Logo
image

ডানিছসহ ৪ ভাৰতীয় সাংবাদিকলৈ পুলিৎজাৰ বঁটা

আমাৰ অসম, ১১ মে’: আফগানিস্তানৰ সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ বাস্তৱ ছবি তুলিবলৈ যাওতে তালিবান সন্ত্ৰাসবাদীৰ হাতত শোকাৱহভাৱে মৃত্যুবৰণ কৰা ডানিছ ছিদ্দিকীসহ মুঠতে চাৰিজন ভাৰতীয় ফটো সাংবাদিকে ২০২২ চনৰ পুলিৎজাৰ বঁটা লাভ কৰিছে৷ ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকীলৈ মৰণোত্তৰভাৱে সাংবাদিকতাৰ ক্ষেত্ৰৰ এই অন্যতম সন্মানীয় বঁটা ঘোষণা কৰা হয়৷ ডানিছ ছিদ্দিকীৰ উপৰি ৰয়টাৰৰ ফটো সাংবাদিক আদনান আবিদি, ছান্না ইৰছাদ মাট্টু আৰু অমিত ডাভেক চলিত বছৰৰ শ্ৰেষ্ঠ ফটো সাংবাদিকৰ পুলিৎজাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ উল্লেখ্য, ডানিছ ছিদ্দিকীৰ মৃত্যু হৈছিল ২০২১ চনৰ ১৬ জুলাইত৷ সেই সময়ত আফগানিস্তানৰ পৰা আমেৰিকাৰ বাহিনীয়ে দেশলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ উদ্যত হৈছিল৷ তেনে সময়তে দেশখনৰ চৌদিশৰ পৰা চহৰ অঞ্চললৈ হাতত অস্ত্ৰ লৈ আগবাঢ়ি আহিছিল তালিবান সন্ত্ৰাসবাদী৷ ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকীয়ে আমেৰিকাৰ অৰ্থাৎ মিত্ৰ পক্ষৰ সেনাৰ গাড়ীত উঠি আফগানিস্তানৰ জ্বলন্ত পৰিস্থিতিৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰিছিল৷ তেওঁ নিজে ভিডিঅ’ কৰি থকা অৱস্থাতে তালিবানে তেওঁলোক গৈ থকা সামৰিক বাহনখন বিস্ফোৰণ কৰি উৰুয়াই দিয়ে আৰু দুৰ্ভাগ্যবশতঃ সেই আক্ৰমণত ডানিছে প্ৰাণ হেৰুৱায়৷ মৃত্যুৰ মুহূৰ্তলৈকে তেওঁ কৰি থকা ভিডিঅ’ পৰৱৰ্তী সময়ত প্ৰকাশ হয় আৰু সেয়া ভাইৰেল হৈ পৰে৷ তেওঁৰ ফটো আৰু ভিডিঅ’ই এজন ফটো সাংবাদিক হিচাপে ডানিছ ছিদ্দিকী কিমান সাহসী আছিল সেয়া প্ৰতীয়মান কৰে৷ উল্লেখ্য, ২০১৮ চনতো ডানিছ ছিদ্দিকীয়ে ফটোগ্ৰাফীৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰিছিল৷ আনহাতে ভাৰতীয় ফটো সাংবাদিক আদনান আবিদিৰ এয়া তেওঁৰ সাংবাদিকতাৰ কেৰিয়াৰৰ তৃতীয়টো পুলিৎজাৰ বঁটা৷ এইবাৰ আদনান আবিদিয়ে পুলিৎজাৰ বঁটা লাভ কৰিছে ক’ভিড পৰিস্থিতিৰ কেইখনমান মৰ্মস্পৰ্শী ছবিৰ দ্বাৰা৷ তাৎপৰ্যপূৰ্ণভাৱে বিদেশী সংবাদ মাধ্যমৰ হৈ কাম কৰিলেও ছিদ্দিকীৰ বাহিৰে আন তিনিওজন ভাৰতীয় ফটো সাংবাদিকে এইবাৰৰ পুলিৎজাৰ বঁটা ভাৰতৰ ক’ভিড পৰিস্থিতিৰ ফটোৰ জৰিয়তেই লাভ কৰিছে৷