Logo
image

হাগ্ৰামাৰ লগত আছে বিটিআৰৰ ২৩ পাৰিষদ

বিপিএফ নেতাৰ বিস্ফোৰণ

আমাৰ অসম, ১১ মে’: ‘বিটিআৰৰ ২৩জন পাৰিষদে হাগ্ৰামা মহিলাৰী পুনৰ বিটিচিৰ প্ৰধান হোৱাটো বিচাৰিছে৷ তেওঁলোকে ইতিমধ্যে হাগ্ৰামা মহিলাৰীক সাক্ষাৎ কৰি সমৰ্থন থকাৰ কথা জানিবলৈ দিছে৷ বিপিএফৰ পৰা বিজেপিলৈ যোৱা পাৰিষদো পুনৰ বিপিএফলৈ ঘূৰি আহিব বিচাৰিছে৷ দুই-এজনে পুনৰ বিপিএফলৈ আহিবলৈ সুযোগ পালে, দল এৰি নাযায় বুলিও হাগ্ৰামাক শপতনামা দিছে৷’– এই বিস্ফোৰক মন্তব্য বিপিএফৰ বিধায়ক তথা হাগ্ৰামা মহিলাৰীৰ ঘনিষ্ঠ বিধায়ক দুৰ্গাদাস বড়োৰ৷ হাগ্ৰামা মহিলাৰী এতিয়াও বিটিএডিৰ অপ্ৰতিদ্বন্দ্বী নেতা বুলি অভিহিত কৰি বড়োৱে কয়– ‘বিটিআৰৰ নিৰ্বাচনত ৪০খন আসনৰ ১৭খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ দল হোৱাৰ পাছতো ৰাজ্যপাল ডাঙৰীয়াই বিপিএফক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ নজনালে৷ কিন্তু এতিয়া বিটিআৰৰ পাৰিষদসকলেই পুনৰ হাগ্ৰামা মহিলাৰীক তেওঁলোকৰ প্ৰধান হিচাপে বিচাৰি আছে৷ প্ৰমোদ বড়োৰ ওপৰত বিটিআৰৰ গৰিষ্ঠসংখ্যক পাৰিষদৰে সমৰ্থন নাই৷ বিটিআৰৰ শাসন চলোৱাত প্ৰমোদ বড়ো চূড়ান্তভাৱে ব্যৰ্থ হৈছে৷ এতিয়া বিটিআৰত তিনিটা লবী৷ ইউপিপিএল, বিজেপিৰ পাৰিষদেও পুনৰ হাগ্ৰামাকেই প্ৰধান হিচাপে বিচাৰিছে৷ হাগ্ৰামা মহিলাৰীয়ে তেওঁৰ সমৰ্থনত থকা পাৰিষদৰ তালিকালৈ শীঘ্ৰেই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে৷ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাইপাছ নকৰোঁ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে যি পৰামৰ্শ দিয়ে, ইয়াকেই মানি ল’ম৷’