Logo
image

তিয়াই ৰখা কাঠবাদাম খালে পোৱা যায় বহু উপকাৰ

কাঠ বাদামৰ গুণ বহুত৷ ভিটামিন আৰু বিভিন্ন এণ্টি অক্সিডেণ্টেৰে ভৰপুৰ এইবিধ বাদাম খালে বিভিন্ন অসুখৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ বহুতে কাঠবাদাম তিয়াই ৰাখি খায়৷ ওৰেনিশা কাঠ বাদাম তিয়াই ৰাখি খালী পেটত খালে বিভিন্ন অসুস্থতাৰ পৰা হাত সাৰিব পৰা যায় বুলি কেলিফ’ৰ্ণিয়াৰ বিশ্ববিদ্যালয়ে চলোৱা এক গৱেষণাত প্ৰমাণিত হৈছে৷ উল্লেখ কৰা হ’ল কাঠ বাদাম খালে পাব পৰা উপকাৰিতা– 

◾হজম শক্তি বাঢ়েঃ গৱেষণাত পোৱা তথ্য মতে কেঁচা কাঠ বাদামতকৈ তিয়াই ৰখা কাঠ বাদাম খালে হজম শক্তি বাঢ়ে৷ তদুপৰি তিয়াই ৰাখিলে কাঠ বাদামত থকা এণ্টি অক্সিডেণ্টৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ 

◾ওজন কমোৱাত সহায় কৰেঃ কাঠ বাদাম তিয়াই ৰাখিলে ইয়াৰ পৰা লাইপেছ নামৰ এবিধ উপাদান নিৰ্গত হয়৷ এই উপাদানে মেটাবলিজম অৰ্থাৎ হজম ক্ষমতা বঢ়োৱাত সহায় কৰে৷ ফলত দেহত মেদ বৃদ্ধিৰ আশংকা নাথাকে৷ 

◾ফাইটিক এচিডৰ পৰিমাণ বঢ়ায়ঃ কাঠ বাদামত ফাইটিক এচিড নামৰ এবিধ উপাদান থাকে৷ কাঠ বাদামত থকা জিংক আৰু আইৰণ হজম কৰাৰ ক্ষেত্ৰত ফাইটিক এচিডে বাধাৰ সৃষ্টি কৰে৷ ফলত এই দুবিধ পদাৰ্থৰ সম্পূৰ্ণৰূপে ব্যৱহাৰ নহয়৷ কিন্তু কাঠ বাদাম তিয়াই ৰাখিলে ফাইটিক এচিড  ওলাই যায়৷ ফলত ইয়াৰ পুষ্টিগুণ বৃদ্ধি পায়৷