Logo
image

শিক্ষকৰ ৰূপত মুখ্যমন্ত্ৰী শৰ্মা

আমাৰ অসম, ১২ মে’: বুধবাৰে প্ৰাইমাৰী স্কুলৰ শিক্ষকৰ ৰূপত দেখা গ’ল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক৷ এজাক কণ কণ শিশুক মুখ্যমন্ত্ৰীয়ে দিলে পাঠ্যপুথিৰ পৰা সাধাৰণ জ্ঞানলৈকে অনেক জ্ঞান লগতে দিলে ইটোৰ-পাছত সিটো নীতি-শিক্ষা৷ শিক্ষা বিভাগৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে নেওতা পঢ়ালে ছাত্ৰ-ছাত্ৰীসকলক৷ গুণোৎসৱৰ মাজতেই মুখ্যমন্ত্ৰীৰ মুখত শুনা গ’ল মূৰ্গী আৰু কণীৰ প্ৰসংগ৷ উল্লেখ্য যে, ৰাজ্যত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হোৱা গুণোৎসৱত প্ৰথম দিনাই দৰঙৰ দুখন বিদ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ দৰঙৰ ঘোৰাবন্ধা নিম্ন প্ৰাথমিক বিদ্যালয় আৰু বি জে বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত উপস্থিত হৈ শিক্ষকৰূপী মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক দিলে বিশেষ উপদেশ– ‘ছাৰ-বাইদেউসকল বিদ্যালয়লৈ নাহিলে কি কৰিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে৷’ মুখ্যমন্ত্ৰীয়ে ক’লে– কোনো শিক্ষকে পঢ়াব নিবিচাৰিলে ছাত্ৰ-ছাত্ৰীসকলে ছাৰ-বাইদেউক ক’ব লাগিব– ‘পঢ়াবই লাগিব৷ আমি নপঢ়ালে ইয়াতে বহি দিম৷ আমাক পঢ়াবই লাগিব৷’ যদিহে ছাৰ-বাইদেউসকল স্কুললৈ নাহে তেন্তে ধুনীয়াকৈ পিছদিনা ছাত্ৰ-ছাত্ৰীসকলক সুধিবলৈ পৰামৰ্শ দি মুখ্যমন্ত্ৰীয়ে ক’লে– ‘আপোনাক আমি ইমান মিছ কৰি আছোঁ৷’ এখন কাগজ এনেদৰে লিখি শিক্ষক-শিক্ষয়িত্ৰীক জমা দিবলৈও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিলে– ‘কালি আপুনি স্কুললৈ নাহিলে, আমাৰ মনটো খুব বেয়া লাগি আছে৷’ তাৰ পিছতেই পিতৃ-মাতৃৰ প্ৰতি থকা দায়িত্ববোধৰ জ্ঞানো দিলে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এনেদৰে কয়– ‘আজি দেউতা-মা সকলে কষ্ট কৰি আছে নে নাই তোমালোকৰ বাবে৷ মা বিলাকে স্কুলৰ বাহিৰত গৰমত থিয় হৈ আছে৷ ছাতিও নাই, কিমান কষ্টত থিয় হৈ আছে৷ গতিকে মাক ক’ব লাগিব– তুমি কিমান কষ্ট কৰি আছা, মই ভাল মানুহ হৈ কষ্টও ঘূৰাই দিম, তীৰ্থটো লৈ যাম, পুৰা খেয়াল ৰাখিম৷’ ইয়াৰ পাছতে অংক ছাৰৰ ৰূপত দেখা গ’ল মুখ্যমন্ত্ৰীক৷ সুধিলে সাধাৰণ জ্ঞানৰ প্ৰশ্নও৷ মুখ্যমন্ত্ৰীয়ে সুধিলে– একে একে কি? দুইয়ে দুইয়ে কি? চাৰিয়ে চাৰিয়ে কি? আঠে আঠে কি? ষোল্লই ষোল্লই কি? বত্ৰিশে বত্ৰিশে কি?– মুখ্যমন্ত্ৰীৰ প্ৰতিটো প্ৰশ্নৰে শুদ্ধ উত্তৰ দিলে ঘোৰাবন্ধা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে৷ এই ঘোৰাবন্ধা নিম্ন প্ৰাথমিক বিদ্যালয়তে মুখ্যমন্ত্ৰীয়ে প্ৰথমে ৰাজ্যিক ভিত্তিত প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মেধাক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে ক’লে– ‘বাহ বহুত স্মাৰ্ট দেই তঁহতি৷’ ইয়াৰ পাছতে শিক্ষক মুখ্যমন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীক সুধিলে ভাৰতৰ ৰাষ্ট˜পতি কোন? ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি? ভাৰতৰ শিক্ষামন্ত্ৰীৰ নাম কি? অসমৰ শিক্ষামন্ত্ৰীৰ নাম কি? মুখ্যমন্ত্ৰী আপ্লুত হ’ল ছাত্ৰ-ছাত্ৰীৰ উত্তৰ শুনি৷ ছাত্ৰ-ছাত্ৰীৰ সৰু সুৰা¸ দুই-এটা ভুল সুধৰাই দিলে মুখ্যমন্ত্ৰীয়ে৷ এই কাৰ্যসূচীতে অসমক উন্নতিৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত কি কি কৰিব লাগিব সেই উদাহৰণ হাঁহ আৰু কণীৰ মাজেৰে বুজাবলৈ চেষ্টা কৰিলে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে ক’লে– মূৰ্গীটো থাকিলেহে কণীৰ জন্ম হ’ব৷ কিন্তু আমি যদি কণীটো ভাঙি দিও কেতিয়াও কণীৰ পৰা মূৰ্গী জন্ম নহ’ব৷ আমি যদি ৰাজ্যখনৰ কাৰণে কাম নকৰো, ৰাজ্যখনৰ উন্নতি নহ’ব৷ যদি ৰাজ্যখনৰ উন্নতি নহয়, আমাৰ জীৱনলৈ উন্নতি কোনেও আনিব নোৱাৰে৷’ শেষত ন-পুৰণি শিক্ষক-শিক্ষাগুৰুসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে বিশেষ মন্তব্য– ‘যেতিয়ালৈকে অসমত কোনোবা শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজে আগবাঢ়ি আহি নকয় যে মই চৰত যাম, মই পাহাৰৰ ওপৰত যাম৷ তেতিয়ালৈকে বিদ্যালয়ত শিক্ষকৰ অভাৱ পূৰণ নহয়৷ জাতিটোক প্ৰশ্ন কৰিব লাগিব আপোনালোকে টাউনত, চহৰত চাকৰি কৰি কিয় ভাল পায়৷ এই কথাবোৰ আমি আমাক সুধিব লাগিব৷ মুখ্যমন্ত্ৰীক সুধি লাভ নাই৷ শিক্ষক যথেষ্ট আছে৷ কেলকুলেটৰ মাৰিলে প্ৰতিখন স্কুলতে চাৰিজনকৈ শিক্ষক পৰে৷’ উল্লেখ্য, বুধবাৰৰ পৰা ৰাজ্যত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে৷ প্ৰথম পৰ্যায়ত ১১মে’ৰ পৰা ১৪ মে’লৈ ক্ৰমে বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, কৰিমগঞ্জ কাৰ্বিআংলং, নগাঁও আৰু নলবাৰী জিলাত গুণোৎসৱ অনুষ্ঠিত হৈছে৷ বুধবাৰে বিদ্যালয়সমূহত মূল্যায়ন অনুষ্ঠিত হয়৷ এই স্বমূল্যায়নত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ পঠন আৰু লেখনৰ মূল্যায়ন কৰা হয়৷ প্ৰথম আৰু দ্বিতীয়বাৰৰ বাবে কেৱল পঠনৰ আৰু তৃতীয় মানৰ পৰা নৱম মানলৈ পঠন আৰু লিখন দুয়োটাৰে মূল্যায়ন হয়৷ অৱশ্যে পঞ্চম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা প্ৰশ্ন কাকতখনেৰেই ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰৰো মূল্যায়ন কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা বহিঃ মূল্যায়কে গৈ বুধবাৰে কৰা আভ্যন্তৰিন মূল্যায়নৰ পৰা ৰেণ্ডম ভিত্তিত পুনৰ বিশ শতাংশ ছাত্ৰ-ছাত্ৰীৰ পুনৰ মূল্যায়ন কৰিব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ২৩ মে’ৰ পৰা ৪ মে’লৈ আৰু এক জুনৰ পৰা চাাৰি জুনলৈ ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ’ব৷

গুণোৎসৱ হ’ব লাগে নিয়মীয়াকৈঃ মুখ্যমন্ত্ৰী

‘আন আন দিৱসবোৰৰ দৰেই নিয়মিতভাৱে গুণোৎসৱো পালন হ’ব লাগে– এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ আজি অনুষ্ঠিত গুণোৎসৱ উপলক্ষে ছিপাঝাৰৰ ঐতিহ্যমণ্ডিত ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়ত উপস্থিত হৈ তেওঁ কয়- তৃতীয় বৰ্ষৰ বাবে গুণোৎসৱৰ আয়োজন কৰা হৈছে আৰু ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব লাগে৷ মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণভাৱে কয় যে শিক্ষামন্ত্ৰীৰ দায়িত্ব নিৰ্বাহনৰ সময়তে অসমত প্ৰথমবাৰৰ বাবে গুণোৎসৱৰ আয়োজন কৰা হৈছিল আৰু এই গুণোৎসৱে সমগ্ৰ ৰাজ্যজুৰি শিক্ষাৰ এক নতুন পৰিৱেশ নিৰ্মাণ কৰিছিল৷ আনহাতে, বিগত ক’ভিডসৃষ্ট পৰিৱেশ সন্দৰ্ভত তেওঁ কয়- ক’ভিডসিক্ত পৰিৱেশত শিক্ষা ব্যৱস্থা স্বাভাৱিকতেই এক জটিল সন্ধিক্ষণৰ মাজেদি গতি কৰিছিল৷ তেওঁ এইটোও কয়, ক’ভিডৰ সময়ত আটাইতকৈ যদি কোনোবা ক্ষতিগ্ৰস্ত হৈছিল সেয়া হৈছে অসমৰ উঠি অহা ছাত্ৰ-ছাত্ৰীসকল৷ প্ৰায় দুটা বছৰ ধৰি পাঠগ্ৰহণৰ পৰা আঁতৰি থাকি ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীসকলে দুটা মহা মূল্যবান বছৰ যথেষ্ট জটিলতাৰ মাজেৰে পাৰ কৰিলে বুলিও তেওঁ উল্লেখ কৰে৷ ক’ভিডসিক্ত পৰিৱেশ সামৰণি পৰাৰ পাছত চৰকাৰখনে ৰাজ্যখনত শিক্ষা ব্যৱস্থাটো যিমান সোনকালে পাৰি নিয়মিত গতিলৈ ওভতাই আনিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল আৰু তাৰেই এক ফচল হ’ল এই বৰ্ষৰ গুণোৎসৱ৷ মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষাৰ বৰ্তমানৰ পৰিৱেশ বা ক’ভিডৰ পাছৰ অৱস্থা, অনলাইন পাঠ্যক্ৰমৰ সফলতা আদিবোৰো মূল্যায়ন হ’ব এই গুণোৎসৱত৷ শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিধায়ক পৰমানন্দ ৰাজবংশী আৰু শিক্ষা বিভাগৰ বিষয়া আদি উপস্থিত থকা উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুণোৎসৱ হ’ল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ প্ৰতি ধাউতি বঢ়োৱা এক উৎসৱ৷ গুণোৎসৱে প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়সমূহৰ শৈক্ষিক পৰিৱেশৰ বিষয়ে আভাস দিয়ে৷ তদুপৰি, মধ্যা ভোজনকে ধৰি চৰকাৰে আগবঢ়াই অহা অন্যান্য সা-সুবিধাসমূহ ছাত্ৰ-ছাত্ৰীসকলে পাইছে নে নাই তাৰো এটা সুবিধা দিয়ে গুণোৎসৱে৷ তেওঁ লগতে কয় গুণোৎসৱ নিয়মিতভাৱে পালন কৰাটো চৰকাৰখনৰ এটা দায়িত্ব৷গুণোৎসৱ আন্তৰিকপূৰ্ণভাৱে উদ্‌যাপন হ’ব লাগে৷ আগন্তুক চাৰিটা বছৰ যদি গুণোৎসৱ পালন কৰিব পৰা যায় তেন্তে অসমৰ ৰাজহুৱা শিক্ষাখণ্ডই এক নতুন প্ৰাণ পাব বুলিও মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে৷ গুণোৎসৱৰ ব্যাখ্যা দাঙি ধৰিবলৈ গৈ তেওঁ কয়- গুণোৎসৱ নিয়মিত পাঠদান আৰু গ্ৰহণৰ বাদে আন একো নহয়৷ স্কুলখনক চৰকাৰে এবাৰ সুক্ষ্মভাৱে অৱলোকন কৰাৰ বাহিৰে গুণোৎসৱ আন একোৱেই উৎসৱ নহয়৷ এই গুণোৎসৱ যাতে কোনো কাৰণতে যতি নপৰে তাৰ বাবে সংশ্লিষ্ট পক্ষকো তেওঁ আহ৩ান জনায়৷ তেওঁ কয় যে গুণোৎসৱৰ জৰিয়তে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাক জাগ্ৰত কৰিব লাগিব, নতুন প্ৰাণেৰে সঞ্জীৱিত কৰি তুলিব লাগিব ৰাজ্যৰ শিক্ষা ব্যৱস্থাক৷ ভাষণ প্ৰসংগত তেওঁ কয় বিদ্যালয়সমূহত সমস্যা আছে৷ অহা চাৰিটা বছৰত চৰকাৰে এই সমস্যাৰ অন্ত পেলাবৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব৷ তেওঁ লগতে কয়- ২০১৭ চনত ৰাজ্যৰ শিক্ষা ব্যৱস্থা এক সুন্দৰ পৰিৱেশত উপনীত হৈছিল৷ ৰাজহুৱা শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়িবলৈ লৈছিল৷ কিন্তু ক’ভিডৰ সময়ত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিৱেশৰ বাবে ক’ৰবাত যেন ইয়াৰ যতি পৰিছে৷ কিন্তু তাৰ মাজতে ভাৰত চৰকাৰে কৰা মূল্যাংকনত অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাই আগবাঢ়ি যোৱাৰ ইংগিত বহন কৰিছে৷ অলপতে ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষাৰ ক্ষেত্ৰত চলোৱা এক সমীক্ষাত অসমৰ শিক্ষা ব্যৱস্থাই এক সুস্থ গতিৰে ধাৱমান হৈছে তাৰো এক ইংগিত দিছে বুলি তেওঁ অৱগত কৰে৷ এইক্ষেত্ৰত শিক্ষাৰ এনে উৰ্ধমুখী গতি ৰাজ্যখনত চিৰদিন জাগ্ৰত কৰি ৰাখিবৰ বাবে তেওঁ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক অনুৰোধ জনায়৷ তেওঁ কয়- অসমৰ শিক্ষা ব্যৱস্থাত কেইবাটাও নতুন সিদ্ধান্ত লোৱাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে চিন্তা কৰিছে৷ ৰাজ্যখনৰ শৈক্ষিক সমাজ আৰু বৌদ্ধিক সমাজৰ লগত কথা পাতিব বিচাৰিছে চৰকাৰখনে, তেওঁ কয়৷  প্ৰাথমিক বিদ্যালয়ত গোটেইকেইটা বিষয় অসমীয়া মাধ্যমত ৰাখি কেৱল ইংৰাজী আৰু অংকটো ইংৰাজীত পঢ়াব পাৰি নেকি, ইংৰাজী মাধ্যমৰ তুলনাত এই বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলেও যাতে সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে তাৰ বাবে অসমৰ সকলো প্ৰাথমিক বিদ্যালয়তে ইংৰাজী আৰু গণিত বিষয়টো ইংৰাজী মাধ্যমৰ কিতাপত প্ৰৱৰ্তন কৰিব পাৰি নেকি, চিন্তা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ নলবাৰী গৰ্ডন স্কুলত অসমীয়া মাধ্যমৰ লগে লগে এই বৰ্ষৰ পৰা পৰীক্ষামূলকভাৱে ইংৰাজী মাধ্যমো আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ কয়- ইংৰাজী মাধ্যম আৰম্ভ কৰাৰ লগে লগে স্পষ্ট কৰি দিয়া হৈছে যে দুটা বিষয় অসমীয়াত পঢ়াব লাগিব৷ অৰ্থাৎ হাইব্ৰীড মডেল এটালৈকে আমি যাব খুজিছেঁা, য’ত মাতৃভাষাত আমাৰ শক্তি বাঢ়িব আৰু লগে লগে বহল পৃথিৱীৰ বুকুত যাতে অসমীয়াই খোজকাঢ়িব পাৰে৷ অসমৰ সীমাৰেখা শদিয়াৰ পৰা ধুবুৰীলৈ বুলি উল্লেখ কৰি তেওঁ কয়- চাকৰিও কৰিব লাগিব শদিয়াৰ পৰা ধুবুৰীৰ ভিতৰত৷ কাম-কাজ, ব্যৱসায় আদিও কৰিব লাগিব শদিয়াৰ পৰা ধুবুৰীৰ ভিতৰত৷ সেয়ে মাতৃভাষাৰ লগতে হিন্দী আৰু ইংৰাজীৰো যদি সম্যক ধাৰণাতো ল’ব পৰা যায়,  তেতিয়া হ’লে কাশ্মীৰৰ পৰা পণ্ডিচেৰীলৈকে আমি সমগ্ৰ ভাৰতবৰ্ষখনতে যাব পাৰোঁ, কাম কৰিব পাৰোঁ, কথা পাতিব পাৰোঁ তেওঁ কয়৷ ৰাজহুৱা শিক্ষা ব্যৱস্থাত নতুনকৈ অৱলোকন কৰাৰ সময় আহি পৰিছে বুলি উল্লেখ কৰি অহা বছৰটোত ৰাজ্যখনৰ বৌদ্ধিক সমাজ, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত কথা-বতৰা পাতি ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাক হাইব্ৰীড মডেললৈ লৈ যাব খুজিছে বুলিও তেওঁ কয়৷  শিক্ষক-শিক্ষয়িত্ৰীসকলক কেনেকৈ ৰ’টেশ্বন চিষ্টেমৰ জৰিয়তে এটা সমষ্টি বা জিলাক কেন্দ্ৰ হিচাবে লৈ প্ৰতিখন প্ৰাথমিক বিদ্যালয়তে সমান শিক্ষক দিব পৰা যায় তাৰো চিন্তা কৰাৰ কথা তেওঁ সদিৰ কৰে৷ আজি যদি কোনো চৰত শিক্ষক-শিক্ষয়িত্ৰী আছে সমগ্ৰ জীৱন তেওঁলোক চৰত থকাটো সম্ভৱ নহয়৷ কিন্তু শিক্ষক সমাজৰ ভিতৰতে কোনোবাই ত্যাগ কৰিবলৈ আগবাঢ়ি আহিব লাগিব৷ সেইধৰণে যদি জিলাখনৰ ভিতৰতে এটা ৰ’টেশ্বনেল চিষ্টেম আৰম্ভ কৰা যায়, তেন্তে চৰতো শিক্ষা হ’ব, পাহাৰতো শিক্ষা হ’ব৷ আৰু শিক্ষকসকলৰ এচামে দুৰ্দশাত থাকিব নালাগিব৷ সকলোৱে সমানভাৱে থাকিবলৈ সুবিধা পাব৷ তেওঁ কয়- ৰাজ্যখনৰ টেট শিক্ষকসকলে মাজে মাজে আন্দোলনৰ পথ লোৱা দেখা পাওঁ৷ আন্দোলন শব্দটোৰ বিৰোধিতা আৰম্ভ হ’ব লাগিব অসমৰ শিক্ষা ব্যৱস্থাত৷ শিক্ষাগুৰুসকলে যেতিয়া আন্দোলন কৰে, ছাত্ৰ-ছাত্ৰীসকলে আন্দোলন কৰাটো ন্যাৰ্যপ্ৰাপ্তি বুলি ভাবিবলৈ আৰম্ভ কৰে৷ তেতিয়া ছাত্ৰ-ছাত্ৰীসকল বিজ্ঞানী নহ’ব, আন্দোলনকাৰী হ’ব তেওঁ কয়৷ ৰাজ্যত বৃত্তিধাৰী আন্দোলনকাৰীও আছে বুলি ক’বলৈ গৈ তেওঁ কয় যে অসমত আন্দোলনটোক ন্যাৰ্যতা প্ৰদান কৰা হয়৷ কোনোবা সংগঠনে যদি আন্দোলন কৰে স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে দুৱাৰত থিয় হৈ ক’ব লাগিব তোমালোকে আন্দোলন কৰিবলৈ যাব নোৱৰা তাৰ পৰিৱৰ্তে দৰ্জা খুলি দিয়ে৷ আমি যি কৰিব লাগে তাৰ বিপৰীত কামবোৰ কৰি থকাৰ কাৰণে বিগত ৭৫ বছৰত আমি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ’ব নোৱাৰিলোঁ বুলিও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ টেট শিক্ষকসকলৰ সমস্যাৰ বিষয়ে শুনিবলৈ অত্যন্ত আগ্ৰহী বুলিও কয়৷ অৱশ্যে তেওঁ এইটোও কয় যে কোনোবা যদি বৃত্তিধাৰী আন্দোলনকাৰী সোমাই টেট সমাজকো আন্দোলনৰ পথলৈ লৈ যায়, তাতকৈ জাতিটোৰ বাবে দুখৰ কথা আন একোৱেই হ’ব নোৱাৰে আৰু সেই কথা সকলোৱেই মনত ৰাখিব লাগিব৷  তেওঁ কয়- আজিৰ দিনত অসম এখন দুখীয়া দেশ৷ অভাৱ-অভিযোগ থকাটো নিত্যান্তই স্বাভাৱিক৷ অভাৱ-অভিযোগ নাথাকিলে আমি হয়তো আমেৰিকা যুক্তৰাজ্যৰ সমান হ’লোঁহেঁতেন৷ যদি আমি কৰ্মসংস্কৃতি নিৰ্মাণ কৰিব পাৰোঁ, পাঁচ বছৰত আমি সেই দিনটো দেখা পাব পাৰোঁ৷ কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যদি কৰ্ম সংস্কৃতিলৈ নগৈ ড্ৰাগ্‌ছৰ ৰাস্তালৈ যায়, বদি একো একোজন সুৰাপায়ী যুৱকলৈ পৰিণত হয়, এজন যদি দোকানে দোকানে চান্দা তুলি ফুৰা যুৱকলৈ পৰিণত হয় সেইখন অসমত প্ৰগতি কেনেকৈ আহিব৷ অসমক গতিশীল আৰু সুস্থ কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী আৰু সমাজে পণ ল’ব লাগিব৷ অহা পাঁচ বছৰত ভাৰতৰ ভিতৰতে এখন শক্তিশালী ৰাজ্য হিচাবে অসমে আত্মপ্ৰকাশ কৰাতো তেওঁ অন্তঃকৰণেৰে কামনা কৰে৷ উল্লেখ্য যে, গুণোৎসৱ সম্পৰ্কত মুখামন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এইটোও কয় যে অনাগত দিনত গুণোৎসৱ এটা ধৰ্মলৈ পৰিণত হ’ব লাগে যাতে তাৰ জৰিয়তে সততে শিক্ষা ব্যৱস্থাৰ মূল্যায়ন হয়৷ তেওঁ উক্ত অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ লেখনিৰে সজাই তোলা এখন প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰে৷