Logo
image

গৃহযুদ্ধ! জনতাৰ ক্ষোভৰ জুইত দগ্ধ শ্ৰীলংকা

আমাৰ অসম, ১১ মে’: প্ৰায় ডেৰমাহজোৰা প্ৰতিবাদৰ অন্তত আৰ্থিক সংকটত বিধবস্ত ভাৰতৰ চুবুৰীয়া দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা যোৱানিশাৰ পৰা আক্ষৰিক অৰ্থতে জ্বলিছে৷ সোমবাৰে পদত্যাগ কৰা দেশখনৰ প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপাক্ষেই প্ৰাণৰ ভয়ত শ্ৰীলংকাৰ নৌবাহিনীৰ ঘাটিত আশ্ৰয় লৈছে আৰু চৌদিশৰ পৰা বিক্ষুব্ধ জনতাই ৰাজধানী কলম্বোৰ পৰা ২৭০ কিলোমিটাৰ দূৰত অৱস্থিত ত্ৰিংকোমালিৰ নৌঘাটি বেৰি ধৰিছে৷ ফৰাচী বিপ্লৱৰ আৰম্ভণিৰ দৰে অৱস্থা হৈ পৰা শ্ৰীলংকাত সোমবাৰে নিশা শাসনাধিষ্ঠিত দলৰ সাংসদ অমৰকীৰ্তি আথুকৰালা আৰু একে দলৰে এজন ৰাজনৈতিক নেতাক বিক্ষুব্ধ জনতাই হত্যা কৰে৷ সোমবাৰে নিশা বিক্ষুব্ধ নাগৰিকে ৰাজাপাক্ষেৰ ৰাজনৈতিক দলৰ মুঠতে ৪১জন নেতাৰ বাসগৃহ জ্বলাই ভষ্মীভূত কৰাৰ লগতে পদত্যাগী প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপাক্ষে তথা তেওঁৰ ভ্ৰাতৃ এতিয়াও ক্ষমতা খামুছি ধৰি থকা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ মেডা মুলানা গাঁৱত থকা প্ৰাসাদোপম পৈত্ৰিক বাসভৱনো উন্মত্ত জনতাই জ্বলাই দিয়ে৷ সোমবাৰে ওৰেনিশা ধৰি দেশখনৰ বিভিন্ন স্থানত বিক্ষুব্ধ আৰু ক্ষুধাতুৰ নাগৰিকে তাণ্ডৱ চলাই সীমাহীন চৰকাৰী সম্পত্তি আৰু বেচৰকাৰী সম্পত্তি জ্বলাই ভষ্মীভূত কৰে৷ ৰাষ্ট্ৰপতি আৰু পদত্যাগী প্ৰধানমন্ত্ৰী দুই ৰাজাপাক্ষেৰ পৈত্ৰিক বাসভৱন জ্বলাই ভষ্মীভূত কৰা জনতাই গোটাবায়া ৰাজাপাক্ষেৰ দেশৰ একাধিক স্থানত থকা ঘৰ, গাড়ী জ্বলাই দিয়াৰ লগতে অনুৰাধাপুৰাত থকা প্ৰাসাদোপম ঘৰ, কুৰুনেগালাত থকা তেওঁৰ বেচৰকাৰী বাসগৃহও জ্বলাই চাইত পৰিণত কৰে৷

বিগত প্ৰায় ডেৰমাহ ধৰি অৰ্থনৈতিকভাৱে বিধবস্ত দেশখনৰ জনতাই শান্তিপূৰ্ণভাৱেই চৰকাৰবিৰোধী প্ৰতিবাদ চলাই আছিল৷ সোমবাৰে পৰিস্থিতি সংকটজনক হৈ পৰাত প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপাক্ষেই পদত্যাগ কৰে আৰু তাৰ পাছৰ পৰাই দেশৰ পৰিস্থিতি অগ্নিগৰ্ভ হৈ পৰে৷ মাহিন্দা ৰাজাপাক্ষেৰ সমৰ্থকৰ এটা বৃহৎ দলে হাতে হাতে অস্ত্ৰ-লাঠী লৈ শান্তিপূৰ্ণভাৱে ৰাজধানীত প্ৰতিবাদ কৰি থকা এটা দলক প্ৰচণ্ড মাৰপিট কৰাৰ পাছতে দেশজুৰি হিংসাত্মক ঘটনা আৰম্ভ হয়৷ প্ৰতিবাদী জনতাই উন্মত্ত ৰূপ ধাৰণ কৰি ৰাজাপাক্ষেৰ সমৰ্থক অহা বাছসমূহ জ্বলাই দিয়ে আৰু ৰাজধানী কলম্বোত হিংসাত্মক প্ৰতিবাদ আৰম্ভ হয়৷ কেইঘণ্টামানৰ ভিতৰতে হিংসাত্মক প্ৰতিবাদ দেশৰ প্ৰতিখন ঠাইলৈ বিয়পি পৰে আৰু ইমানদিনে ধৈৰ্য ধৰি থকা জনতা মুহূৰ্তৰ ভিতৰতে হিংস্ৰ হৈ উঠে৷ সেই সময়তে শাসনাধিষ্ঠিত দলৰ সাংসদ অমৰকীৰ্তি আথুক ৰালাই কলম্বোত তেওঁৰ গাড়ীখন আগভেটি ধৰা জনতাক ছত্ৰভংগ দিয়াবলৈ নিজৰ হাতত থকা পিষ্টলেৰে প্ৰতিবাদকাৰীলৈ গুলীচালনা কৰে৷ তেওঁৰ গুলীত থিতাতে দুজন প্ৰতিবাদকাৰী নিহত হোৱাত জনতাই ৰুদ্ৰমূৰ্তি ধৰি সাংসদজনক গাড়ীৰ পৰা উলিয়াই আনি সেই ঠাইতে নিৰ্দয়ভাৱে হত্যা কৰে৷ পাছত ঘটনাস্থলীত সাংসদজনৰ নিৰাপত্তাৰক্ষীজনৰো মৃতদেহ ওলায়৷ সোমবাৰে নিশাই প্ৰতিবাদী জনতাই ৱিৰাকেটিয়া নামৰ ঠাইত আন এজন শাসনাধিষ্ঠিত দলৰ ৰাজনীতিকক হত্যা কৰে৷ তেওঁ প্ৰতিবাদকাৰীলৈ গুলীচালনা কৰি তিনিজনক গুলীবিদ্ধ কৰিছিল৷ সোমবাৰে সমগ্ৰ নিশাজুৰি শ্ৰীলংকাৰ জনতাই তাণ্ডৱ চলাই শাসনাধিষ্ঠিত দলৰ ৪১জন শীৰ্ষ ৰাজনীতিক, মন্ত্ৰী, সাংসদৰ ঘৰ জ্বলাই ভষ্মীভূত কৰে৷ হিংস্ৰ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ বাসভৱনত থকা ৰাষ্ট্ৰৰ প্ৰতীক, ৰাজাপাক্ষে পৰিয়ালৰ অংশ থকা বিলাসী হোটেলতো অগ্নিসংযোগ কৰে৷

এনে ভয়ংকৰ পৰিস্থিতিৰ মাজত মঙলবাৰে পুৱা পদত্যাগী প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপাক্ষেক সেনাবাহিনীয়ে উন্মত্ত জনতাৰ কৱলৰ পৰা উদ্ধাৰ কৰি হেলিকপ্টাৰত তুলি কলম্বোৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ দূৰৈৰ ত্ৰিংকোমালিত থকা নৌবাহিনীৰ ঘাটিলৈ পলুৱাই লৈ যায়৷ জনতাই তেওঁৰ ‘টেম্পল ট্ৰীজ’ নামৰ চৰকাৰী বাসভৱনটো বেৰি ধৰি আক্ৰমণ চলাবলৈ উদ্যত হওঁতেই তাত অৱস্থান কৰি থকা সেনা বাহিনীয়ে তেওঁক উদ্ধাৰ কৰি হেলিকপ্টাৰত তুলি তাৰ পৰা ২৭০ কিলোমিটাৰ নিলগৰ দেশৰ সুৰক্ষিত নৌঘাটিলৈ পলুৱাই নিবলৈ বাধ্য হয়৷ তেওঁ পৰিয়ালসহ নৌঘাটিতে আশ্ৰয় লৈ আছে আৰু উন্মত্ত জনতাই সেই নৌঘাটি ঘেৰি ধৰি আছে৷ তেওঁৰ ভ্ৰাতৃ, ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই বিৰোধী দলক চৰকাৰত ভাগ ল’বলৈ জনোৱা আহ্বান বিৰোধী দলে পুনৰ নাকচ কৰিছে৷ গোটাবায়াই এতিয়াও পদত্যাগ কৰা নাই আৰু দেশজুৰি সেনাবাহিনী নমাই দেখিলেই গুলীওৱাৰ নিৰ্দেশ দিয়াৰ ফলত মঙলবাৰে হিংসাত্মক ঘটনাই সমান্য শাম কাটিছে যদিও গৃহযুদ্ধৰ দৰে পৰিৱেশত পৰিস্থিতি আজিও অগ্নিগৰ্ভা হৈয়েই আছে৷