Logo
image

ফ্ৰীজত অতিৰিক্ত বৰফ জমা হ’লে এইখিনি কৰক

আজি কালি প্ৰায়ভাগ লোকৰ ঘৰতে ফ্ৰীজ থাকে৷ ফ্ৰীজত দীৰ্ঘদিনলৈ খাদ্য বস্তু সংৰক্ষণ  কৰা হয়৷ কিন্তু ফ্ৰীজৰ ব্যৱহাৰত যিমানেই সুবিধা, সিমানেই অসুবিধাও আছে৷ দেখা যায় যে কেতিয়াবা কেতিয়াবা বহুতৰে ফ্ৰীজত দুই-তিনিদিনৰ মূৰে মূৰে বৰফৰ ডাঠ আচ্ছাদন পৰে৷ এনেকুৱা হ’লে ফ্ৰীজত ৰখা বস্তু উলিয়াই অনাটো কঠিন হৈ পৰে৷ তদুপৰি  অত্যধিক বৰফৰ বাবে ফ্ৰীজত খাদ্য ৰখাটোও সমস্যা হৈ পৰে৷  এনে ক্ষেত্ৰত বৰফ আঁতৰাই তাপমাত্ৰা হ্ৰাস কৰিলেও একো ফল পোৱা নাযায়৷ 

কিন্তু কিছুমান উপায় আছে, যিবোৰ কৰিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়৷ উল্লেখ কৰা হ’ল ফ্ৰীজত অতিৰিক্ত বৰফ জমা হোৱাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়–

[১] প্লাষ্টিক বা কাঠৰ চামুচেৰে বৰফ পৰিষ্কাৰ কৰক৷  এনে  চামুচেৰে বৰফ পৰিষ্কাৰ কৰিলে ফ্ৰীজটোত আঘাত পোৱাৰ সম্ভাৱনা কমে৷ লগতে গেছলাইন বা গেছ পাইপ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা নাথাকে৷ 

[২] থাৰ্মোষ্টেট যদি সঠিক তাপমাত্ৰাত [শূন্য ডিগ্ৰী ফাৰেনহাইট] নাথাকে তেনেহ’লে অতিৰিক্ত বৰফ জমা হ’ব পাৰে৷ সেয়ে প্ৰতি সপ্তাহত  এবাৰ ফ্ৰীজটোৰ থাৰ্মোষ্টেট পৰীক্ষা কৰক৷ যদি আপোনাৰ ফ্ৰীজটোত থাৰ্মোমিটাৰ নাই তেন্তে সেয়া স্থাপন কৰি লওক৷ 

[৩] বেৰৰ সৈতে ফ্ৰীজটো লগাই নাৰাখিব৷ বেৰৰ পৰা অন্ততঃ এফুট ব্যৱধানত ৰাখক ফ্ৰীজটো৷

[৪] ফ্ৰীজটো খোলাৰ পাছত দুৱাৰ ভালদৰে জপাবলৈ নাপাহৰিব৷ 

[৫] গৰমে গৰমে কোনো খাদ্য ফ্ৰীজত নাৰাখিব৷ গৰম খাদ্য ফ্ৰীজত ৰাখিলে অতিৰিক্ত বৰফ জমা হয়৷ সেয়ে গৰম খাদ্য সম্পূৰ্ণৰূপে ঠাণ্ডা হোৱাৰ পাছতহে ফ্ৰীজত ৰখা কৰক৷ 

[৬] ফ্ৰীজটো অভেন, ৱাটাৰ হিটাৰ বা গেছ ষ্টোভৰ ওচৰত নাৰাখিব৷