গুণোৎসৱ
শৈক্ষিক ফলাফল বৃদ্ধি কৰি গুণগত প্ৰাথমিক শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ২০১৭ বৰ্ষৰ পৰা গুণোৎসৱ আৰম্ভ কৰিছে৷ অৱশ্যে, ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় দুটা বছৰে বিদ্যালয়সমূহ বন্ধ থকাত সেই দুবছৰ গুণোৎসৱ অনুষ্ঠিত কৰিব পৰা নাছিল যদিও সম্প্ৰতি বিদ্যালয়সমূহত পাঠদান কাৰ্যসূচী নিয়মীয়াকৈ চলাৰ পৰিপ্ৰেক্ষিতত এইবেলি বুধবাৰৰ পৰা তিনিটা পৰ্যায়ত আৰম্ভ হৈছে গুণোৎসৱ৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ চৰকাৰী প্ৰাদেশীকৃত বিদ্যালয়ৰ লগতে চাহ বাগিচা কতৃৰ্পক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰগতি নিশ্চিত কৰাৰ উদ্দেশ্যে ১১ মে’ ৰ পৰা ৪ জুনলৈ তিনিটা পৰ্যায়ত অনুষ্ঠিত গুণোৎসৱ-২০২২১ কাৰ্যসূচীয়ে ৩৩খন জিলাৰ ৪৬ হাজাৰ বিদ্যালয়ৰ ৪২,৫০,২২৪জন শিক্ষাৰ্থীক সামৰি ল’ব৷ উল্লেখ্য, শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুসৰি ভাৰতৰ ৬১ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৱে বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষা লাভ কৰাটো সাংবিধানিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে৷ কিন্তু চৰকাৰী বিদ্যালয়সমূহৰ মান পুতৌলগা হোৱাৰ বাবে জনসাধাৰণৰ চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি মোহভংগ হ’বলৈ ধৰিছে৷ চৰকাৰে শিক্ষাৰ্থীক আকৰ্ষিত কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন আঁচনিয়ে শিক্ষাৰ্থীক উপকৃত কৰাৰ সলনি শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীকহে ধন ঘটাৰ সুবিধা কৰি দিছে৷ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ বহুসংখ্যকৰে শৈক্ষিক আন্তঃগাঁথনি পুতৌলগা৷ প্ৰায়ভাগ শিক্ষানুষ্ঠানতে নাই ল’ৰা-ছোৱালীৰ বাবে পৃথক প্ৰস্ৰাৱাগাৰ-শৌচাগাৰ৷ বিশুদ্ধ খোৱাপানীৰ অভাৱ, শিক্ষাৰ্থীৰ বাবে ডেস্ক-বেঞ্চৰ অভাৱৰ উপৰি গৰমৰ দিনত দেহ শীতলাব পৰাকৈ বিজুলী পাংখাৰ অভাৱ৷ ইয়াৰ উপৰি শ্ৰেণী অনুপাতে শিক্ষক নথকাৰ বাবে চৰকাৰী বিদ্যালয়ৰ অধিকাংশ শিক্ষাৰ্থীয়ে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হয়৷ এজন-দুজন শিক্ষকে পাঁচটা শ্ৰেণীত সমানে শিক্ষাদান কৰি শিক্ষাৰ্থীক উপযুক্ত জ্ঞান দিয়াটো সম্ভৱ হয়নে? তদুপৰি চৰকাৰে শিক্ষকসকলক প্ৰায়ে বিভিন্ন কামত খটুওৱাৰ ফলতো ছাত্ৰ-ছাত্ৰী শিক্ষা লাভৰ পৰা বঞ্চিত হয়৷ চৰকাৰী শিক্ষানুষ্ঠানৰ মান উন্নত কৰিব খুজিলে চৰকাৰে প্ৰথমে প্ৰতিখন বিদ্যালয়ত শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিব লাগিব৷ শিক্ষকক শিক্ষাদান বা শৈক্ষিক কাৰ্যসূচীত বাহিৰে আন কামত খটুওৱা বন্ধ কৰিব লাগিব৷ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰি খোৱাপানী, শৌচাগাৰ, প্ৰস্ৰাৱাগাৰ, বিজুলী পাংখা আদিৰ ব্যৱস্থা কৰিব লাগিব৷ বিদ্যালয় পৰিদৰ্শকসকলে মাহেকত এবাৰ বিদ্যালয় পৰিদৰ্শন কৰি শিক্ষাৰ্থীৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে শৈক্ষিক সমস্যাসমূহৰ বুজ লৈ সেইবোৰ সমাধানৰ ব্যৱস্থা কৰিব লাগিব৷ তেতিয়াহে চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ আকৰ্ষণ বাঢ়িব৷ গুণোৎসৱ পাতিলেই চৰকাৰী শিক্ষাব্যৱস্থাৰ মান উন্নত কৰিব পাৰিব বুলি আশা কৰিব নোৱাৰি৷ বৰং শিক্ষাৰ্থীৰ অভাৱত চৰকাৰী শিক্ষানুষ্ঠান বন্ধ হৈ গৈয়েই থাকিব৷ অৱশ্যে, শিক্ষকসকলৰো কিছুসংখ্যকে শ্ৰেণীকোঠাত শিক্ষাদান কৰাতকৈ ৰাজনীতি কৰা বা আন কামতহে ব্যস্ত থকাৰ অভিযোগ শুনা যায়৷ তদুপৰি একাংশ শিক্ষকে সময় মতে শিক্ষানুষ্ঠানত উপস্থিত নোহোৱাৰো অভিযোগ শুনা যায়৷ এনে শিক্ষকৰ বাবেও চৰকাৰী শিক্ষাব্যৱস্থাৰ মান নিম্নগামী হৈছে৷ সেয়ে প্ৰতিজন শিক্ষকে শিক্ষাৰ্থীক মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সততাৰে দায়িত্ব পালন কৰিলে, শিক্ষাৰ্থীসকল উপকৃত হ’ব আৰু চৰকাৰী শিক্ষাব্যৱস্থাৰ মানো উন্নত হ’ব৷






