি কেন্দ্ৰীয় চৰকাৰে পূৰণ কৰি আহিছে৷ সেইবাবে বিটিআৰৰ পেকেজো বৃদ্ধি কৰা হৈছে৷ বড়োলেণ্ডৰ ৰাইজ সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক দিশত শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই৷ কিয়নো এই বিষয়টো ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ চিন্তাৰ বিষয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷