Logo
image

১২ কেডাৰক আলফাৰ মৃত্যুদণ্ড!

ধৃত আলফাৰ দাবী

পৰেশ বৰুৱাৰ অস্বীকাৰ

আমাৰ অসম, ১২ মে’: অসম আৰক্ষীৰ হৈ গুপ্তচৰগিৰি কৰাৰ অভিযোগত সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাস নামৰ দুজন যুৱকক আলফাই হত্যা কৰাৰ  ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰবাৰ বিদ্ৰোহী সংগঠনটোৱে আন ১২জন সদস্যক হত্যা কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে৷ আলফাই গুলীয়াই হত্যা কৰা বুলি অভিযোগ উঠা এই সদস্যকেইজনৰ ভিতৰত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত আলফাত যোগদান কৰা পেঙেৰীৰ ছাত্ৰনেতা বিজু গগৈ ওৰফে ভাগ্য অসম থকাৰ তথ্যও পোহৰলৈ আহিছে৷ তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্তোষ লামা ওৰফে অপু অসম নামৰ এজন আলফা সদস্যৰ স্বীকাৰোক্তিৰ ভিত্তিত অনানুষ্ঠানিকভাৱে এই বিস্ফোৰক তথ্য সংবাদ মাধ্যমক সদৰী কৰিছে৷ ধৃত আলফা সদস্য সন্তোষ লামাই প্ৰকাশ কৰা মতে পেঙৰী বিজু গগৈ নামৰ যুৱকজনক আলফাৰ শিবিৰতে হত্যা কৰা হৈছিল৷ পুৱা বিজু গগৈৰ মৃতদেহ তেওঁলোকে প্ৰত্যক্ষ কৰা বুলিও সদৰী কৰিছে৷ আনহাতে তিনিচুকীয়া আৰক্ষীৰ ফালৰ পৰা আলফাৰ শিবিৰত সতীৰ্থই হত্যা কৰা বুলি দাবী কৰা আলফা সদস্য কেইজন হৈছে ক্ৰমে–দীপঞ্জল অসম, সীমান্ত মৰাণ, ৰাইন’ অসম, অয়ন অসম, মন অসম, বিনন্দ অসম, আনন্দ অসম, পৰাগ অসম, অৰণ্য অসম, অপূৰ্ব মেচ, বিজু গগৈ আৰু নাৰায়ণ৷ অৱশ্যে আৰক্ষীৰ এই অভিযোগ পোনছাতেই নাকচ কৰিছে আলফাৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই৷ সংবাদ মাধ্যমৰে টেলিফোনিক বাৰ্তালাপত পৰেশ বৰুৱাই বিজু গগৈ নামৰ আলফা সদস্যজনে আত্মহত্যা কৰা বুলি প্ৰকাশ কৰি বাকী সদস্য কেইজন বৰ্তমানেও আলফাৰ শিবিৰতে থকা বুলি দাবী কৰে৷ এই সন্দৰ্ভত পৰেশ বৰুৱাই সংবাদ মাধ্যমক কয়–সন্তোষ¸ লামা আলফাৰ সদস্য নহয়৷ আলফাৰ শিবিৰৰ আশে পাশে ঘূৰি থকাৰ বাবেহে লামাক আমাৰ কোনোবা সদস্যই শিবিৰতে ৰাখি থৈছিল৷ মন নিমিলাত পাছত সি গুচি গৈছে৷ ‘কা’ আন্দোলনৰ সময়ত অহা পেঙেৰী আছুৰ বিজু গগৈ নামৰ ল’ৰাজন অতি নম্ৰ আৰু ভদ্ৰ আছিল৷ যোৱা ২০ ফেব্ৰুৱাৰীত বিজু গগৈয়ে আত্মহত্যা কৰে৷ আত্মহত্যাৰ পূৰ্বে এখন চিঠিত ল’ৰাজনে লিখি থৈ গৈছে যে– ‘নিজৰ দায়িত্ব পালন কৰিব নোৱাৰি লজ্জিত আৰু ব্যৰ্থ৷ লজ্জিত হৈ এই চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাধ্য হ’লো৷ সংগঠনে মোক ক্ষমা কৰি দিয়ক৷’ প্ৰয়োজনত সেই ছুইছাইড নোটটো ৰাজহুৱা কৰিম৷ ল’ৰাজনে কিয় এই জঘন্য কাণ্ড কৰিলে মই নাজানো৷ এনেদৰে আত্মহত্যাৰ পথ বাছি লোৱা সদস্যৰ সন্দৰ্ভত পৰিয়ালক দুঃসংবাদ দিয়াৰ পৰা বিৰত থাকো৷ কেৱল যুদ্ধ বা অসুখত মৃত্যু হ’লেহে আমি অমৰ মৃতক ঘোষণা কৰো৷ ইফালে ১২ জন আলফা সদস্যক শিবিৰত হত্যা কৰা বুলি উঠা অভিযোগ সজোৰে নাকচ কৰিছে পৰেশ বৰুৱাই৷ যদি সকলৰ নাম ওলাইছে সকলো সদস্য আলফাৰ শিবিৰতে আছে বুলিও দাবী কৰিছে আলফাৰ মুখ্য সেনাধ্যক্ষজনে৷

আলফা নেতা বিজু গগৈক আলফাই হত্যা কৰিছিল!

‘কা’বিৰোধী আন্দোলনৰ সময়ত সশস্ত্ৰ পন্থাৰ প্ৰতি আকৰ্ষিত হৈ আলফাত [স্বাঃ] যোগদান কৰা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজু গগৈ ওৰফে ভাগ্য অসমক আলফাৰ [স্বাঃ] শিবিৰত গুলীয়াই হত্যা কৰা হৈছিল৷ এই ভয়ংকৰ স্বীকাৰোক্তি দিছে মঙলবাৰে নিশা আৰক্ষীৰ হাতত ধৰা পৰা আলফা সদস্য সন্তোষ লামা ওৰফে অপু অসমে৷ উল্লেখ্য যে, মঙলবাৰে নিশা নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত তিনিচুকীয়া আৰক্ষী আৰু ১৯ আছাম ৰাইফলছে অসম-অৰুণাচল সীমান্তৱৰ্ত্তী জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জয়ৰামপুৰৰ সমীপৰ মিৰিবস্তিত অভিযান চলোৱাৰ সময়ত সন্তোষ লামা ওৰফে অপু অসম [২৪] নামৰ নতুনকৈ আলফাত [স্বাঃ] যোগদান কৰা সদস্যজনক আটক কৰিবলৈ সক্ষম হৈছিল৷ ধৃত সন্তোষ লামাৰ ঘৰ পেঙেৰী থানাৰ অধীনৰ দুৱাৰমৰা বালিজান গাঁৱত বুলি প্ৰকাশ৷ তেওঁ বিগত ডিচেম্বৰ মাহত আলফাত [স্বাঃ] যোগদান কৰাৰ পাছত চলিত বৰ্ষৰ ২ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ শেষলৈকে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল৷ আৰক্ষীয়ে তেওঁৰ পৰা যথেষ্ট তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ জানিব পৰা মতে, সন্তোষ লামা ওৰফে অপু অসমে প্ৰশিক্ষণ গ্ৰহণ কৰা দলটোত আছিল ৩ গৰাকী মহিলাসহ ৩৫জন সদস্য৷ আৰক্ষীয়ে সঠিককৈ তথ্য লাভ কৰিবলৈ সক্ষম নোহোৱা তিনিচুকীয়া জিলাৰ পৰা বিভিন্ন সময়ত সন্ধানহীন হোৱা একাধিক লোকৰ বিষয়ে লামাৰ পৰা নিশ্চিত তথ্য লাভ কৰিছে৷ আনহাতে, ‘কা’ আন্দোলনৰ ভৰপকৰ সময়ত বিগত ২০২০ চনৰ জানুৱাৰী মাহত আলফাত যোগদান কৰা বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজু গগৈৰ যোৱা ফেব্ৰুৱাৰীতে মৃত্যু হোৱাৰ কথাও তেওঁ আৰক্ষীৰ আগত সদৰি কৰিছে৷ লামাৰ ভাষ্য অনুসৰি নিশা শিবিৰত থকাৰ সময়ত তেওঁলোকে গুলীৰ শব্দ শুনা পায় আৰু পাছদিনা বিজু গগৈৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়৷ ইফালে ধৃত আলফা সদস্যজনৰ এই বক্তব্যই সৰ্বত্ৰ আলোড়ন তুলিছে৷