Logo
image

ৰাষ্ট্ৰদ্ৰোহ আইন স্থগিত

কোনো চৰকাৰ-কতৃৰ্পক্ষই ৰুজু কৰিব নোৱাৰিব ৰাজদ্ৰোহৰ গোচৰ

আমাৰ অসম, ১২ মে’: ঔপনিৱেশিক শাসনত বিদেশী শত্ৰু অৰ্থাৎ ব্ৰিটিছে যিখন আইন প্ৰয়োগ কৰি জাতিৰ পিতা মহাত্মা গান্ধী, বাল গংগাধৰ তিলকৰ দৰে স্বাধীনতা সেনানীক মাহ মাহ ধৰি পোতাশালত বন্দী কৰি ৰাখিছিল, সেই ৰাষ্ট্ৰদোহ আইন [১২৪ এ] বিগত ৮ বছৰত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি শাসিত ৰাজ্য চৰকাৰে জধে-মধে, উদ্দেশ্যপ্ৰণোদিতভাৱে ব্যৱহাৰ কৰা বুলি জনোৱা আবেদনত পতিয়ন গৈ উচ্ছতম ন্যায়ালয়ে ৰাষ্ট্ৰদ্ৰোহ আইনখনৰ ব্যৱহাৰ কেন্দ্ৰীয় চৰকাৰে পুনৰ্বিবেচনা নকৰা পৰ্যন্ত স্থগিত ৰখাৰ বাবে ঐতিহাসিক ৰায় প্ৰদান কৰিছে৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠৰ ন্যায়াধীশ হিমা কোহলি আৰু সূৰ্য কান্তে প্ৰদান কৰা এই নিৰ্দেশত  প্ৰচণ্ড জোকাৰণি খাইছে মোদী চৰকাৰে৷ উচ্ছতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে বুধবাৰে প্ৰদান কৰা এই ঐতিহাসিক ৰায়দানত কয়, এই আইনখনৰ পুনৰ্বিবেচনা নকৰালৈকে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত দেশৰ কোনো নাগৰিকক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব, ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত কোনো গোচৰ ৰুজু কৰিব নোৱাৰিব, এই আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কাৰাবাস ভুগি থকা সকলো অভিযুক্তই জামিনৰ বাবে আবেদন জনাব পাৰিব, ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত চলাই থকা তদন্ত অবিলম্বে বন্ধ কৰিব লাগিব, ৰাষ্ট্ৰদ্ৰোহ আইনৰ অধীনত চলি থকা আৰু বাকী থকা সকলো গোচৰৰ বিচাৰ এই নিৰ্দেশৰ ফলত খাৰিজ হ’ব, ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ৰাষ্ট্ৰই বন্দী কৰি ৰখা সকলো অভিযুক্তক অবিলম্বে মুক্তি প্ৰদান কৰিব লাগিব, ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত দ্ৰোষী সাব্যস্ত হৈ বন্দী হৈ থকা সকলোকে অবিলম্বে মুক্তি দিব লাগিব, দেশৰ সকলো আদালতত চলি থকা যিকোনো ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ শুনানি লগে লগে বন্ধ কৰিব লাগিব, কোনো আদালতে, কোনো ন্যায়াধীশে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগৰ গোচৰত নতুনকৈ শুনানি গ্ৰহণ আৰু ৰায় দিব নোৱাৰিব৷ 

নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা ৮ বছৰত উদ্দেশ্যপ্ৰণোদিতভাৱে ব্যৱহাৰ কৰা বুলি অভিযোগ উঠা এই ব্ৰিটিছে বলৱৎ কৰি যোৱা ৰাষ্ট্ৰদ্ৰোহ আইনখন এতিয়াও বলৱৎ কৰিব লাগে বুলি উচ্ছতম ন্যায়ালয়ত শপতনামা দাখিল কৰি আবেদন জনাইছিল কেন্দ্ৰীয় চৰকাৰে৷ তাৎপৰ্যপূৰ্ণ যে নৰেন্দ্ৰ মোদী চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালত ৰাষ্ট্ৰদ্ৰোহ আইনৰ [১২৪ এ] অধীনত দেশৰ আদালততত ৮০০ ৰো অধিক গোচৰ চলি আছে আৰু ১৩,০০০ জন ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰদ্ৰোহী বুলি অভিযোগ কৰি কাৰাগাৰত বন্দী কৰি ৰাখিছে৷ মঙলবাৰে হোৱা শুনানিত মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছিল যে– তেওঁলোকে এতিয়াও এই আইনখন দেশত বলৱৎ হৈ থকাটো বিচাৰে নেকি? অথবা তেওঁলোকে এই আইনখনৰ পুনৰ্বিবেচনা কৰাৰ বাবে আগবাঢ়িব নেকি? তদুপৰি কেন্দ্ৰীয় চৰকাৰে এই আইনৰ অধীনত ৰুজু হোৱা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া স্থগিত ৰখা তথা ৰাজ্যসমূহক এই আইনৰ অধীনত নতুনকৈ কোনো গোচৰ ৰুজু নকৰিবলৈ নিৰ্দেশ দিয়াৰ ইচ্ছা আছেনেকি বুলি বিচাৰপীঠে  কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছিল৷ সেই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ হৈ এটৰ্নী জেনেৰেল কে কে বেণুগোপাল আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই শপতনামা দাখিল কৰি কয় যে কেন্দ্ৰই ৰাষ্ট্ৰদ্ৰোহ আইনখন অব্যাহত থকাটো বিচাৰে৷ এই আইনখন পুনৰ্বিবেচনা কৰাৰ কোনো যুক্তি নাই৷ কিয়নো এতিয়াৰে পৰা ছয়দশক পূৰ্বে ১৯৬২ চনত কেদাৰনাথ সিং বনাম বিহাৰ চৰকাৰৰ গোচৰত উচ্ছতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে আইনখনৰ সপক্ষে ৰায়দান কৰিছিল৷ সেয়ে এতিয়া সৰ্বোচ্ছ আদালতৰ তিনিজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত নতুনকৈ ৰায় প্ৰদান কৰাৰ কোনো এক্তিয়াৰ নাই আৰু পাঁচজনীয়া বিচাৰপীঠৰ সেই ৰায় এতিয়াৰ তিনিজনীয়া বিচাৰপীঠৰ ক্ষেত্ৰত প্ৰযোজ্য৷ উচ্ছতম ন্যায়ালয়ে এই সন্দৰ্ভত কোনো নতুন বিচাৰ-বিবেচনা নকৰাকৈ ১৯৬২ চনৰ সৰ্বোচ্ছ আদালতৰ ৰায়কে বাহাল ৰাখক বুলি মোদী চৰকাৰৰ হৈ দুয়োজন অধিবক্তাই আদালতত যুক্তি দাঙি ধৰিছিল৷ প্ৰয়োজনবোধে এই আইনখন প্ৰয়োগৰ ক্ষেত্ৰত সৰ্বোচ্ছ আদালতে নতুন নিৰ্দেশিকা জাৰি কৰিলেও আইনখন বাহাল ৰখাটোৱেই কেন্দ্ৰীয় চৰকাৰে বিচাৰিছে বুলি কে কে বেণুগোপাল আৰু তুষাৰ মেহতাই উচ্ছতম ন্যায়ালয়ৰ বিচাৰপীঠক মোদী চৰকাৰৰ মনোভাব স্পষ্টভাৱে জনাইছিল৷ 

পিচে নৰেন্দ্ৰ মোদী চৰকাৰৰ এই শপতনামা সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰে মুখ্য ন্যায়াধীশ ৰামান্না নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে৷ তেওঁলোকে ব্ৰিটিছৰ আমোলৰ এই আইনখন এতিয়াও দেশত একেধৰণে প্ৰয়োগ হৈ থকাটো অনুচিত বুলি বিবেচনা কৰে৷ ঔপনিবেশিক শাসন কালত শত্ৰু ৰাষ্ট্ৰৰ চৰকাৰে অৰ্থাৎ ব্ৰিটিছে পৰাধীন ভাৰতবাসীৰ ওপৰত যিখন ৰাষ্ট্ৰদ্ৰোহৰ আইনেৰে অত্যাচাৰ চলাইছিল আৰু মহাত্মা গান্ধীকে ধৰি দেশৰ স্বাধীনতা সেনানীক এই আইনৰ জৰিয়তে কাৰাবন্দী কৰি ৰাখিছিল, সেই আইনখন কেন্দ্ৰীয় চৰকাৰক পুনৰ্বিবেচনা কৰিবলৈ তিনিজনীয়া বিচাৰপীঠে নিৰ্দেশ দিয়ে৷ তেওঁলোকে স্পষ্টভাৱে জনাই যে– এই আইনখন কেন্দ্ৰীয় চৰকাৰে পুনৰ্বিবেচনা নকৰা পৰ্যন্ত উচ্ছতম ন্যায়ালয়ে স্থগিত ৰাখিবলৈ অন্তৰ্ৱৰ্তীকালীন ৰায় প্ৰদান কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে যেতিয়ালৈকে এই কুখ্যাত আইনখন পুনৰ্বিবেচনা নকৰে তেতিয়ালৈকে মুখ্য ন্যায়াধীশ ৰামান্না নেতৃত্বাধীন উচ্ছতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে বুধবাৰে প্ৰদান কৰা ৰায় বাহাল থাকিব৷ 

বিগত ৮ বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে ব্ৰিটিছৰ আমোলৰ এই কুখ্যাত আইনখন অসংখ্য চৰকাৰবিৰোধী লোকৰ ওপৰত অৱলীলাক্ৰমে প্ৰয়োগ কৰিছিল৷ চৰকাৰক সমালোচনা কৰা কোনো বুদ্ধিজীৱী, সমাজকৰ্মী, আন্দোলনকাৰী, সাংবাদিক নিৰ্বিশেষে সকলোৰে বিৰুদ্ধে এই আইনখন প্ৰয়োগ কৰিছিল নৰেন্দ্ৰ মোদী চৰকাৰে৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ এনে কাৰ্যকলাপত অসন্তুষ্ট হৈ উচ্ছতম ন্যায়ালয়ত ৰাষ্ট্ৰদ্ৰোহ আইনৰ বিৰুদ্ধেই আবেদন জনায় প্ৰাক্তন সেনা, ৰাজনীতিক, সাংবাদিক আৰু সমাজকৰ্মীয়ে৷ ভাৰতীয় সেনা বাহিনীৰ প্ৰাক্তন মেজৰ জেনেৰেল এছ জি ভম্বাতকেৰে, এডিটৰ গীল্ড অব ইণ্ডিয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰি, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ, সাংবাদিক অনিল চামাদিয়া, পি ইউ চি এল নামৰ এটা সাংবাদিক সংগঠন, পদ্মশ্ৰী সন্মানপ্ৰাপ্ত মেঘালয়ৰ সাংবাদিক পেট্ৰিচিয়া মুখিম, অনুৰাধা ভাচিন আৰু অসমৰ সাংবাদিক সংগঠন জাৰ্ণেলিষ্ট ইউনিয়ন অব আছামে এই আইনখনৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে দীৰ্ঘদিন এই সন্দৰ্ভত প্ৰতিবাদ কৰিও কোনো সঁহাৰি নোপোৱাত সমাজকৰ্মী-সাংবাদিকৰ সংগঠন আৰু কেইবাজনো সচেতন সাংবাদিকে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লয়৷ এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিক, দেশৰে পৰিচিত শ্বিলঙৰ মহিলা সাংবাদিক পেট্ৰিচিয়া মুখিম আৰু অসমৰ সাংবাদিক সংগঠন জাৰ্ণেলিষ্ট ইউনিয়ন আছামে আগভাগ লোৱাতো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য, উচ্ছতম ন্যায়ালয়ে ৰাষ্ট˜দ্ৰোহৰ আইনখন স্থগিত ৰখাৰ নিৰ্দেশক অসমৰ ৰাজনৈতিক দল ৰাইজৰ দলে আদৰণি জনাইছে৷ তেওঁলোকৰ মতে সৰ্বোচ্ছ আদালতৰ এই ৰায় ভাৰতৰ গণতন্ত্ৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত মাইলৰ ফলক হৈ ৰ’ব৷