Logo
image

যুৱ উচ্ছৃংখলতা

যুৱ সমাজক দেশৰ ভৱিষ্যৎ বুলি কোৱা হয়৷ ভৱিষ্যতৰ চিন্তা-চৰ্চা আৰু আচৰণ হৈছে তেওঁলোকৰ পৰিচয়৷ বহুতৰে চিন্তা-চৰ্চা নিৰ্ভৰ কৰে সমাজৰ প্ৰচলিত পৰিস্থিতিৰ ওপৰত৷ শেহতীয়াভাৱে ৰাজ্যখনৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা কেতবোৰ ঘটনাই বৰ্তমানৰ একাংশ যুৱক-যুৱতীৰ নৈতিক অধঃপতনক উদঙাই দিছে৷ ক’ভিডসৃষ্ট সমস্যাৰ বাবে প্ৰায় দুবছৰ ৰাজ্যখনত উলহ-মালহেৰে উৎসৱ-পাৰ্বণ আদি উদ্‌যাপন কৰিব পৰা হোৱা নাছিল৷ বৰ্তমান ক’ভিডৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ বাবে এইবাৰ ৰঙালী বিহুক লৈ সকলোৰে উচ্ছ্বাস বৃদ্ধি পাইছিল৷ কিন্তু বিহুক কেন্দ্ৰ কৰিয়েই সংঘটিত হোৱা কেতবোৰ অবাঞ্ছিত ঘটনাই ৰাজ্যখনৰ সকলোৰে আপোন উৎসৱটোতো কালিমা সানিছে৷ বিহু উদ্‌যাপনৰ নামত ৰাজ্যৰ বহু ঠাইত এচাম উচ্ছৃংখল যুৱকৰ উদ্ভণ্ডালিৰ বাবে আধাতে বিহুৰ কাৰ্যসূচী বন্ধ ৰাখিবলগীয়া হোৱাৰ লগতে বহু লোক হতাহতও হ’বলগীয়া হৈছিল৷ ছ’চিয়েল মিডিয়াতো এনেবোৰ ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে৷ আজিকালিৰ এই যুৱকচামৰ এই উদ্ভণ্ডালিবোৰে বিহু উদ্‌যাপনৰ এক নেতিবাচক বাৰ্তাও প্ৰচাৰ কৰিছে৷ এটা কথা সকলোৱে স্বীকাৰ কৰিব যে বৰ্তমানৰ যুৱচামৰ মাজত ৰাগিয়াল বস্তুৰ ব্যৱহাৰৰ প্ৰৱণতা বৃদ্ধি পোৱাটো সমাজৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে৷ ৰাগিয়াল সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ বাবে কম বয়সীয়া ল’ৰা-ছোৱালীৰ মাজতো অপৰাধ প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰিছে৷ এইবোৰৰ বাবে কেৱল চৰকাৰকে দোষ দি থাকিলে নহ’ব৷ এইক্ষেত্ৰত  অভিভাৱকসকলো যথেষ্ট সতৰ্ক হ’ব লাগিব৷

বিহুৰ নামত চলা এই অসভ্যালিবোৰ আঁতৰোৱাৰ ক্ষেত্ৰত বিহু কমিটীবোৰৰ লগতে স্থানীয় প্ৰশাসনৰো বহুখিনি কৰিবলগীয়া আছে৷ বিহুৰ সাংস্কৃতিক কাৰ্যসূচীবোৰ পুৱতিনিশালৈকে অব্যাহত নাৰাখি এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলো কাৰ্যসূচী সমাপ্ত কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন ব্যক্তি-সংগঠনে আহ্বান জনাই আহিছে যদিও সেইবোৰৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়াটো দুৰ্ভাগ্যৰ বিষয়৷ এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনো কিছু কঠোৰ হোৱা প্ৰয়োজন৷ বিহু উদ্‌যাপনৰ ক্ষেত্ৰত আৰক্ষীয়ে বিহু কমিটীবোৰৰ বাবে কেতবোৰ নিৰ্দেশনা বান্ধি দিয়াৰ প্ৰয়োজন আছে৷ তাৰ লগতে এই অনুষ্ঠানবোৰৰ পৰিৱেশ নষ্ট কৰা উচ্ছৃংখল যুৱক-যুৱতীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা উচিত৷ আৰক্ষীয়ে এককভাৱে এই উদ্ভণ্ডালিবোৰ ৰোধ কৰিব নোৱাৰে৷ এইক্ষেত্ৰত বিহু কমিটীবোৰৰ সহযোগিতা লাগিবই৷ যুৱক-যুৱতীৰ নৈতিক অধঃপতনৰ বাবে বহু পৰিমাণে অভিভাৱকো জগৰীয়া৷ বহু অভিভাৱকে স্কুলৰ ডেওনা পাৰ কৰি কলেজীয়া জীৱন আৰম্ভ কৰাৰ পাছত  সন্তানক শাসন কৰাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰে৷ ফলত সন্তানসকল বেপৰোৱা হৈ পৰা দেখা যায়৷অভিভাৱক কিছু কঠোৰ হ’লে সন্তান দুপৰনিশালৈকে ঘৰৰ বাহিৰত থকাৰ সাহস নি(য় নহ’ব৷ একেদৰে সন্ধিয়াৰ পাছত  বাহিৰলৈ ওলাই যোৱাৰ ক্ষেত্ৰত হোষ্টেলবোৰৰ কতৃৰ্পক্ষৰো কঠোৰ নীতি থকা প্ৰয়োজন৷ গুৱাহাটীৰ আই আই টিত যি ঘটনা সংঘটিত হ’ল, তেনে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানবোৰে উচিত ব্যৱস্থা লোৱা উচিত৷

বিহুৰ অনুষ্ঠান পৰিয়ালৰ সকলো সদস্যই একেলগে উপভোগ কৰাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ শেহতীয়াভাৱে বিহু অনুষ্ঠানবোৰত যিবোৰ কৰ্ম-কাণ্ড ঘটি আছে, তাৰ পাছত মহিলা-যুৱতী তেনে অনুষ্ঠানবোৰত উপস্থিত থকাটো বিপজ্জনক হৈ পৰিছে৷ বিহুৰ নামত  আৰম্ভ হৈছে অপসংস্কৃতি৷ অসমীয়াৰ স্বাভিমান, অসমীয়াৰ পৰিচয় বিহুক এইবোৰ বিশৃংখলতাৰ পৰা মুক্ত কৰাৰ দায়িত্ব সমাজৰ প্ৰতিটো ক্ষেত্ৰৰ লোকৰ৷ সুৰাৰ ৰাগীত মাতাল হৈ এচাম যুৱক-যুৱতীয়ে বিহুৰ অনুষ্ঠানবোৰত যি অসভ্যালি কৰিবলৈ আৰম্ভ কৰিছে, সেইবোৰ সমাজখনৰ বাবে ব্যাধি৷ সমাজৰ সকলো পক্ষৰ সহযোগিতাৰেহে এই ব্যাধি দূৰ কৰাটো সম্ভৱ হ’ব৷