Logo
image

সামান্য হাঁহিটোৰ যে কিমান কথা!

হাঁহি হ’ল মানুহৰ এক চাৰিত্ৰিক বৈশিষ্ট্য৷ হাঁহি আমি ভাল পাওঁ, কাৰণ আমি হাস্যৰসিক৷ আমি কিয় হাস্যৰসিক সেই বিষয়ে বহু গৱেষণা চলি আছে৷ আমি কিয় হাঁহো সেই বিষয়ে ক’ব খোজা নাই, আচলতে আমি কিয় হাঁহিব লাগে সেই বিষয়েহে ক’ব খুজিছো৷

বিখ্যাত লেখক Bertrand Russel এ কৈছিল– Laughter is the most inexpensive & most effective wonder drug, laughter is universal medicine. হাঁহিটো হ’ল আটাইতকৈ কম খৰচি আৰু সক্ৰিয় এক ঔষধ, যাক সাৰ্বজনীন বা চিৰন্তন বুলিব পাৰি৷ কিন্তু অতি পৰিতাপৰ কথা যে হাঁহি অতি কম খৰচি হ’লেও দৈনিক পৰ্যাপ্ত পৰিমাণে আমি নেহাঁহো৷ কিন্তু মই কওঁ– আপুনি হাঁহিব লাগিব যদিহে এটা নিৰোগী দেহৰ অধিকাৰী হ’ব বিচাৰে৷ গতিকে হাঁহক, যিমান পাৰি সিমান হাঁহক৷ হাঁহি হ’ল আমাৰ শৰীৰৰ বাবে এক সাৰ্বজনীন ঔষধস্বৰূপ কাৰণ–

◾আপুনি হাঁহিলে আপোনাৰ দেহৰ মাংসপেশীবোৰলৈ সন্তুষ্টিৰ ভাব বৈ পৰে, শৰীৰৰ দুখ-ভাগৰ কমি আহে৷ সেই সন্তুষ্টিৰ ভাব দেহৰ মাংসপেশীবোৰত প্ৰায় ৪৫ মিনিটলৈ ব্যাপ্ত হৈ থাকে৷ ইতিমধ্যে বৈজ্ঞানিক গৱেষণাই এই কথা প্ৰমাণিত কৰিছে৷ গতিকে এলাহ নকৰিব, সুবিধা পালেই যিমান পাৰে সিমান হাঁহক কাৰণ–

◾হাঁহিয়ে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাক সক্ৰিয় আৰু সবল কৰে৷ হাঁহিলে দেহৰ stress hormone (corfisol) হ্ৰাস হয়, গতিকে স্বাস্থ্যকৰ কোষ বৃদ্ধি হয় আৰু সেই স্বাস্থ্যকৰ কোষবোৰে দেহত বৃদ্ধি কৰে antibody৷ Antibody হ’ল আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ আচল বস্তু৷ গতিকে নহঁহাকৈ নেথাকিব, হাঁহিবৰ বাবে নিতৌ নতুন নতুন কৌশল আয়ত্ত কৰক কাৰণ–

◾আমি হাঁহিলে আমাৰ দেহত endrophine নামৰ এবিধ hormone উৎপন্ন হয়, যি hormon এ আমাৰ মানসিক উদ্বেগ আৰু অৱসাদ দূৰ কৰে লগতে শাৰীৰিক ভাগৰ আৰু বিষ নোহোৱা কৰে৷ গতিকে যিমান পাৰে সিমান হাঁহক কাৰণ–

◾প্ৰাণখুলি মৰা হাঁহিটোৱে সুস্থ আৰু সবল কৰে আপোনাৰ কলিজাটো৷ গতিকে নিতৌ অন্তত ১৫ মিনিটকৈ হাঁহক৷ হাঁহিয়ে তেজ চলাচল বৃদ্ধি কৰে, যাৰ ফলত তেজ চলাচল কৰা ৰক্তনলীবোৰ, বাট-পথবোৰ সুচল আৰু মজবুত হয়৷ গতিকে হূদক্ৰিয়াজনিত বেমাৰৰৰ পৰাও হাত সাৰিব৷ গতিকে আয়ুস বৃদ্ধি কৰে যদি যিমান পাৰে সিমান হাঁহক আৰু আনক হঁহুৱাওক কাৰণ–

◾সেই হাঁহিয়ে দেহত বৃদ্ধি কৰে serotonin নামৰ antidepressal hormon যিয়ে আমাৰ মন-মেজাজ আৰু আনন্দময় কৰি তোলে৷ গতিকে প্ৰাণ খুলি হাঁহক কাৰণ–

◾সেই হাঁহিয়ে বঢ়াব পাৰে আপোনাৰ আয়ুস৷ মোক বিশ্বাস কৰক– গৱেষণাই কয় নিতৌ ১০-১৫ মিনিটকৈ প্ৰাণ খুলি হাঁহিলে প্ৰায় ৪০ কেল’ৰি শক্তি খৰচ হয়, যি আমাৰ বাবে স্বাস্থ্যকৰ৷ মুঠৰ ওপৰত হাঁহিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা উন্নত কৰে, stress hormon হ্ৰাস কৰে, দুখ-ভাগৰ নোহোৱা কৰে, মাংসপেশী সবল কৰে, হৃদযন্ত্ৰ সবল কৰে৷ গতিকে বন্ধুবৰ যিমান পাৰে সিমান প্ৰাণখুলি হাঁহক আৰু আনকো হঁহুৱাওক কাৰণ হাঁহি হ’ল বিভিন্ন ৰোগৰ মহৌষধস্বৰূপ৷ এই কামৰ বাবে আপুনি ফুটা কড়ি এটাও খৰচ কৰিব লগা নহয়৷ সঁচাকৈ বিনামূলীয়া এটা সামান্য হাঁহিটোৰো যে কিমান কথা৷